ভাৰতৰ প্ৰথমটো এ আই কেন্দ্ৰ অন্ধ্ৰ প্ৰদেশত নিৰ্মাণ কৰি থকা হৈছে। এই কেন্দ্ৰত বিনিয়োগ কৰিব বহুজাতিক কোম্পানী গুগলে। কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে মঙলবাৰে কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ইতিমধ্যে কথা পাতিছে আৰু এই সন্দৰ্ভত বিতং আলোচনা কৰা হৈছে। সেই অনুসৰি অহা পাঁচ বছৰত ভাৰতীয় বজাৰত ১৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰা হ’ব।
গুগলৰ এআই হাবত থাকিব গিগাৱাট স্কেলৰ কম্পিউট শক্তি, আন্তঃৰাষ্ট্ৰীয় চাব-চি গেটৱে আৰু বৃহৎ পৰিসৰৰ শক্তি আন্তঃগাঁথনি। এই পদক্ষেপৰ জৰিয়তে গুগলে ভাৰতীয় ব্যৱহাৰকাৰী আৰু ব্যৱসায়ীসকলৰ মাজলৈ নতুন আশা কঢ়িয়াই আনিছে।
উল্লেখ্য যে, গুগলে এআই ডাটা চেণ্টাৰ কেম্পাছৰ বাবে আদানি গ্ৰুপৰ সৈতে অংশীদাৰিত্ব কৰিছে। দেশৰ ভিতৰতে এইটোৱেই হৈছে গুগলৰ সৰ্ববৃহৎ বিনিয়োগ। গুগল ক্লাউডৰ চিইঅ’ থমাছ কুৰিয়ানে কয়, ‘বিশাখাপট্টনমৰ এই কেন্দ্ৰ হ’ব ভাৰতৰ ডিজিটেল যুগৰ বাবে এক উল্লেখযোগ্য বিনিয়োগ। আমি ব্যৱসায়িক উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছোঁ।’
এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ, অশ্বিনী বৈষ্ণৱ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰী নৰা লোকেশ উপস্থিত থাকে। নাইডুৱে কয়, ‘এয়া ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ এক নতুন অধ্যায়। আমাৰ গৌৰৱ যে ভাৰতৰ প্ৰথম গিগাৱাট স্কেলৰ ডাটা চেণ্টাৰ আৰু গুগলৰ প্ৰথম এআই হাব ইয়াত থাকিব।‘





