দহ বছৰৰ বিৰতিৰ পিছত নতুন দিল্লীৰ ইন্দিৰা ভবনত কংগ্ৰেছত যোগদান কৰাৰ পিছতেই পূৰ্বৰ বিজেপি বিধায়ক বিনন্দ শইকীয়াই ছিপাঝাৰলৈ আহি শাসকদলক তীব্ৰভাৱে সমালেচনা কৰে। ছিপাঝাৰত আয়োজিত এক সম্বৰ্দ্ধনা সভাত অংশগ্ৰহণ কৰি তেওঁ কংগ্ৰেছক শক্তিশালী কৰি অনাগত দিনত নানা প্ৰকাৰে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ তৎপৰ হ’ব বুলি ঘোষণা কৰে।
বিনন্দ শইকীয়াই কয়, “দীৰ্ঘ ১০ বছৰৰ অন্তত মই কংগ্ৰেছত যোগদান কৰিলো। প্ৰদেশ কংগ্ৰেছে আমাক আদৰণি জনাইছে সাংসদ, বিধায়ক সকল আহি সহায় কৰিছে। আজ প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ জৰিয়তে ছিপাঝাৰ সমষ্টিৰ পৰা নতুন যাত্ৰা আৰম্ভ কৰিছো।” তেওঁ আজি উপস্থিত কৰ্মীসকলৰ উৎসাহ আৰু বৃহৎ জনসমর্থন প্ৰশংসা কৰে আৰু কয় হাজাৰ হাজাৰ লোকে বাইক লৈ তেওঁক আদৰিবলৈ ওলাইছে।
তেওঁ কয় যে এতিয়া দল উজ্জীবিত হৈছে। এই শক্তিক লৈ আমি সাম্প্ৰদায়িকতাবিৰোধী, ধৰ্মভিত্তিক ৰাজনীতিবিৰোধী, দুর্নীতিবিৰোধী আৰু ছিণ্ডিকেটবিৰোধী অভিযান কৰিবলৈ সাজু।”
তেওঁ বিজেপিৰ ওপৰত আক্ৰমণ কৰি কয়, “বিজেপিয়ে টকা-পইচা আৰু অৰ্থসৰ্বস্ব ৰাজনীতি কৰে। সাধাৰণ মানুহ মহিলা, কৃষক, ছাত্ৰ-যুৱক এতিয়া অতিষ্ঠ। ধনবল আৰু বাহুবলৰ জোৰতে ৰাজনীতি চলিব নোৱাৰে। আমি এই চৰণি-ধৰণিৰ ৰাজনীতিক শেষ কৰি দিম।”
লগতে প্ৰকাশ কৰে যে বহু কৰ্মীয়ে তেওঁক ফোন কৰি কংগ্ৰেছত যোগদানৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু দুৰ্গা পূজাৰ পাছত প্ৰদেশ সভাপতি গৌৰৱ গগৈ আহি বৃহৎ যোগদানৰ ঘোষণা কৰিব বুলি তেওঁ মতপোষণ কৰিছে। তেওঁ কয়, “এই সভাত হাজাৰ হাজাৰ লোকে কংগ্ৰেছত যোগদান কৰিব। কংগ্ৰেছ আকৌ শক্তিশালী হৈ ২০২৬লৈ আগবঢ়িব।”
প্ৰস্থানৰ সম্বৰ্ধনা ৰেলীৰ বাবে প্ৰশাসনে অনুমতি নকৰাৰ বাবে অভিযোগ কৰে যে অনুষ্ঠানত বাধাৰ কাৰণ শাসকদলৰ ষড়যন্ত্ৰ। “প্ৰায় ২–৩ হাজাৰ বাইক আৰু ২০০ৰো অধিক গাড়ী উপনীত হৈছিল। বহু লোক ডুমুনীচকীত আমাক আদৰিবলৈ ৰৈ আছিল; তথাপি ষড়যন্ত্ৰমূলকভাৱে বাধা দিয়া হৈছিল। আমি অনুমতিৰ বাবে আবেদন দিছিলো, অথচ বাতিল কৰা হৈছে, এইটো শাসক পক্ষৰ ষড়যন্ত্ৰ,” তেওঁ মন্তব্য কৰে। শেষত তেওঁ কয় “মই কাকো ব্যক্তিগতভাৱে সমালোচনা কৰা নাই; কিন্তু সময় অহাৰ লগে লগে সকলো কথা প্ৰকাশ পাব।