ফোনপেৰ ওপৰত আৰ বি আইয়ে জৰিমনা বিহিছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে ফিনটেক কোম্পানী ফোনপেক ২১ লাখ টকাৰ জৰিমনা বিহিছে। প্ৰিপেইড পেমেণ্টৰ সৈতে জড়িত কিছুমান নিয়ম সঠিকভাৱে পালন নকৰাৰ বাবে কেন্দ্ৰীয় বেংকে এই পদক্ষেপ গ্ৰহণ কৰিছে।
আৰ বি আইয়ে জনোৱা মতে, ২০২৩ চনৰ অক্টোবৰৰ পৰা ২০২৪ চনৰ ডিচেম্বৰলৈকে কোম্পানীটোৰ কাম-কাজৰ সম্পূৰ্ণ নিৰীক্ষণ কৰা হৈছিল।
পৰিদৰ্শন আৰু চিঠিপত্ৰৰ ভিত্তিত কোম্পানীটোক জাননী জাৰি কৰি কাৰণ দৰ্শাবলৈ কোৱা হয়। PhonePe-এ দিয়া উত্তৰ আৰু অতিৰিক্ত জমা দাখিল কৰাৰ পিছত আৰ বি আইয়ে অভিযোগ শুদ্ধ বুলি বিবেচনা কৰি শাস্তি প্ৰদান কৰে।
আৰ বি আইয়ে স্পষ্ট কৰি দিয়ে যে কেইবাবাৰো কোম্পানীটোৰ এচক্ৰ’ একাউণ্টত থকা বেলেঞ্চ প্ৰিপেইড পেমেণ্ট প্ৰডাক্ট (পি পি আই) আৰু ব্যৱসায়ীক প্ৰদান কৰিবলগীয়া ধনৰ তুলনাত কম আছিল আৰু এই অভাৱ সময়মতে আৰ বি আইক জনোৱা হোৱা নাছিল।
কিন্তু এই জৰিমনা কেৱল অমান্যতাৰ কাৰণৰ ওপৰত ভিত্তি কৰি কৰা হৈছে আৰু ইয়াৰ ফলত কোম্পানীয়ে গ্ৰাহকৰ সৈতে হোৱা লেনদেন বা চুক্তিৰ বৈধতাত কোনো প্ৰভাৱ নপৰে। উল্লেখ্য যে RBI য়ে ইতিপূৰ্বেও PhonePe ৰ ওপৰত জৰিমনা বিহিছে। ২০১৯ চনত বিদেশী পৰ্টফলিঅ’ বিনিয়োগকাৰী (এফপিআই)ৰ সৈতে জড়িত নিয়মসমূহ অমান্য কৰাৰ বাবে ১ কোটি টকা জৰিমনা বিহা হৈছিল আৰু ২০২০ চনত নিয়ন্ত্ৰণমূলক নীতি-নিয়ম উলংঘা কৰাৰ বাবে ১.৩৯ কোটি টকা জৰিমনা বিহা হৈছিল।