• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জুবিন গাৰ্গৰ মৃত্যুক লৈ অজয় ফুকনৰ নিকৃষ্ট ৰাজনীতি! ২০২০ চনতে অজয় ফুকনক শিল্পী সমাজৰ পৰা বহিষ্কাৰ কৰিছিল জুবিনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2025 5:20 pm
291
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমবাসীৰ হিয়াৰ আমঠু, শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকত গোটেই ৰাজ্য ম্ৰিয়মান। কিন্তু ইয়াৰ সুযোগ লৈ একাংশ লোকে নিকৃষ্ট ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে বুলি অভিযোগ উঠিছে। বিশেষকৈ কংগ্ৰেছ নেতা অজয় ফুকনৰ শেহতীয়া কৰ্ম-কাণ্ডত ৰাজ্যৰ একাংশ লোক ক্ষুণ্ণ হৈ পৰিছে। দুহেজাৰ বিশ চনতে অজয় ফুকনক শিল্পী সমাজৰ পৰা বহিষ্কাৰ কৰিছিল শিল্পী জুবিন গাৰ্গে৷ জীৱিত অৱস্থাতেই জুবিন গাৰ্গে অজয় ফুকনক বয়কট কৰিছিল। বৰ্তমানৰ কংগ্ৰেছ নেতা অজয় ফুকনে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত নিকৃষ্ট ৰাজনীতি কৰা বুলি অভিযোগ উত্থাপিত হৈছে৷

আজি ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আজি কেইবাগৰাকীমান ব্যক্তিয়ে জুবিনৰ ন্যায় বিচাৰি ৰাস্তাত আন্দোলন কৰিছে। আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। মানুহে সুধিছে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা হ’ল? এজন ব্যক্তিৰ নাম অজয় ফুকন। জুবিনে নিজেই এই ব্যক্তিজনৰ বিষয়ে কৈ যোৱা কথা আপোনালোকে শুনিব। জুবিনে কৈছিল, এই ব্যক্তিজনৰ জৰিয়তে মোৰ সৈতে কোনেও সম্পৰ্ক নকৰিব। এই ব্যক্তিজন কংগ্ৰেছ দলৰ পৰা চাবুৱা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আছিল।’’

Apply Now

ফেচবুক লাইভত ড০ শৰ্মাই কয়, ‘‘অসমৰ ৰাইজক মই বিনম্ৰতাৰে ক’ব খোজো, জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ’ব নোৱাৰে। জুবিনৰ নামত অসমখন নেপাল হ’বলৈ দিব নোৱাৰো। জুবিনৰ আত্মাক শান্তি দিবৰ বাবে অসমক শুৱলা-সুফলা কৰি নিৰ্মাণ কৰিব লাগিব। এইখন অসমক আমি ভাৰতৰ শ্ৰেষ্ঠতম ৰাজ্য কৰিব লাগিব। সেয়ে কৰযোৰে ক’ব বিচাৰো, নেপাল কৰাৰ চেষ্টা নকৰিব। ই জুবিনৰ আত্মাক আটাইতকৈ কষ্ট দিব।’’

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কোনোবাই যদি ভাৱে, হিংসাই কাৰোবাক ন্যায় দিব, সেয়া কেতিয়াও সম্ভৱ হ’ব নোৱাৰে। মই প্ৰতিশ্ৰুতি দিছো, শ্যামকানু, সিদ্ধাৰ্থ, শেখৰ যিয়েই নহওক, কেতিয়াও তেওঁলোকক বিচাৰ নোহোৱাকৈ সহজে আমাৰ হাতৰ পৰা যাবলৈ নিদিওঁ। ৰাইজক অনুৰোধ, আপোনালোকে আইন হাতত নল’ব। জুবিন গাৰ্গৰ প্ৰতিটো পল, প্ৰতিটো ক্ষণৰ হিচাপ অসমবাসী ৰাইজে পাব লাগিব। আমি ধৈৰ্য হেৰুৱাই পেলালে আমি আমাৰ মানসিক সন্তুলনো হেৰুৱাই পেলাম। তেতিয়া আমি আকাংক্ষিত লক্ষ্যত উপনীত হ’ব নোৱাৰিম।’’

উল্লেখ্য যে, জীৱিত অৱস্থাতে জুবিন গাৰ্গে স্পষ্ট কৰি দিছিল যে অজয় ফুকন শিল্পী সমাজৰ কোনো নহয়৷ সেই কাৰণে তেঁওক আঁতৰাই দিছো৷ স্মৰ্তব্য যে ৰাইজৰ আগত শিল্পী সমাজৰ সভাপতি বুলি কৈ ফুৰিছিল অজয়ে৷ অজয় ফুকনে আমন্ত্ৰণ জনোৱা কোনো অনুষ্ঠানলৈ ৰাইজক নাযাবলৈ জুবিন গাৰ্গে আহ্বান জনাইছিল৷

২০২০ চনতে সামাজিক মাধ্যমত জুবিন গাৰ্গে লিখিছিল, ‘‘অজয় ফুকনৰ লগত মোৰ কিছু সমস্যা আছে৷ অনুগ্ৰহ কৰি অজয় ফুকনে মতা কোনো অনুষ্ঠানলৈ নাহিব। আছাম আৰ্টিষ্ট এছ’চিয়েচন পৰিচালনা কৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনে৷ আছু, অন্যান্য সংগঠন আৰু জ্যেষ্ঠ শিল্পীৰ সৈতে আলোচনা কৰাৰ সময়ত সকলো ঘোষণা কৰিবলৈ মই আছোঁ। অসম শিল্পী সমাজ এটা ঐক্যবদ্ধ গোট। ইয়াত কোনো ৰাজনীতি নাই। ইয়াত যদি কোনোবাই ৰাজনীতি কৰিবলৈ চেষ্টা কৰে মই তাক মষিমূৰ কৰিম। অজয় ফুকনৰ জুবিন গাৰ্গ ফেন ক্লাবৰ লগত কোনো সম্পৰ্ক নাই৷’’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd