অসমৰ ছটা জনগোষ্ঠী —- তাই-আহোম, মৰাণ, মটক, চুতীয়া,চাহ জনগোষ্ঠী -আদিবাসী আৰু কোঁচ -ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত অসমত দীৰ্ঘদিন ধৰি আন্দোলন সংগঠিত হৈ আছে। ইয়াৰ সমৰ্থনত অসম বিধান সভাই পূৰ্বতে সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ লৈ প্ৰেৰণ কৰিছে। কিন্তু অনুসূচীকৰণৰ প্ৰতিশ্ৰুতিৰে কেইবাটাও নিৰ্বাচনত জয়ী হোৱা বিজেপিয়ে কাৰ্যক্ষেত্ৰত জনজাতিকৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ব্যাপক জনমতৰ হেঁচাত ২০১৯ চনত ৰাজ্যসভাত এই সম্পৰ্কে এখন বিল উত্থাপন কৰা হ’ল যদিও তাক গৃহীত নকৰি পৰামৰ্শ দিয়াৰ কাৰণে এটা মন্ত্ৰীসভাৰ গোট(Group of Ministers) গঠন কৰি দিয়া হ’ল। এই মন্ত্ৰীসভা গোটৰ মুৰব্বী, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬মাহৰ ভিতৰত প্ৰতিৱেদন দিয়া হ’ব বুলি ঘোষণা কৰিছিল।
পিছে ৬ বছৰ উকলি যোৱাৰ পাছতো প্ৰতিৱেদন দাখিল নকৰিলে। বিজেপি চৰকাৰৰ এই বিশ্বাসঘাতকতাৰ প্ৰতিবাদত আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এতিয়া ৰাজ্যখনৰ সৰ্বত্ৰ প্ৰতিবাদী আন্দোলন সংগঠিত হৈছে। মৰাণ জনগোষ্ঠীৰ ৰাইজৰ মাজত ব্যাপক জনজাগৰণ হৈছে আৰু জনজাতিকৰণৰ দাবীত হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহিছে। এতিয়া উজনি অসমৰ বিভিন্ন ঠাইত মৰাণ,মটক, চুতীয়া,তাই-আহোম,চাহ জনগোষ্ঠী-আদিবাসীৰ জনজাতিকৰণৰ দাবীত বিশাল সভা-সমদল দেখিবলৈ পোৱা গৈছে। নামনি অসমৰ বিভিন্ন ঠাইত বিশেষকৈ কোঁচ -ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদী আন্দোলন সংগঠিত হৈছে। কিন্তু বিজেপি চৰকাৰে জনজাতিকৰণৰ বাবে ক্ষিপ্ৰতাৰে ফলপ্ৰসূ ব্যৱস্থা লোৱাৰ সলনি দমন-নিপীড়নৰ নীতিহে গ্ৰহণ কৰিছে। ইয়াৰে পৰিণতিত ১০ছেপ্টেম্বৰত গোলোকগঞ্জত আন্দোলনকাৰীৰ ওপৰত নিৰ্বিচাৰ লাঠি চালনাৰ ফলত দুই শতাধিক লোক আহত হৈছে, আহত কেইবাজনৰো অৱস্থা গুৰুতৰ বাবে হস্পিতালত চিকিৎসাধীন হ’বলগীয়া হৈছে।
এতিয়া গণ আন্দোলনৰ প্ৰাবল্য আৰু জনৰোষ প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নানান বিভ্ৰান্তিমূলক আৰু অৰ্থহীন কথা ক’ব ধৰিছে।
চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে অসমৰ ছয় জনগোষ্ঠীৰ অনুসূচীকৰণৰ বাবে তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় আৰু বিজেপি চৰকাৰৰ ওচৰত দাবী জনাইছে।
চিপিআই(এম)-এ প্ৰথমৰে পৰা এই দাবীক সমৰ্থন কৰি আহিছে আৰু বৰ্তমানে থকা জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠীৰ অনুসূচীকৰণৰ বাবে সংবিধানৰ প্ৰয়োজনীয় সংশোধন কৰাৰ বাবে মত প্ৰকাশ কৰি আহিছে।
ছয় জনগোষ্ঠীৰ অনুসূচীকৰণৰ বাবে চলা শান্তিপূৰ্ণ, গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চিপিআই(এম)-এ দলৰ পূৰ্ণ সমৰ্থন পুনৰবাৰ ব্যক্ত কৰিছে।