জলবায়ুকৰ্মী সোণম ৱাংচুকৰ পত্নী গীতাঞ্জলি জে আংমোৱে ৱাংচুকৰ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি ২৯ অক্টোবৰলৈ স্থগিত ৰাখে উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু এন ভি অঞ্জৰিয়াৰ খণ্ড বিচাৰপীঠে এই আদেশ প্ৰদান কৰে।
আংমোৰ হৈ আদালতত হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে ন্যায়ালয়ৰ আগত কয় যে তেওঁলোকে দাখিল কৰা আবেদনখন সংশোধন কৰাৰ বাবে পুনৰ আবেদন দাখিল কৰিব আৰু ৱাংচুকক গ্ৰেপ্তাৰ কৰাৰ ভিত্তিক প্ৰত্যাহ্বান জনাব।
শুনানিৰ সময়ত ছিবালে ৱাংচুকক তেওঁৰ পত্নীৰ সৈতে কিছুমান তথ্য বিনিময় কৰাৰ বাবে সময় দিবলৈ অনুৰোধ জনায়।
উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰে যে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ ৱাংচুকে পত্নীৰ সৈতে তথ্য বিনিময় কৰাত কোনো সমস্যা নাই।
ছয় অক্টোবৰত সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখলৈ জাননী জাৰি কৰিছিল। অৱশ্যে ৱাংচুকক আটক কৰাৰ ভিত্তি প্ৰদান কৰাৰ বাবে দিয়া আবেদনৰ ওপৰত কোনোধৰণৰ আদেশ দিবলৈ অস্বীকাৰ কৰি উচ্চতম ন্যায়ালয়ে ১৪ অক্টোবৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে।
উল্লেখ্য যে, ৱাংচুকক লাডাখৰ বাবে ৰাজ্যৰ মৰ্যাদা আৰু ষষ্ঠ অনুসূচীৰ অধীনলৈ অনাৰ দাবীত হোৱা হিংসাত্মক প্ৰতিবাদৰ দুদিন পাছত ২৬ ছেপ্টেম্বৰত কঠোৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত আটক কৰা হৈছিল। চৰকাৰে তেওঁক হিংসাৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল।
ৱাংচুক তাৰ পাছৰে পৰা ৰাজস্থানৰ যোধপুৰ কাৰাগাৰত বন্দী হৈ আছে।





