হেয়াৰ ষ্টাইলিষ্ট জাভেদ হাবিব আৰু তেওঁৰ পুত্ৰৰ বিৰুদ্ধে ক্ৰিপ্টোকাৰেঞ্চিত কোটি কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এইবাৰ আৰক্ষীৰ আবেদনৰ ভিত্তিত আদালতে তেওঁলোকৰ বিৰুদ্ধে চাৰ্চ ৱাৰেণ্ট জাৰি কৰিছে।
আৰক্ষীয়ে জনোৱা মতে, জাভেদ আৰু তেওঁৰ পুত্ৰ আনাছ হাবিবে একেলগে ফলিকল গ্ল’বেল কোম্পানী (এফ এল চি)ত বিটকইন আৰু বাইনেন্স ক’ইনৰ দৰে ক্ৰিপ্টোকাৰেন্সীত বিনিয়োগ কৰি বিপুল লাভৰ প্ৰতিশ্ৰুতি দি ১০০ৰো অধিক সাধাৰণ মানুহক প্ৰতাৰণা কৰিছিল। মুঠতে তেওঁলোকৰ বিৰুদ্ধে প্ৰায় ৫-৭ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, আৰক্ষীৰ উপ-পৰিদৰ্শক পবিত্ৰ পাৰমাৰৰ নেতৃত্বত চম্ভল আৰক্ষীয়ে চাৰ্চ ৱাৰেণ্ট লৈ দিল্লীৰ নিউ ফ্ৰেণ্ডছ কলনীত থকা জাভেদ হাবিবৰ ঘৰলৈ গৈছিল। অৱশ্যে জাভেদ ঘৰত নাছিল। ঘৰত আছিল তেওঁৰ ভায়েক আমজাদ হাবিব। আমজাদে আৰক্ষীক জনোৱা মতে, জাভেদ এতিয়া ঘৰত নাথাকে। প্ৰায় ডেৰ ঘণ্টা ধৰি ঘৰত তালাচী চলাই উভতি আহে আৰক্ষী।
চম্ভলৰ আৰক্ষী অধীক্ষক কে কে বিষ্ণৌই নিশ্চিত কৰিছে যে জাভেদ হাবিবক দিল্লীত পোৱা নগ’ল। এইবাৰ আৰক্ষীয়ে মুম্বাইত থকা তেওঁৰ ঘৰলৈ গৈ তেওঁক বিচাৰিব। জাভেদৰ সকলো নথি-পত্ৰ আৰক্ষীয়ে জব্দ কৰি জেৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।
আনহাতে, বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ অভিযোগত জাভেদ, তেওঁৰ পুত্ৰ আৰু কোম্পানীটোৰ মুৰব্বী ছাইফুল্লাহৰ বিৰুদ্ধে ৩৩খন এফআইআৰ ৰুজু কৰা হৈছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।
ইয়াৰ পূৰ্বে এছ পি কে কে বিষ্ণোইয়ে কৈছিল, “একাংশ লোকে আমাৰ ওচৰলৈ আহি অভিযোগ কৰিছে যে জাভেদ হাবিব, তেওঁৰ পুত্ৰ আনাছ হাবিব আদিয়ে ফলিকল গ্ল’বেল কোম্পানীৰ নামত তেওঁলোকৰ পৰা লাখ লাখ টকা আত্মসাৎ কৰিছে। তেওঁলোকে চম্ভলৰ ৰয়েল পেলেচ বেংকেট হলত এক অনুষ্ঠানৰ আয়োজন কৰিছিল। তাৰ পৰাই তেওঁলোকে সকলোকে এবছৰৰ ভিতৰত ৫০-৭৫ শতাংশ লাভৰ প্ৰতিশ্ৰুতি দিছিল।”
চলিত বৰ্ষৰ আৰম্ভণিতে ১২ অক্টোবৰত আৰক্ষীয়ে জাভেদ হাবিবক সোধা-পোছাৰ বাবে মাতিছিল। কিন্তু তেওঁ নাহিল। জাভেদ হাবিবৰ অধিবক্তা পৱন কুমাৰে তেওঁৰ স্বাস্থ্য ভাল নহয় বুলি উল্লেখ কৰি কিছু নথি-পত্ৰ আৰক্ষীক দাখিল কৰে। এছ পি বিষ্ণোইয়ে অৱশ্যে জাভেদৰ শাৰীৰিক অসুস্থতাক মানি ল’ব বিচৰা নাছিল।
বৰ্তমান জাভেদ হাবিব আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে যাতে দেশৰ পৰা পলায়ন কৰিব নোৱাৰে তাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে লুকাউট নোটিচ জাৰি কৰিছে।




