সামাজিক ন্যায়ৰ ক্ষেত্ৰত এক ঐতিহাসিক জয় লাভ কৰিছে বামপন্থী শাসিত ৰাজ্য কেৰালাই। চৰম দৰিদ্ৰতা নথকা ভাৰতৰ প্ৰথমখন ৰাজ্য হোৱাৰ পথত অগ্ৰসৰ হৈছে কেৰালা। অহা ১ নৱেম্বৰত, কেৰালাৰ প্ৰতিষ্ঠা দিৱসত দেশৰ আন ঠাইত লাখ লাখ লোকক আগুৰি ৰখা চৰম দাৰিদ্ৰতাৰ পৰা নিজকে মুক্ত ঘোষণা কৰিব দক্ষিণৰ ৰাজ্যখনে। এই কৃতিত্বৰ মূলতে আছে মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নৰ অধীনত বাওঁ গণতান্ত্ৰিক মৰ্চা চৰকাৰে ২০২১ চনত আৰম্ভ কৰা পাঁচ বছৰীয়া পৰিকল্পনা চৰম দৰিদ্ৰতা নিৰ্মূলকৰণ প্ৰকল্প।
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সংখ্যাগৰিষ্ঠতা থকা এল ডি এফে চৰম দৰিদ্ৰতা নিৰ্মূলকৰণ প্ৰকল্পক নিজৰ প্ৰথম দায়িত্ব হিচাপে লৈছিল। স্থানীয় স্বায়ত্বশাসন বিভাগৰ নেতৃত্বত চৰম দৰিদ্ৰতা নিৰ্মূলকৰণ প্ৰকল্পই দৰিদ্ৰসকলৰ ভিতৰত আটাইতকৈ দৰিদ্ৰসকলক লক্ষ্য কৰি লৈছিল য’ত ক্ষুধা , অসুস্থতা, নিবনুৱা সমস্যা আৰু গৃহহীনতাৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ অন্তৰ্ভুক্ত আছিল। সমগ্ৰ কেৰালাত কৰা এক বৃহৎ তৃণমূল পৰ্যায়ৰ সমীক্ষাত এনে ৬৪,০০৬টা পৰিয়াল চিনাক্ত কৰা হৈছে, য’ত ১,০৩,০৯৯ জন লোকে বাস কৰে। ইয়াৰে ৩৫% লোকৰ মাজত স্থিৰ আয়ৰ অভাৱ আছিল, ২৪% লোকে স্বাস্থ্য সংকটৰ সন্মুখীন হৈছিল, ২১% লোকে পৰ্যাপ্ত খাদ্য নোহোৱাকৈয়ে আছিল, আৰু ১৫% লোকৰ কোনো উপযুক্ত আশ্ৰয় নাছিল।
চৰম দৰিদ্ৰতা নিৰ্মূলকৰণ প্ৰকল্পৰ অধীনত প্ৰতিটো পৰিয়ালৰ বাবে কাষ্টম “মাইক্ৰ’প্লেন” কাতত লোৱা হৈছিল। ইয়াৰ অৰ্থ আছিল আৰ্তসকলৰ বাবে বিনামূলীয়া খাদ্য দৈনিক ডেলিভাৰী কৰা। আন কিছুমানে ঘৰতে ঔষধ, প্ৰশমনমূলক যত্ন, আনকি অংগ সংৰোপনৰ দৰে সুবিধা পাইছিল। শিক্ষা সাহায্যই ল’ৰা-ছোৱালীক স্কুলত থাকিবলৈ সহায় কৰিছিল, আনহাতে চাকৰিৰ প্ৰশিক্ষণে সকলোৰে মাজত জীৱিকা্ৰ মনোবৃত্তি গঢ়ি তুলিছিল। এই ক্ষেত্ৰত ডাঙৰ বাধাটো আছিল গৃহহীনসকলৰ বাবে মাটি বিচাৰি উলিওৱা। দুহেজাৰ পচিঁশ চনৰ ছেপ্টেম্বৰ মাহলৈকে ৭,০৮৩টা নতুন নিৰাপদ ঘৰ সাজু হৈ উঠিছিল, যাৰ ফলত ৬৪,০০৬টা পৰিয়ালেই নিৰ্ধাৰিত লক্ষ্যৰ ১০০% লৈ সুবিধা লাভ কৰিছিল।




