আজি বৰপেটাৰ চেঙাৰ শুভাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ চৌহদত এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। মধ্য কামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাই সম্পাদনা কৰিছে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থখন।
অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰ নৃতত্ত্ব বিভাগৰ মূৰব্বী অধ্যাপকড° মৃদুস্মিতা গোস্বামীয়ে৷ কাৰ্যসূচীত বিশিষ্ট অতিথি, অধ্যাপক- অধ্যাপিকা, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী আৰু দুয়োজন যুৱ সম্পাদকৰ অভিভাৱক উপস্থিত থাকে।
জাতীয় সংগীত পৰিবেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানত আনুষ্ঠানিকভাৱে অধ্যক্ষতা কৰে মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গোপেশ কুমাৰ শৰ্মাই৷ বিশিষ্ট অতিথি হিচাপে বিবিকে কলেজৰ অধ্যক্ষ ড° প্ৰদীপ দাস আৰু সন্মানীয় অতিথি হিচাপে মধ্য কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষ বানেশ্বৰ বেজবৰুৱা আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ৰিপুঞ্জয় ডেকা উপস্থিত থাকে।
মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক ২য় বৰ্ষৰ ছাত্ৰী প্ৰিয়দৰ্শনা দাসে এটি ভক্তিমূলক মংগলা চৰণ পৰিৱেশন কৰে। ইয়াৰ পিছতে মধ্য কামৰূপ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা অৰ্পিতা সিংহাই (গ্ৰন্থখনৰ অন্যতম সম্পাদক) আদৰণি ভাষণ প্ৰদান কৰি গ্ৰন্থখনৰ আঁৰৰ দৃষ্টিভংগীক উজ্জ্বল কৰি তোলে। ইয়াৰ পাছতে গ্ৰন্থ উন্মোচন কৰাৰ লগতে সকলোৱে নিজৰ বক্তব্য প্ৰদান কৰে৷ শেষত সহকাৰী অধ্যাপক দীপজ্যোতি দাসৰ শলাগৰ শৰাইৰে কাৰ্যসূচীৰ সামৰণি পৰে৷