• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিজে দিয়া অযোধ্যা ৰায়ৰ বিৰোধিতা প্ৰাক্তন ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ! কি ক’লে আইনজ্ঞগৰাকীয়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2025 3:22 pm
160
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে ২০১৯ চনত দিয়া অযোধ্যাৰ ৰায়দানৰ বিপৰীতে মন্তব্য কৰি নতুন বিতৰ্কৰ সৃষ্টি কৰিছে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে। শেহতীয়াকৈ স্বতন্ত্ৰ সংবাদ সংস্থা নিউজলণ্ড্ৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চন্দ্ৰচূড়ে উল্লেখ কৰে যে, ষোড়শ শতিকাত বাবৰি মছজিদ নিৰ্মাণ নিজেই আছিল এক মৌলিকভাৱে অপবিত্ৰ কাৰ্য্য (Desecration)।

স্মৰ্তব্য যে, ২০১৯ চনৰ নৱেম্বৰ মাহত অযোধ্যাৰ বিবাদিত স্থানত ৰাম মন্দিৰ নিৰ্মাণৰ পথ মুকলি কৰা পাঁচজনীয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ অংশ আছিল চন্দ্ৰচূড়।

Apply Now

কিন্তু সেই ৰায়দানত সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে স্পষ্টকৈ উল্লেখ কৰিছিল যে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ প্ৰতিবেদনত মছজিদৰ তলত এটা গাঁথনিৰ প্ৰমাণ পোৱা গৈছে যদিও বাবৰি মছজিদ নিৰ্মাণৰ বাবে সেই গাঁথনিক ভাঙি পেলোৱাৰ প্ৰমাণ পোৱা নাযায়। তদুপৰি সেই গাঁথনি আৰু মছজিদ নিৰ্মাণৰ মাজত কেইবা শতিকাৰ ব্যৱধান আছিল।

কিন্তু নিউজলণ্ড্ৰীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চন্দ্ৰচুড়ে কয়, “প্ৰত্নতাত্ত্বিক খননত যথেষ্ট প্ৰমাণ পোৱা গৈছে। এতিয়া, এই প্ৰমাণৰ আইনী তাৎপৰ্য্য এটা সুকীয়া বিষয়। কিন্তু মই মাত্ৰ ক‘ব বিচাৰিছো যে আমাৰ হাতত ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰমাণ আছে।”

সাক্ষাৎকাৰটোত জ্যেষ্ঠ সাংবাদিক শ্ৰীনিবাসন জৈনে চন্দ্ৰচূড়ক সুধিছিল, ‘ মছজিদৰ ভিতৰৰ চোতালখনক লৈ বিবাদৰ সৃষ্টি হৈছিল কাৰণ হিন্দুসকলে অপবিত্ৰীকৰণ বা ধ্বংসাত্মক কাণ্ড সংঘটিত কৰিছিল। আনহাতে মুছলমানসকলে বাহিৰৰ চোতালত এনেধৰণৰ একো কাম কৰা নাছিল, আনকি প্ৰতিবাদো কৰা নাছিল, এইটোৱেই তেওঁলোকৰ বিৰুদ্ধে প্ৰতিৰোধ কৰাৰ প্ৰায় ভিত্তি হিচাপে ব্যৱহাৰ কৰা হৈছিল। অৰ্থাৎ মুছলমান প্ৰতিৰোধ কৰা নাছিল, কিন্তু হিন্দুসকলে কৰিছিল, এইটোকে ৰায় দিয়াৰ এক সমালোচনাত্মক উপায় বুলি গণ্য কৰা হৈছিল।’

এই কথাত চন্দ্ৰচূড়ে উত্তৰ দিয়ে, ‘যেতিয়া আপুনি কয় যে হিন্দুসকলে ভিতৰৰ চোতালখন অপবিত্ৰ কৰিলে, তেতিয়া সেই মৌলিক অপবিত্ৰ কাৰ্য্যৰ কথা কি ক‘ব? মছজিদ নিৰ্মাণটোৱেই আছিল মৌলিক অপবিত্ৰতা। এই সকলোবোৰ পাহৰি যায় নেকি? আমি ইতিহাস পাহৰি যোৱা উচিত জানোঁ?’

চন্দ্ৰচূড়ে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ প্ৰতিবেদনৰ কথা উল্লেখ কৰে য’ত বাবৰি মছজিদৰ তলত দ্বাদশ শতিকাৰ হিন্দু গাঁথনি এটা বিদ্যমান বুলি উল্লেখ কৰা হৈছিল। চন্দ্ৰচূড়ে এই ঘটনাক ‘এটা ঐতিহাসিক পৰিঘটনাৰ স্বীকৃতি’ আৰু ‘প্ৰমাণ’ বুলি অভিহিত কৰে।

চন্দ্ৰচূড়ে কয়, ‘তেন্তে আপুনি কেনেকৈ চকু মুদিব? আচলতে আপুনি উল্লেখ কৰা বহু ধাৰভাষ্যকাৰে ইতিহাসক পৃথকভাৱে চায়। তেওঁলোকে এটা নিৰ্দিষ্ট সময়ৰ আগৰ প্ৰমাণক আওকাণ কৰে আৰু কেৱল পাছৰ সময়ৰ তুলনামূলক প্ৰমাণৰ ওপৰতহে গুৰুত্ব দিয়ে।‘

অৱশ্যে এনে ঐতিহাসিক কাম-কাজে মছজিদ ভাঙি পেলোৱাৰ ন্যায্যতা প্ৰদান কৰেনে? বুলি সোধা প্ৰশ্নৰ উত্তৰত চন্দ্ৰচূড়ে কয়, ‘একদম নহয়। প্ৰমাণ আৰু আইনী মানদণ্ডৰ ওপৰত ভিত্তি কৰি উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰায়দান প্ৰমাণৰ ওপৰত ভিত্তি কৰি নহয়, বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে বুলি কোৱাসকলে ৰায়দানটোও পঢ়া নাই আৰু সেইসকলেহে সমালোচনা কৰিছে।’

কিন্তু ন্যায়াধীশ চন্দ্ৰচুড়ৰ বক্তব্যৰ বিপৰীতে ২০১৯ চনৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ উল্লেখ কৰিছিল যে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ প্ৰতিবেদনৰ ভিত্তিত বিবাদিত ভূমিৰ মালিকীস্বত্ব আইনগতভাৱে দাবী কৰিব নোৱাৰি।

ৰায়দানত কোৱা হৈছিল, ‘ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ তথ্যৰ ভিত্তিত মাটিৰ মালিকীস্বত্ব নিৰ্ণয় কৰিব নোৱাৰি। মছজিদৰ তলৰ গাঁথনিটো দ্বাদশ শতিকাৰ, আৰু মছজিদটো ষোড়শ শতিকাত নিৰ্মাণ কৰা হৈছে; মছজিদ নিৰ্মাণ আৰু সেই পুৰণি গাঁথনি নিৰ্মাণৰ মাজত প্ৰায় চাৰিশ বছৰৰ ব্যৱধান আছে। এই সময়ত কি হৈছিল তাৰ কোনো প্ৰমাণ অভিলেখত নাই। এই সময়ছোৱাত এই গাঁথনিটো কেনেকৈ ধ্বংস কৰা হৈছিল, মছজিদ নিৰ্মাণ কৰিবলৈ ইয়াক ভাঙি পেলোৱা হৈছিল নে নাই সেয়াও জনা নাযায়।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd