মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পাৰ্থপ্ৰতীম বৰ্মনে পত্নীক বিবাহ বিচ্ছেদ দি বিয়া কৰোৱাৰ ভুৱা প্ৰতিশ্ৰুতিৰে এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগীয়ে শেহতীয়াকৈ দাখিল কৰা এজাহাৰত এই কথা পোহৰলৈ আহিছে।
ধুবুৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিচাপে নিযুক্ত হোৱাৰ কিছু দিনৰৰ পিছতে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহৰ পৰাই এই শাৰীৰিক যোন নিৰ্যাতন আৰম্ভ হৈছিল বুলি জানিব পৰা গৈছে।
মহিলাগৰাকীয়ে উল্লেখ কৰিছে যে বৰ্মনে বাৰে বাৰে পত্নীৰ পৰা পৃথক হ’ব বুলি তেওঁক আশ্বাস দিছিল, যাৰ বাবে তেওঁ বিশ্বাস কৰি শাৰীৰিক সম্পৰ্কত সোমাই পৰিছিল।
মহিলাগৰাকীয়ে অভিযুক্তৰ বিৰুদ্ধে শীঘ্ৰে অনুশাসনমূলক ব্যৱস্থা তথা নিৰপেক্ষ তদন্তৰ দাবী জনাইছে । তেওঁৰ দাবী প্ৰমাণ কৰিবলৈ ৰেকৰ্ডেড কথোপকথনকে ধৰি যথেষ্ট প্ৰমাণ আছে বুলিও তেওঁ জনায়।
অভিযোগকাৰীয়ে কয়, ‘মিছা প্ৰতিশ্ৰুতিৰে মোক প্ৰতাৰণা কৰা হৈছে, কিন্তু মই সন্মুখীন হোৱা ভাবুকি আৰু হেঁচা সত্ত্বেও ন্যায়ৰ বাবে যুঁজিবলৈ দৃঢ়প্ৰতিজ্ঞ।’
মহিলাগৰাকীৰ অভিযোগ যে এই আশ্বাসবোৰ মিছা আৰু প্ৰতাৰণামূলক আছিল, বৰ্মনৰ পত্নীক বিবাহ বিচ্ছেদ কৰাৰ কোনো উদ্দেশ্য নাছিল।
অভিযোগত আৰু উল্লেখ কৰা হৈছে যে ২০২৫ চনৰ আগষ্ট মাহত বৰ্মনে তেওঁৰ পত্নী এচিএছ বিষয়া দেবসেনা বৰ্মনৰ সৈতে মহিলাগৰাকীৰ বিৰুদ্ধে ভাবুকি দিবলৈ আৰম্ভ কৰিছিল।
ভুক্তভোগীয়ে দাবী কৰে যে দুয়োজন বিষয়াই গোচৰটো আগবঢ়াই নিলে তেওঁৰ সুনাম নষ্ট কৰাৰ ভাবুকি দিছিল, যাৰ ফলত হাৰাশাস্তি আৰু ভয়-ভাবুকি দেখুৱাই থাকে। মহিলাগৰাকীয়ে ৰাজহ মন্ত্ৰীৰ ওচৰত গোচৰ দাখিল কৰি মানকাচৰৰ উপ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ কাষ চাপিছে। দুয়োজন বিষয়াই ভুক্তভোগীক নিৰপেক্ষভাৱে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া বুলি জানিব পৰা গৈছে।