অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ অসম শোকত ম্ৰিয়মান হৈ থকা সময়তে তেজপুৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনোধৰণৰ শোকসভা অনুষ্ঠিত নকৰাকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ভুৱা বাতৰি প্ৰচাৰ কৰা তথা উপাচাৰ্য শম্ভু নাথ সিঙে কাৰো মানসিক স্থিতিলৈ কেৰেপ নকৰি বিশ্ববিদ্যালয়ৰ দৈনিক কাম-কাজ গতানুগতিকভাৱে চলাই থকাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজে অনুষ্ঠিত কৰা বিক্ষোভৰ প্ৰতি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)-ৰ অসম ৰাজ্যিক কমিটিয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে।
শিল্পীগৰাকীৰ মৃত্যুত অসম চৰকাৰে তিনিদিনীয়া জাতীয় শোক ঘোষণা কৰাৰ পাছতো বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ দাবী অগ্ৰাহ্য কৰি ২০ ছেপ্টেম্বৰত ছাত্ৰ প্ৰতিনিধিৰ( student representative) নিৰ্বাচন অনুষ্ঠিত কৰে তথা পৰৱৰ্তী সপ্তাহৰ নিয়মীয়া পাঠদান বন্ধ নৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এনে প্ৰেক্ষাপটত শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকস্তব্ধ হৈ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ২১ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে শোকসভা অনুষ্ঠিত কৰিবলৈ বিচৰাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই তাৰ অনুমতি প্ৰদান কৰিবলৈ অস্বীকাৰ কৰে; বৰঞ্চ মহালয়াৰ উদযাপনতহে ব্যস্ত হৈ পৰে।
কিন্তু ইয়াৰ সমান্তৰালভাৱে বিশ্ববিদ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ভুৱা বাতৰি প্ৰকাশ পোৱাত তাৰ প্ৰতিক্ৰিয়া স্বৰূপে ছাত্ৰ-ছাত্ৰীৰ এটা দলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভু নাথ সিঙক উদ্দেশ্যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতা, স্বাধীন ছাত্ৰ একতা সভা গঠনৰ দাবীসহ ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন দাবী সন্নিৱিষ্ট এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সেই স্মাৰক পত্ৰৰো কোনো আনুষ্ঠানিক উত্তৰ নোপোৱাত ২১ ছেপ্টেম্বৰত ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয় চৌহদত এক প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। কিন্তু নিজৰ অগণতান্ত্ৰিক মানসিকতাৰ পৰিচয় দি উপাচাৰ্য শম্ভূ নাথ সিঙে প্ৰতিবাদী শিক্ষাৰ্থীক নিলম্বনৰ ভাবুকি প্ৰদান কৰে তথা এক ভিডিঅ’ কলযোগে “Don’t make things funny” বুলি এক তুলুঙা মন্তব্যহে আগবঢ়ায়।
এনেধৰণৰ মন্তব্যৰ পাছত ২২ ছেপ্টেম্বৰৰ সন্ধিয়া বিশ্ববিদ্যালয়ৰ শ-শ ছাত্ৰ-ছাত্ৰীয়ে দলে-বলে ওলাই আহি তুমুল প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত প্ৰতিবাদৰ ফলস্বৰূপে বাধ্য হৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উপাচাৰ্যগৰাকী উপস্থিত হয় যদিও উত্থাপিত বিসংগতিসমূহ স্বীকাৰ কৰাৰ পৰিৱৰ্তে উপাচাৰ্যগৰাকীয়ে নিজৰ স্থিতিতে অলৰ-অচৰ হৈ থকাত প্ৰতিবাদ আৰু তীব্ৰতৰ হৈ উঠে।
উল্লেখ্য যে দুবছৰ আগতে তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য পদ গ্ৰহণ কৰা শম্ভু নাথ সিঙে ২০১৩ চনত পাটনা বিশ্ববিদ্যালয়ত উপাচাৰ্য হৈ থাকোতেও ব্যাপক দুৰ্নীতিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেই সময়ৰ বিহাৰ উচ্চ শিক্ষা বিভাগৰ মুখ্য সচিব এছ শিৱ কুমাৰৰ এক ভাষ্য অনুসৰি পাটনা বিশ্ববিদ্যালয় আইন, ১৯৭৬-ৰ নিয়ম উলংঘা কৰি সিঙক উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছিল। কুমাৰে এই প্ৰশ্ন উত্থাপন কৰিছিল যে এখন বিশ্ববিদ্যালয়ত শিক্ষাবিদ হিচাপে ন্যূনতম ছয় বছৰৰ অভিজ্ঞতা নথকাকৈ সিঙক কেনেদৰে উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হ’ল। তেজপুৰ বিশ্বদ্যালয়ত উপাচাৰ্য পদ গ্ৰহণ কৰাৰ পাছত শম্ভু নাথ সিঙে বহুবছৰ ধৰি বিশ্ববিদ্যালয়ত চাকৰি কৰি অহা স্থানীয় কৰ্মচাৰীক সাধাৰণ অজুহাততে চাকৰিৰ পৰা অব্যাহতি দিয়াও পৰিলক্ষিত হৈছে। আনকি জুবিন গাৰ্গৰ মৃত্যুৰ দিনা শোকস্তব্ধ নিৰাপত্তাৰক্ষীৰ অনুপস্থিতিৰ বাবেও তেওঁলোকৰ দৰমহা কৰ্তন কৰা হৈছে।
আন এক উত্থাপিত অভিযোগ অনুসৰি উপাচাৰ্য শম্ভু নাথ সিঙৰ কাৰ্যকালতে নয়ডাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে বিশ্ববিদ্যালয়খনৰ সন্দেহজনক ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠিছে। ইয়াৰোপৰি বিশ্ববিদ্যালয়খনৰ কেইবাটাও পদৰ নিযুক্তি প্ৰক্ৰিয়াক লৈও সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে।
এনে পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীৰ গণতান্ত্ৰিক প্ৰতিবাদক আওকাণ কৰি স্বৈৰাচাৰী নীতি অৱলম্বন কৰি থকা উপাচাৰ্য শম্ভু নাথ সিঙৰ ভূমিকাক লৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই), অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। অসমৰ এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অসমৰ শৈক্ষিক আৰু সামাজিক জীৱন সম্পৰ্কে কোনো জ্ঞান নথকা আৰু ইয়াৰ স্বকীয়তা, আৱেগ-অনুভূতি প্ৰতি অকণো শ্ৰদ্ধা নথকা আৰু ব্যাপক দুৰ্নীতিৰ অভিযোগ থকা এজন ব্যক্তিক কেৱলআৰএছএছ-ৰ সৈতে সংযোগ থকাৰ বাবেই উপাচাৰ্য হিচাপে নিযুক্তি দিয়াটো অতি দুৰ্ভাগ্যজনক। ডি ৱাই এফ আয়ে সদায়ে এনে ৰাজনৈতিক পক্ষপাতিত্বমূলক নিযুক্তিৰ বিৰোধিতা কৰি আহিছে। মন কৰিবলগীয়া যে বিজেপি চৰকাৰৰ শাসনকালতে ইতিমধ্যে অসমৰ ২১ খন বিশ্ববিদ্যালয়ৰ ৮ খনতে পৰিকল্পিতভাৱে বহিৰাগত আৰু আৰএছএছ-ৰ ঘনিষ্ঠ ব্যক্তিক উপাচাৰ্য হিচাপে নিযুক্তি দিয়া হৈছে। ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ বিক্ষোভৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ লগতে অসম চৰকাৰৰ প্ৰতি দাবী জনাইছে যাতে অসমৰ বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যৰ নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা অৱলম্বন কৰা হয় আৰু অসমৰ যোগ্য শিক্ষাবিদসকলক বঞ্চিত কৰি ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে আৰএছএছ-ৰ আদৰ্শৰে পৰিপুষ্ট প্ৰাৰ্থীক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া বন্ধ কৰা হয়।





