• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভাতৃক হেৰুৱালোঁ’, জুবিনৰ মৃত্যুত বাকৰুদ্ধ পাপন; শোকস্তব্ধ বলীউডো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2025 9:33 am
1.3k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউডত নিজৰ নাম উজলাই তুলিছিল জুবিন গাৰ্গে। এজন প্ৰচাৰ-বিমুখ ব্যক্তি। হিন্দী চলচ্চিত্ৰ জগতত জনপ্ৰিয়তা অৰ্জন কৰিলেও তেওঁ নিজৰ অসমৰ শিপা পাহৰা নাছিল। সংগীতৰ স্বাৰ্থতে ছিংগাপুৰলৈ গৈ আৰু জীৱন্তে ঘুৰি নাহিল জুবিন।

জুবিনক হেৰুৱাই শোকত ভাগি পৰিছে সমগ্ৰ অসমবাসী। সংগীতৰ ৰাজপুত্ৰ গৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে কাহিলীপাৰাত তেওঁৰ ঘৰৰ সন্মুখত জনসমুদ্ৰ। তেওঁৰ অনুৰাগীসকল কান্দোনত ভাঙি পৰিল।

Apply Now

জুবিনক হেৰুৱাই পাপন, প্ৰীতম, বাদশাহ, অমল মালিক, বিশাল মিশ্ৰ, বিশাল দাদলানি, জীত গংগোপাধ্যায়কে ধৰি চলচ্চিত্ৰ জগতৰ বহু তাৰকাই সমবেদনা জ্ঞাপন কৰে।

জুবিনৰ মৃত্যু পাপনৰ বাবে এজন ভাতৃক হেৰুৱাৰ দৰে। কণ্ঠশিল্পীগৰাকীয়ে মন্তব্য কৰে- ‘বহুত মৰ্মান্তিক! জুবিন, এটা প্ৰজন্মৰ কণ্ঠ! ইমান সোনকালে তেওঁ গুচি গ’ল। মোৰ ভাষা হেৰাই গৈছে। বন্ধু এজনক হেৰুৱাই বাকৰুদ্ধ হৈ পৰিছো। মোৰ ভাতৃক হেৰুৱালো। এই মহা শূন্যতা পূৰণ নহ’ব। তেওঁৰ আত্মাৰ শান্তি কামনা কৰিছো।’

জুবিন গাৰ্গে প্ৰীতমৰ সংগীত পৰিচলনাত ‘গেংষ্টাৰ’ ছবিৰ ‘য়া আলী’ গীতটো গাই বলীউডত জনপ্ৰিয়তাৰ শিখৰত উপনীত হয়। দুটা দশকৰ পাছতো সেই গীতটোৱে দৰ্শকৰ মনত অনুৰণন ঘটায়। সংগীত জগতৰ সেই ‘ৰত্ন’ হেৰুৱাই স্তম্ভিত হৈ পৰে প্ৰীতম। সংগীত পৰিচালকগৰাকীৰ মন্তব্য, “এটা দুৰ্ঘটনাই জুবিনৰ জীৱন কাঢ়ি লৈ ​​গ’ল, ইয়াতকৈ ভয়ংকৰ আৰু দুৰ্ভাগ্যজনক খবৰ নাই। এতিয়াও মই মানি ল’ব পৰা নাই…. জুবিনৰ পত্নী গৰিমা আৰু তেওঁৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।”

সংগীত শিল্পী জুবিন নৌতিয়ালে শোক প্ৰকাশ কৰে, ‘জুবিন আপোনাৰ গীতবোৰে চিৰদিনৰ বাবে আমাৰ হৃদয়ত অনুৰণন ঘটাব। এটা প্ৰকৃত প্ৰতিভা বহুত সোনকালে গুচি গ’ল। তেওঁৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।’

এক্স হেণ্ডেলৰ পোষ্টত ৰেপাৰ বাদশাই লিখিছে, ‘জুবিন গাৰ্গক লগ পোৱা নাই যদিও তেওঁৰ গান শুনিছো। তেওঁৰ কাহিনী শুনিছোঁ। তেওঁৰ মৃত্যুৱে মোক এনেকৈ আঘাত দিব বুলি মই কেতিয়াও ভবা নাছিলো। শান্তিৰে জিৰণি লওক জুবিন দা।’

জুবিন গাৰ্গৰ মৃত্যুত ভাঙি পৰিছে আন এগৰাকী অসম সন্তান আদিল হুছেইন। অভিনেতাগৰাকীয়ে মন্তব্য কৰে যে, “চিংগাপুৰত সংঘটিত দুৰ্ঘটনাত জুবিনৰ হঠাৎ মৃত্যুৰ খবৰ পাই মই মৰ্মাহত হৈছো। আৰু সমানেই স্তম্ভিত হৈছো! অতি দুখৰ কথা। অসমীয়া সংগীত আৰু সংস্কৃতিলৈ তেওঁৰ অৱদান অসাধাৰণ। জুবিন তেওঁৰ গীতৰ জৰিয়তে চিৰদিনৰ বাবে আমাৰ মাজত থাকিব। তেওঁৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। যেতিয়ালৈকে আমি সিপাৰে লগ নাপাও, জুবিন, তেতিয়ালৈকে সুন্দৰ কণ্ঠৰে ভগৱানক সুখী কৰি ৰাখা।” গায়ক অমল মালিক আৰু বিশাল মিশ্ৰইও শোক প্ৰকাশ কৰিছে।

উল্লেখ্য যে জুবিন গাৰ্গৰ তিনি দশকজোৰা সংগীত জীৱনত ৪০টা ভিন্ন ভাষাত গান গোৱাৰ অভিলেখো আছে। জুবিনে ১২ ধৰণৰ বাদ্যযন্ত্ৰ বজোৱাতো পাৰ্গত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm
চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

চিকিৎসালয়ত উত্তৰ কোৰিয়াৰ দৰে বন্দী কৰি ৰাখিছিল : আৰু বহু ভয়ংকৰ অভিযোগ সোণম ৱাংছুকৰ

July 25, 2026 10:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd