• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেলজিয়ামত জন্ম, পিতৃ পাকিস্তানী-মাতৃ ভাৰতীয়; ডাঙৰ-দীঘল হৈছে অষ্ট্ৰেলিয়াত, খেলিব জিম্বাবুৱেৰ দলত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2025 2:53 pm
আন্তুম নাকভি। ফটোঃ সংগ্ৰহীত।

আন্তুম নাকভি। ফটোঃ সংগ্ৰহীত।

49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তুম নাকভি—যোৱা বছৰ ভাৰতৰ বিৰুদ্ধে টি-২০ শৃংখলাত অভিষেক ঘটালে হয়তো এই নামটো এতিয়ালৈকে বিশ্ব ক্ৰিকেটৰ বাবে চিনাকি হৈ পৰিলহেঁতেন। কিন্তু জিম্বাবুৱেৰ দলত থকাৰ পিছতো নাগৰিকত্বৰ সন্দৰ্ভত জটিলতাৰ বাবে তেতিয়া তেওঁ খেলিব পৰা নাছিল।

সেই জটিলতা বহুদিন আগতে সমাধান হৈছে। জিম্বাবুৱেৰ নাগৰিকত্ব লাভ কৰিছে নাকভিয়ে। আজি বিয়লি আৰম্ভ হ’বলগীয়া আফগানিস্তানৰ বিৰুদ্ধে হাৰাৰে টেষ্টত তেওঁৰ অপেক্ষাৰ অন্ত পৰিব পাৰে। অৱশেষত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যাত্ৰা আৰম্ভ কৰিব পাৰে ২৬ বছৰীয়া বেটিং অলৰাউণ্ডাৰগৰাকীয়ে।

Apply Now

স্বীকৃতিপ্ৰাপ্ত ক্ৰিকেটত নাকভিৰ শেষৰ তিনিটা ইনিংছ-১৫৮, ৬৮, ১০৮ ৰানৰ। বেটিঙত এনে প্ৰদৰ্শনৰ পিছত জিম্বাবুৱে ক্ৰিকেটৰ নিৰ্বাচকসকলে তেওঁক পুনৰ দলত মাতিবলৈ অস্বীকাৰ কৰিব নোৱাৰিলে। এতিয়া তেওঁৰ বাবে জিম্বাবুৱেৰ টেষ্ট কেপ পিন্ধাটো যেন সময়ৰ কথা।

নাকভিৰ পূৰ্বে ১৩৭ গৰাকী ক্ৰিকেটাৰে জিম্বাবুৱেৰ হৈ টেষ্ট খেলিছে। কিন্তু তেওঁৰ বিষয়ে ইমান আলোচনাৰ কাৰণ তেওঁৰ বহুজাতিক পটভূমি। যদিও নাকভিৰ জন্ম বেলজিয়ামত, পিতৃ পাকিস্তানী আৰু মাতৃ ভাৰতীয় মূলৰ। অৱশ্যে তেওঁ অষ্ট্ৰেলিয়াত ডাঙৰ-দীঘল হৈছে আৰু এতিয়া জিম্বাবুৱেৰ হৈ খেলিব!

নাকভিৰ ককা-আইতাক বহু আগতেই পাকিস্তান এৰি বেলজিয়ামলৈ প্ৰব্ৰজন কৰিছিল। তেওঁৰ পিতৃৰ জন্ম হৈছিল ইউৰোপীয় দেশত। মাকৰ জন্মও বেলজিয়ামত। অৱশ্যে তেওঁৰ মাতৃ ভাৰতীয় মূলৰ। যেতিয়া নাকভিৰ বয়স ৪ বছৰ আছিল, তেতিয়া তেওঁৰ পৰিয়াল বেলজিয়াম এৰি অষ্ট্ৰেলিয়ালৈ গুচি যায়।

নাকভিয়ে ছিডনীৰ দ্য হিলছ স্প’ৰ্টছ হাইস্কুলত অধ্যয়ন কৰিছিল। তাৰ পৰাই তেওঁ ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰে। তেওঁ এজন দক্ষ পাইলটো। তেওঁৰ কমাৰ্চিয়েল এয়াৰলাইন পাইলটৰ অনুজ্ঞাপত্ৰও আছে।

কিন্তু ক্ৰিকেটৰ প্ৰতি নাকভিৰ আকৰ্ষণ ইমানেই বেছি আছিল যে তেওঁ উৰণ এৰি সম্পূৰ্ণৰূপে খেলৰ ওপৰত গুৰুত্ব দিছিল। ঘৰুৱা ক্ৰিকেট খেলিবলৈ তেওঁ অষ্ট্ৰেলিয়াৰ ডাৰউইনলৈ গুচি যায়। সেইখিনিতে তেওঁ জিম্বাবুৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ ছলমন মেয়াৰক লগ পাইছিল। মায়াৰেই নাকভিক জিম্বাবুৱেলৈ গৈ ক্ৰিকেট কেৰিয়াৰ গঢ়িবলৈ উৎসাহিত কৰিছিল। তেওঁৰ পৰামৰ্শ অনুসৰি নাকভি জিম্বাবুৱেলৈ গ’ল। সৰু ভায়েক আৱাদ নাকভিকো লগত লৈ গ’ল।

২০২৩ চনত জিম্বাবুৱেৰ ঘৰুৱা দল মিড ৱেষ্ট ৰাইনোছৰ হৈ প্ৰথম শ্ৰেণীৰ অভিষেক ঘটা নাকভিয়ে প্ৰথমখন মেচতে শতক অৰ্জন কৰাৰ লগতে বলিঙতো ৫টা উইকেট দখল কৰি শিৰোনাম দখল কৰিছিল। পৰৱৰ্তী মেচতো তেওঁ শতক অৰ্জন কৰে।

২০২৪ চনৰ আৰম্ভণিতে তেওঁ জিম্বাবুৱেৰ ক্ৰিকেট জগতত আলোড়নৰ সৃষ্টি কৰিছিল। প্ৰতিযোগিতামূলক ক্ৰিকেটত ত্ৰিশতক অৰ্জন কৰা জিম্বাবুৱেৰ যিকোনো দলৰ পৰা তেওঁ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল।

কেইবাবছৰ ধৰি জিম্বাবুৱেৰ ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ তাৰকা হৈছে ছিকন্দৰ ৰাজা। নাকভিয়েও ৰাজাৰ দৰে হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। সীমিত অভাৰৰ ঘৰুৱা ক্ৰিকেটতো নাকভিৰ অভিলেখ বেয়া নহয়। তালিকা ‘এ’ৰ ২২খন খেলত ৬টা শতক আৰু ৫টা অৰ্ধশতক অৰ্জন কৰিছে।

যোৱা বছৰ তেওঁ বাংলাদেশৰ মালিকানাধীন ফ্ৰেঞ্চাইজি জোবাৰ্গ বাংলা টাইগাৰ্ছৰ হৈ জিম্বা-আফ্ৰ’ টি-১০ লীগত ৰাজাৰ সতীৰ্থ হিচাপে খেলিছিল; তাত খিতাপো লাভ কৰে।

এইবাৰ তেওঁৰ নেতৃত্বত ৰাইনোছ দেশৰ টি-২০ লীগত অপৰাজিত চেম্পিয়ন হৈ পৰিল। প্ৰতিযোগিতামূলক ক্ৰিকেটত এতিয়ালৈকে তেওঁ ৮৬টা উইকেট দখল কৰিছে। এনে এজন ব্যক্তিক ইমান দিনে জাতীয় দলৰ পৰা আঁতৰাই ৰখাটো যথেষ্ট আচৰিত কথা।

এছিয়া, ইউৰোপ, ওচেনিয়া, আফ্ৰিকা – আন্তুম নাকভি সম্ভৱতঃ চাৰিখন মহাদেশৰ সৈতে সম্পৰ্ক থকা প্ৰথমজন ক্ৰিকেটাৰ।

অৱশ্যে ফুটবলত এনেকুৱা বহুজাতিক খেলুৱৈ আছে। সুপৰিচিতসকলৰ ভিতৰত এই মুহূৰ্তত এটা নাম উল্লেখ কৰিব লাগিব – ৰিয়েল মাদ্রিদৰ চেণ্টাৰবেক ডেভিদ আলাবা।

আলাবাৰ জন্ম অষ্ট্ৰিয়াত, পিতৃ নাইজেৰিয়ান-মাতৃ ফিলিপাইনছ আৰু পূৰ্বপুৰুষ কংগোত থাকে। অৱশ্যে তেওঁ বেছিভাগ সময়তে মেক্সিকান খাদ্য খায়। তেওঁৰ কেৰিয়াৰৰ বেছিভাগ সময় জাৰ্মানীত কটায়। তেওঁ এগৰাকী জাৰ্মান মহিলাৰ সৈতেও বিবাহিত। ৰিয়েল মাদ্রিদত থকা সময়খিনিৰ বাবেই এতিয়া আলাবা স্পেইনত থাকে৷ কিন্তু তেওঁৰ পত্নী আৰু সন্তান ইংলেণ্ডত থাকে। নাকভি-আলাবাতকৈ ‘গ্ল’বেল প্লেয়াৰ’ৰ উত্তম উদাহৰণ কোন হ’ব পাৰে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm
ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

ভাৰতৰ শক্তি সুৰক্ষাৰ দিশত উল্লেখযোগ্য পদক্ষেপ : কেইৰ্ণ, বেদান্ত অইল এণ্ড গেছৰ দ্বাৰা অসমৰ হাজাৰিগাঁৱৰ পৰা দেশীয় গেছ যোগান বৃদ্ধি

June 8, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd