বক্স অফিচত খলকনি তুলিছে সদ্যমুক্তিপ্ৰাপ্ত কানাড়া ছবি ‘কান্তাৰা চেপ্টাৰ-১এ। দুটা দিনৰ অন্তত শনিবাৰে ঋষভ শ্বেট্টী অভিনীত ছবিখনে নিজৰ আকৰ্ষণীয় প্ৰদৰ্শনেৰে বছৰৰ অন্যতম শীৰ্ষ উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে আত্মপ্ৰকাশ কৰে।
শুকুৰবাৰলৈকে ‘কান্তাৰা চেপ্টাৰ-১’ এ ভাৰতত ১০৭ কোটি টকা মুঠ উপাৰ্জন কৰিছিল। বিজয়া দশমীত ‘কান্তাৰা চেপ্টাৰ-১’এ ৬১.৮৫ কোটি টকাৰ উপাৰ্জনৰ বিপৰীতে পিছদিনা ৪৬ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। শনিবাৰেও এই ধাৰা অব্যাহত ৰাখি কানাড়া ছবিখনে ৫৫ কোটি টকা সংগ্ৰহ কৰে। ছাকনিক্লৰ মতে ‘কান্তাৰা চেপ্টাৰ-১’ৰ তিনিদিনৰ মুঠ ঘৰুৱা উপাৰ্জন ১৬২.৮৫ কোটি টকা।
শুকুৰবাৰৰ ভিতৰত ‘কান্তাৰা চেপ্টাৰ-১’এ চলিত বৰ্ষতেই মুক্তিপ্ৰাপ্ত আন এখন ছবি ‘ছু ফ্ৰম ছ’ৰ জীৱনজোৰা সংগ্ৰহ ৯২ কোটি টকাৰ অভিলেখ ভংগ কৰি বছৰৰ সৰ্বাধিক উপাৰ্জনকাৰী কানাড়া ছবি হিচাপে চিহ্নিত হয়। শেহতীয়াকৈ মুক্তি পোৱা ছলমান খানৰ ‘চিকন্দৰ’ (১১০ কোটি টকা) আৰু ৰাম চৰণৰ ‘গেম চেঞ্জাৰ’ (১৩১ কোটি টকা)ৰ দৰে লব্ধপ্ৰতিষ্ঠ অভিনেতাৰ ছবিৰ উপাৰ্জনকো অতিক্ৰম কৰি শনিবাৰেও অভিলেখ সংখ্যক উপাৰ্জন কৰে ‘কান্তাৰা চেপ্টাৰ-১’এ। তদুপৰি ‘কান্তাৰা চেপ্টাৰ-১’এ ১৫০ কোটি টকা উপাৰ্জনৰ সীমা অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰা চতুৰ্থখন কানাড়া ছবি হিচাপে পৰিগণিত হৈছে।
ঋষভ শ্বেট্টী অভিনীত ছবিখনে বিদেশটো দৰ্শকৰ সহাঁৰি লাভ কৰিছে। মাত্ৰ প্ৰথম দুদিনতে ‘কান্তাৰা চেপ্টাৰ-১’এ আন্তঃৰাষ্ট্ৰীয় বজাৰত ২৫ লাখ ডলাৰৰ ওপৰত (প্ৰায় ২২ কোটি টকা) উপাৰ্জন কৰিছে, সপ্তাহৰ শেষৰ ফালে উপাৰ্জন আৰু অধিক বৃদ্ধিৰ আশা কৰিছে চলচ্চিত্ৰখনৰ প্ৰযোজক-পৰিচালকে।
উল্লেখ্য যে ‘কান্তাৰা চেপ্টাৰ-১’ত প্ৰতিভাৱান শিল্পী ৰুক্মিণী বসন্ত, গুলচন দেৱৈয়া আৰু জয়ৰামেও মূল চৰিত্ৰত অভিনয় কৰিছে।





