এগৰাকী মহিলাৰ জীৱনৰ গতিপথ সলনি কৰি দিয়া এক নৃশংস ঘটনা। এই ঘটনা উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ। ২৮ বছৰৰ পাছত অৱশেষত চৰকাৰী ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হ’ল এগৰাকী এচিড আক্ৰমণৰ ভুক্তভোগী মহিলা।
১৯৯৭ চনৰ অক্টোবৰ মাহত, উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত মাত্ৰ ১৫ বছৰীয়া কিশোৰী হৈ থাকোঁতে তেওঁ এই বৰ্বৰ আক্ৰমণৰ বলি হৈছিল। এক বিবাহ বিচ্ছেদৰ প্ৰতিশোধ ল’বলৈ এজন যুৱকে তেওঁৰ ওপৰত এচিড নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
এই ঘটনাত কিশোৰীগৰাকীয়ে এটা চকু চিৰদিনৰ বাবে হেৰুৱাই পেলাইছিল, লগতে মুখ, মূৰ আৰু ডিঙি গুৰুতৰভাৱে বিকৃত হৈ পৰিছিল। এচিডৰ আক্ৰমণত তেওঁৰ শৰীৰৰ প্ৰায় ৪৫ শতাংশ অংশ দগ্ধ হৈছিল।
বৰ্তমান ৪৩ বছৰীয়া মহিলাগৰাকীৰ মতে, এই আক্ৰমণৰ ফলত তেওঁৰ দৰ্জী দেউতাকৰ উপাৰ্জনেৰে চলি থকা পৰিয়ালটো সম্পূৰ্ণৰূপে ভাগি পৰিছিল।
“আক্ৰমণৰ পিছত মই দুবছৰ ধৰি বিচনাত পৰি আছিলো। দেউতাই চিকিৎসাৰ বাবে সকলো সঞ্চয় খৰচ কৰিলে। অস্ত্ৰোপচাৰতে প্ৰায় ১০ লাখ টকা খৰচ হৈছিল,” ভুক্তভোগী মহিলাগৰাকীয়ে কয়।
শাৰীৰিক আৰু মানসিকভাবে জুৰুলা হোৱাৰ মহিলাগৰাকীয়ে বছৰ বছৰ ধৰি কেৱল ঔষধ আৰু চিকিৎসাৰ বাবে প্ৰতিমাহে ১০ হাজাৰ টকা খৰচ কৰি আহিছে। ইয়াৰ মাজতে, কেইবছৰমানৰ ভিতৰতে তেওঁ মাক আৰু দেউতাক দুয়োকে হেৰুৱালে। তেওঁৰ ভাই-ভনীয়েও নিজৰ নিজৰ পৰিয়ালৰ লগত ব্যস্ত হৈ পৰাত মহিলাগৰাকী সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে।
ঘটনাৰ কিছু দিনৰ পিছতে, তেতিয়াৰ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ১ লাখ টকা আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা ৪ লাখ টকা, মুঠ ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰা হৈছিল। কিন্তু আশ্চর্যজনকভাৱে, মহিলাগৰাকীয়ে সেই সময়ত এই ধন লাভ কৰিবলৈ সক্ষম নহ’ল।
বহু বছৰ ধৰি তেওঁ সৰু সুৰা কাম কৰি মহিলা আশ্ৰয় শিবিৰত বাস কৰি আছে। ২৮ বছৰ ধৰি চলা নিৰন্তৰ সংগ্ৰাম আৰু আইনী যুঁজৰ অন্তত অৱশেষত তেওঁ পূৰ্বে ঘোষণা কৰা ৫ লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰিলে।
মহিলাগৰাকীৰ অধিবক্তা শ্বাহীন মালিকৰ মতে, ক্ষতিপূৰণৰ বাবে তেওঁক বহু যুঁজিবলগীয়া হ’ল। লাভ কৰা ৫ লাখ টকা অতি কম। এই ২৮ বছৰত তেওঁ চিকিৎসা আৰু জীৱন ধাৰণৰ বাবে বহুত খৰচ কৰিছে। তেওঁৰ কমেও ৫০ লাখ টকা ক্ষতিপূৰণ লাভ কৰিব লাগে। এই সন্দৰ্ভত অধিক ক্ষতিপূৰণৰ বাবে আদালতৰ কাষ চাপিবলৈ তেওঁলোকে চিন্তা-চৰ্চা কৰিছে বুলিও তেওঁ উল্লেখ কৰে।





