সমগ্ৰ ভাৰতবৰ্ষৰ আধা সম্পত্তিৰ মালিক মাত্ৰ ১৬৮৭ জনলোক! শেহতীয়াকৈ M3M Hurun India-ই ভাৰতৰ আটাইতকৈ ধনী নাগৰিকৰ তালিকা প্ৰকাশ কৰিছে। এই তালিকাত থকা ১৬৮৭ জন লোকৰ ভিতৰত ২৮৪ জনৰ নাম প্ৰথমবাৰৰ বাবে বিলিয়নেয়াৰ হিচাপে সংযোজন কৰা হৈছে।
এই ধনী লোকসকলৰ মুঠ সম্পত্তি ১৬৭ লাখ কোটি টকা, যিটো ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) প্ৰায় আধা। এই প্ৰতিবেদনেৰে বিৰোধীয়ে মোডী চৰকাৰক লক্ষ্য কৰি লৈছে। এইদৰে অধিকাংশ ধন-সম্পত্তি মুষ্টিমেয় লোকৰ হাতত কেন্দ্ৰীভূত হোৱাৰ বাবে মোডী চৰকাৰৰ অর্থনৈতিক নীতিকেই দোষাৰোপ কৰিছে৷
বিৰোধীয়ে দাবী কৰিছে যে দেশৰ আধা সম্পদ যদি এইদৰে দুই এজনৰ হাতলৈ যায়, তেন্তে ই কেৱল অৰ্থনীতিৰ বাবেই সমস্যাই নহয়, গণতন্ত্ৰৰ আত্মাৰ ওপৰতো প্ৰত্যক্ষ আঘাত।
দেওবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক্স হেণ্ডেলত লিখিছে, ‘’ভাৰত এতিয়া বিলিয়নেয়াৰৰ নতুন ‘হাব’ হৈ পৰিছে। প্ৰতি বছৰে দেশত ধনী মানুহৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এখনৰ পিছন এখন প্ৰতিবেদনে ভাৰতত সম্পদ মুষ্টিমেয় কেইজনমানৰ ভঁৰালত জমা হোৱাৰ প্ৰৱণতাৰ সতৰ্কবাণী দিয়ে। অথচ কোটি কোটি ভাৰতীয়ই দৈনন্দিন খাদ্যমুঠি যোগাৰৰ বাবে সংগ্ৰাম কৰি আছে।‘’
বিৰোধীয়ে দাবী কৰিছে যে মোডী চৰকাৰৰ নীতিৰ বাবেই এই অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰৰ নীতিয়ে উদ্যোগপতি বন্ধুসকলক সুবিধা কৰি দিছে। ফলত সাধাৰণ মানুহৰ বাবে উপাৰ্জনৰ সুযোগ ক্ৰমাগতভাৱে কমি আহিছে।
বিৰোধীৰ মতে, আকাশলংঘী মূল্য এই সমস্যাৰ সৈতে জড়িত। ফলত কৰ্মচাৰীসকলো সঞ্চয় নহয়, ঋণৰ জালত আবদ্ধ হৈ পৰিছে। শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিনিয়োগ কমি আহিছে। সামাজিক সুৰক্ষাৰ আঁচনিসমূহো দুৰ্বল হৈ পৰিছে।
এনে পৰিপ্ৰেক্ষিতত বিৰোধীয়েও চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে চৰকাৰে ১০০ দিনীয়া কৰ্ম আঁচনিৰ দৰে প্ৰকল্পকো ফোপোলা কৰি তুলিছে। তেওঁলোকৰ মতে, ১০০ দিনীয়া কৰ্ম আঁচনিখনে কোটি কোটি লোকক সামাজিক আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰিবলৈ সক্ষম হৈছিল। এতিয়া এই আঁচনিখন বন্ধ হোৱাৰ পথত আগবাঢ়িছে।
তেওঁলোকে লগতে অভিযোগ কৰে যে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ড। কিন্তু এই খণ্ডটো এতিয়া বিপদত পৰিছে। কেৱল ঘৰুৱা নীতিয়েই নহয় মোডী চৰকাৰৰ বৈদেশিক নীতিৰ বিফলতাও ইয়াৰ বাবে দায়ী।
বিৰোধীসকলে এইটোও কয় যে এই সম্পদৰ কেন্দ্ৰীভূতকৰণে ৰাজনৈতিক সিদ্ধান্ততো প্ৰভাৱ পেলায়, যাৰ ফলত সামাজিক আৰু অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি হয়।





