বিশ্বজুৰি মৃত্যু হোৱা ৰোগসমূহৰ ভিতৰত হৃদৰোগ অন্যতম প্ৰধান কাৰণ। শেহতীয়াকৈ হাৰ্ট এটেকৰ ঘটনা বৃদ্ধি পাইছে আৰু চিকিৎসা বিশেষজ্ঞসকলে কৈছে যে নিশা বা পুৱতি নিশাৰ সময়ত ইয়াৰ সম্ভাৱনা দুগুণ বৃদ্ধি পায়। বিশেষকৈ ভোৰ ৪ বজাৰ পৰা আগপৰ্যন্ত হাৰ্ট এটেকৰ আশংকা বেছি দেখা যায়। এই বিপদজনক পৰিস্থিতিৰ আঁৰত একাধিক কাৰণ কাম কৰিছে।
কিয় নিশা বা পুৱতি নিশাত হাৰ্ট এটেকৰ আশংকা বেছি?
১. সময়ৰ চাপ (Biological Clock Effect):
শৰীৰ নিশা জিৰণি লৈ থাকে, কিন্তু ভোৰৰ লগে লগে হঠাতে ৰক্তচাপ আৰু হৃদস্পন্দন বৃদ্ধি পায়। উচ্চ ৰক্তচাপ বা ধমনীৰ ব্লক থকা লোকৰ বাবে এই চাপ বিপদজনক হয়।
২. তেজ জমা হোৱাৰ সম্ভাৱনা:
শুই থকা অৱস্থাত তেজৰ সঞ্চালন লেহেমীয়া হয়। ইয়াৰ ফলত প্লেটলেট জমা হৈ ক্লট সৃষ্টি হোৱাৰ আশংকা বাঢ়ে। এই ক্লটে হৃদযন্ত্ৰৰ ধমনী বন্ধ কৰিলে হাৰ্ট এটেক ঘটিব পাৰে।
৩. মানসিক চাপ আৰু টোপনিৰ ব্যাঘাত:
অধিক চাপ, উদ্বেগ বা স্লিপ এপনিয়া থকা লোকৰ টোপনি সঘনাই ভঙে। এই ব্যাঘাতে হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত হেঁচা দিয়ে আৰু নিশাৰ সময়তে আক্ৰমণৰ সম্ভাৱনা বৃদ্ধি কৰে।
৪. শিথিল অৱস্থা:
শৰীৰ শিথিল অৱস্থাত থাকোতে হঠাৎ উঠা-বহাৰ দৰে কাৰ্যত হৃদযন্ত্ৰৰ ওপৰত টান পৰে। ব্লক থকা লোকৰ বাবে এই পৰিস্থিতি বিপজ্জনক।
৫. ঠাণ্ডাৰ প্ৰভাৱ:
ঠাণ্ডাত ৰাতি ৰক্তবাহী নলী সংকুচিত হয় আৰু ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত হেঁচা পৰে আৰু আক্ৰমণৰ আশংকা বাঢ়ে।
৬. জীৱনশৈলী আৰু খাদ্যাভ্যাস:
নিশা গধুৰ আহাৰ খোৱা, মদ্যপান, ধূমপান, দেৰিকৈ শুই যোৱা আদি অভ্যাসও হাৰ্ট এটেকৰ বিপদ বহুগুণে বৃদ্ধি কৰে।
হাৰ্ট এটেক প্ৰতিৰোধৰ সহজ টিপছ-
- প্রতিদিনে কমেও ৭ ঘণ্টা পৰ্যাপ্ত টোপনি কৰক।
- মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে যোগ বা ধ্যান কৰক।
- ৰাতি লঘু আৰু সুষম আহাৰ গ্ৰহণ কৰক।
- নিয়মিত ব্যায়াম আৰু খোজ কঢ়া অভ্যাস কৰক।
- ধূমপান আৰু মদৰ পৰা আঁতৰি থাকক।
সতৰ্কবাণী: এই প্ৰবন্ধটোত উল্লেখ কৰা তথ্যসমূহ কেৱল সচেতনতা বৃদ্ধি কৰাৰ বাবে। কোনো ধৰণৰ সমস্যা অনুভৱ কৰিলে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ লওক