উচ্চ শিক্ষাৰ স্বৰূপ আজি সলনি হৈছে। যদিও এসময়ত সফলতা নিশ্চিত বুলি কোৱা হৈছিল, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ নতুন গৱেষণাত কোৱা হৈছে যে সকলো কলেজীয়া ডিগ্ৰীয়ে এতিয়া দীৰ্ঘম্যাদী আৰ্থিক সফলতা আনিব নোৱাৰে।
হাৰ্ভাৰ্ডৰ শ্ৰম অৰ্থনীতিবিদ ডেভিদ জে ডেমিং আৰু গৱেষক কাদিম নুৰৰ ২০২০ চনত কৰা এক অধ্যয়ন অনুসৰি ব্যৱসায় প্ৰশাসন, অভিযান্ত্ৰিক বা কম্পিউটাৰ বিজ্ঞান আদিৰ দৰে তথাকথিত ডিগ্ৰীৰ বজাৰ মূল্য দ্ৰুতগতিত হ্ৰাস পাইছে। প্ৰযুক্তিৰ আধিপত্যৰ লগে লগে অহৰহ দক্ষতা বৃদ্ধি নকৰাকৈ এই ক্ষেত্ৰসমূহত বৰ্তি থকাটো কঠিন হৈ পৰিছে।
২০২৫ চনৰ আৰম্ভণিতে হাৰ্ভাৰ্ড বিজনেছ স্কুল আৰু অন্যান্য আইভী লীগৰ প্ৰতিষ্ঠানে প্ৰকাশ কৰা এক প্ৰতিবেদনত দেখা গৈছে যে এম বি এৰ শীৰ্ষ স্নাতকসকলেও এতিয়া উচ্চ পৰ্যায়ৰ চাকৰি লাভৰ বাবে সংগ্ৰাম কৰি আছে। ফলত সুনাম বা প্ৰতিষ্ঠানৰ নামে আগৰ দৰে সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত নকৰে বুলি স্পষ্ট হৈ পৰিছে।
মানৱিক আৰু সমাজ বিজ্ঞান বিভাগৰ পৰিস্থিতিও ইমান উজ্জ্বল নহয়। প্ৰতিবেদনত কোৱা হৈছে যে ২০১৩ চনৰ পৰা মানৱিক বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাইছে। ছাত্ৰ-ছাত্ৰীসকলে এতিয়া ক্ৰমান্বয়ে চাকৰিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত পাঠ্যক্ৰমৰ দিশত ঢাল খাইছে।
হাৰ্ভাৰ্ডৰ ২০২২ চনৰ ‘ডিগ্ৰী ৰিছেট’ প্ৰতিবেদনত দেখা গৈছে যে বহু সংস্থাই ক্ৰমান্বয়ে সাধাৰণ ডিগ্ৰীৰ প্ৰয়োজনীয়তা নাইকিয়া কৰি আছে। বৰঞ্চ তেওঁলোকে নিৰ্দিষ্ট আৰু প্ৰদৰ্শনযোগ্য দক্ষতা বিচাৰিছে – যেনে ডাটা এনালিটিক্স, ডিজিটেল লিটাৰেচি বা কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় প্ৰশিক্ষণ।
যিবোৰ ডিগ্ৰীৰ বজাৰ মূল্য দ্ৰুতগতিত হ্ৰাস পাইছে (হাৰ্ভাৰ্ড আৰু ২০২৫ চনৰ বজাৰ প্ৰতিবেদন অনুসৰি)
* সাধাৰণ ব্যৱসায় প্ৰশাসন (এম বি একে ধৰি) – প্ৰতিযোগিতা বৃদ্ধি আৰু নিযুক্তিৰ নীতিৰ সলনি
* কম্পিউটাৰ ছায়েঞ্চ – প্ৰথম অৱস্থাত বেছি দৰমহা, কিন্তু দক্ষতা সোনকালে অচল হৈ পৰে
* মেকানিকেল ইঞ্জিনিয়াৰিং – অটোমেচন আৰু আউটচ’ৰ্চিঙৰ প্ৰভাৱ
* একাউন্টিং – কৃত্ৰিম বুদ্ধিমত্তা আৰু চফটৱেৰত মানুহৰ ভূমিকা কমি আহিছে
* বায়োকেমিষ্ট্ৰি – গৱেষণাৰ বাহিৰত সীমিত ব্যৱহাৰিক প্ৰয়োগ
* ছাইকোলজি (স্নাতক পৰ্যায়ত) – উচ্চতৰ ডিগ্ৰী অবিহনে চাকৰিৰ সুযোগ কম
* ইংৰাজী আৰু মানৱীয় বিজ্ঞান – নামভৰ্তি হ্ৰাস আৰু চাকৰিৰ অনিশ্চয়তা
* সমাজবিজ্ঞান বা ছচিয়েল ছাইঞ্চ – চাকৰিৰ বজাৰৰ সৈতে দুৰ্বল সংযোগ
* ইতিহাস – মধ্যকালীন আয় হ্ৰাস পোৱা
* দৰ্শন – বিশ্লেষণাত্মক দক্ষতা মূল্যৱান হ’লেও প্ৰত্যক্ষ চাকৰিৰ সুযোগ কম
২০২৫ চনৰ ‘ষ্টুডেণ্ট চইছ ৰিপৰ্ট’ত কোৱা হৈছে যে অভিযান্ত্ৰিক, কম্পিউটাৰ ছাইঞ্চ আৰু নাৰ্চিং এতিয়াও আটাইতকৈ বহনক্ষম বিনিয়োগৰ ক্ষেত্ৰ। অৱশ্যে ইয়াত ‘এডাপ্টেবিলিটি’ৰ ওপৰতো গুৰুত্ব দিয়া হৈছে – যিসকলে সৃষ্টিশীলভাৱে চিন্তা কৰিব পাৰে আৰু সোনকালে শিকিব পাৰে তেওঁলোকে ভৱিষ্যতৰ কৰ্মক্ষেত্ৰত সফল হ’ব।





