উত্তৰাখণ্ডৰ উত্তৰকাশীত নিৰুদ্দিষ্ট হোৱা বিশিষ্ট সাংবাদিক ৰাজীৱ প্ৰতাপৰ মৃতদেহ যোছিয়াৰা হ্ৰদৰ পৰা উদ্ধাৰ কৰা হয়। ওঠৰ ছেপ্টেম্বৰৰ নিশাৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল সাংবাদিকজন।দেওবাৰে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।
ডি এছ পি জনক সিং পানৱাৰে কয় যে ৰাজীৱ প্ৰতাপৰ নিৰুদ্দিষ্ট হোৱাৰ পিছদিনা অৰ্থাৎ ১৯ ছেপ্টেম্বৰত ভাগীৰথী নদীৰ পাৰত তেওঁৰ গাড়ীখন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছিল। তাৰ পিছৰে পৰা সন্দেহ তীব্ৰতৰ হৈ পৰিছিল।
হত্যাৰ অভিযোগ পৰিয়ালৰ:
নিৰুদ্দিষ্ট হোৱাৰ গোচৰত অসামঞ্জস্যতা বিচাৰি ৰাজীৱ প্ৰতাপৰ পৰিয়ালে আৰম্ভণিৰে পৰাই হত্যাৰ আশংকা প্ৰকাশ কৰিছিল। মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতো তেওঁলোকে একে দাবী উত্থাপন কৰিছে।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ:
সাংবাদিকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ঘটনাৰ সম্পূৰ্ণ আৰু নিৰপেক্ষ তদন্তৰ নিৰ্দেশ দিছে।
সাংবাদিকমহলৰ শোক:
ৰাজীৱ প্ৰতাপ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন (আই আই এম চি)ৰ প্ৰাক্তন ছাত্ৰ আছিল আৰু দিল্লী উত্তৰাখণ্ড লাইভ নামৰ ডিজিটেল নিউজ প্লেটফৰ্ম চলাইছিল।
আই আই এম চিৰ প্ৰাক্তন ছাত্ৰ সন্থাই এক বিবৃতিত তেওঁৰ মৃত্যুৰ কথা নিশ্চিত কৰি কয় যে, “পৰিয়ালেই হত্যাৰ আশংকা প্ৰকাশ কৰিছিল।ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে নিৰপেক্ষ তদন্তৰ নিৰ্দেশ দিছে।আমি আশা কৰিছো আৰক্ষীয়ে স্বচ্ছ তদন্ত কৰিব।”





