• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দীপাৱলীৰ পিছদিনাই দিল্লীত প্ৰদূষিত ধোঁৱাৰ আৱৰণ! মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক দোষাৰোপ আপ-ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2025 5:44 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীপাৱলী উদযাপনৰ পিছদিনা পুৱা প্ৰদূষণেৰে আৱৰি থকা ৰাজধানীখনৰ বাবে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ চৰকাৰক দোষাৰোপ কৰে আপে। আপে কয়, ‘মুখ্যমন্ত্ৰীয়ে AQI (Air Quality Index) উচ্চাৰণো কৰিব নোৱাৰে।’

দীপাৱলীৰ পিছদিনা পুৱা বিষাক্ত ধোঁৱাই আৱৰি ধৰিছিল ৰাজধানী দিল্লীক। বায়ুৰ গুণাগুণ ‘অতি বেয়া’ৰ পৰা ‘ভয়ংকৰ’লৈ গতি কৰিছে। সকলোতে ৰেড এলাৰ্ট। প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কঠোৰ নিৰ্দেশ আৰু আদালতৰ সময়সীমা, সকলোবোৰ যেন ব্যৰ্থ হৈছে। ইয়াৰ ফলত আৰম্ভ হৈছে এক তীব্ৰ ৰাজনৈতিক দোষাৰোপ-প্ৰতি দোষাৰোপৰ খেল।

Apply Now

দিল্লীৰ বায়ু প্ৰদূষণৰ বাবে মুখ্যমন্ত্ৰী ৰেখা গুপ্তা আৰু তেওঁৰ বিজেপি চৰকাৰৰ ‘ব্যৰ্থতা’ক প্ৰত্যক্ষভাৱে জগৰীয়া কৰিছে আম আদমী পাৰ্টিয়ে। দলটোৰ ৰাজ্যিক সভাপতি সৌৰভ ভৰদ্বাজে ঠাট্টা কৰি কয়, “মুখ্যমন্ত্ৰীয়ে একিউআই উচ্চাৰণো কৰিব নোৱাৰে। তেওঁ কয় আইকিউ, কিউকিউ! চৰকাৰৰ কোনো প্ৰস্তুতি নাছিল। প্ৰদূষণ বন্ধ কৰিবলৈ তেওঁলোকে একো কৰা নাছিল।”

আপে অভিযোগ কৰে যে যেতিয়া ৰাজধানীত প্ৰদূষণৰ জৰুৰীকালীন অৱস্থা হৈছিল তেতিয়া বিজেপি নেতাসকলে তাৰ পৰিৱৰ্তে সাধাৰণ মানুহক ফটকা জ্বলাবলৈ উৎসাহিত কৰিছিল।

সৌৰভ ভৰদ্বাজে লগতে কয়, “চৰকাৰে মিছা কথা কৈছিল। দীপাৱলীৰ পিছত কৃত্ৰিম বৰষুণ দি প্ৰদূষণ বন্ধ কৰিব বুলি কৈছিল। সেয়া ক‘ত? মানুহ বেমাৰত পৰিছে, কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।”

কংগ্ৰেছৰ মুখপাত্ৰ শ্বামা মহম্মদে এক্সত লিখিছে, ‘একিউই ৪০০ অতিক্ৰম কৰিলে, বতাহ উশাহ ল’ব নোৱাৰা হৈ পৰিছে।প্ৰধানমন্ত্ৰী মোডী ১১ বছৰে ক্ষমতাত আছে, এতিয়া দিল্লীতো বিজেপি চৰকাৰ আছে।মুখ্যমন্ত্ৰীয়ে আদালতত গৈ ফটকা ফুটাবলৈ অনুমতি বিচাৰিছিল, কিন্তু সেই নিৰ্দেশ মানি নল’লে।বিজেপিয়ে দিল্লী আৰু ইয়াৰ জনসাধাৰণক সম্পূৰ্ণৰূপে ব্যৰ্থ কৰিছে।’

আনহাতে বিজেপিৰ যুক্তি হ’ল চুবুৰীয়া ৰাজ্যসমূহত প্ৰদূষণৰ মূল কাৰণ হৈছে খেৰ জ্বলোৱা। দিল্লীৰ পৰিৱেশ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই কয়, “উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো চুবুৰীয়া ৰাজ্যত শস্যৰ অৱশিষ্ট জ্বলোৱা হৈছে, ইয়াৰ পৰিণাম দিল্লীয়ে ভোগ কৰি আছে।”

বিজেপিৰ আই টি চেলৰ মুৰব্বী অমিত মালৱিয়াই মন্তব্য কৰি কয় যে, “দীপাৱলীক দোষ নিদিব। দিল্লীত আকাশখন ঢাকি ৰাখিছে উৎসৱৰ পোহৰে নহয়, বৰঞ্চ আম আদমী পাৰ্টিৰ শাসনৰ ধোঁৱাই।”

সোমবাৰে পুৱা দীপাৱলীৰ নিশাৰ পাছত দিল্লীৰ বতাহত ঘন ধোঁৱা বিয়পি পৰিল। দৃশ্যমানতা কমিছে, মানুহ উশাহ-নিশাহৰ সমস্যাত ভুগিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (চিপিচিবি)ৰ তথ্য অনুসৰি পুৱা ১১ বজাত দিল্লীৰ বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ৩৫৯, যিটো ‘অতি দুৰ্বল’। ৩৮টা নিৰীক্ষণ ষ্টেচনৰ ভিতৰত ৩৫টা ‘ৰেড জ’নত’ আছিল।

বিশেষজ্ঞসকলৰ মতে এই পৰিস্থিতি হৈছে নাগৰিকৰ অজ্ঞানতা, প্ৰশাসনৰ শিথিলতা আৰু চুবুৰীয়া ৰাজ্যসমূহৰ দায়িত্বহীনতাৰ বাবে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিদ্যুৎ কৰ্মীক গুলীয়াই হত্যা; জ্বলাই দিয়া হ’ল ২৪টা ঘৰ

September 23, 2026 8:40 pm
বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত চচলত ৰাইজৰ দলৰ প্ৰতিবাদী কাৰ্যসূচী

September 23, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd