ওড়িশাত পুনৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা৷ কৰ্মস্থলীৰ পৰা উভতি অহাৰ পথত তিনিজন লোকে দলবদ্ধ ধৰ্ষণ কৰে এগৰাকী যুৱতীক। অভিযোগ অনুসৰি, কাৰ্যতঃ অচেতন হৈ থকাৰ সময়তে ভুক্তভোগী মহিলাগৰাকীক চকুত স্প্ৰে’ কৰি দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। ওড়িশাৰ সুবৰ্ণপুৰ জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন সন্দেহযুক্ত লোকক। বাকীজনৰ সন্ধান অব্যাহত আছে। কিছুদিন পূৰ্বে ওড়িশাৰ ময়ুৰভঞ্জত দুগৰাকী জনজাতীয় ছোৱালীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ পোহৰলৈ আহিছিল। এই চাঞ্চল্যকৰ ঘটনাটো ‘যাত্ৰা’ চাই উভতি অহাৰ পথত সংঘটিত হৈছিল। ইটোৰ পিছত সিটো ঘটনাক লৈ বিজেপি শাসিত ৰাজ্যখনত এক উত্তেজনাৰ সৃষ্টি হৈছে। কেৱল সেয়াই নহয়, মহিলাৰ সুৰক্ষাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা বৃহস্পতিবাৰে নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহিছিল যুৱতীগৰাকী। সেই সময়ত তিনিজন অচিনাক্ত লোকে তাইৰ বাট বন্ধ কৰি দিছিল। সকলোৰে মুখ কাপোৰেৰে ঢাকি ৰখাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে। অভিযোগ অনুসৰি অভিযুক্তই নিজৰ পৰিচয় লুকুৱাবলৈ কাপোৰেৰে মুখ ঢাকিছিল। কেৱল সেয়াই নহয়, হঠাতে ছোৱালীজনীৰ চকুত কিবা এটা স্প্ৰে’ কৰি দিলে। ইয়াৰ পিছতে কিশোৰীগৰাকী অচেতন হৈ পৰে, পথৰ কাষৰ নিৰ্জন স্থানলৈ লৈ গৈ দলীয় ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। সেই অৱস্থাত অভিযুক্তই তাইক পথত পেলাই পলায়ন কৰে।
পিছত ভুক্তভোগী মহিলাগৰাকীয়ে ঘৰলৈ উভতি আহি পৰিয়ালৰ আগত সমগ্ৰ ঘটনাটো বৰ্ণনা কৰে। ইয়াৰ পিছতে স্থানীয় আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰে।
এজাহাৰৰপিছতে দুজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে, বাকী থকাজনক বিচাৰি উলিয়াবলৈ তালাচী অব্যাহত থকা বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। কেৱল সেয়াই নহয়, বিভিন্ন প্ৰমাণ সংগ্ৰহৰ বাবেও প্ৰচেষ্টা চলোৱা হৈছে বুলি দাবী কৰে। ক’ব লাগিব যে যোৱা কেইমাহমানৰ পৰা ওড়িশাত ইটোৰ পিছত সিটো ধৰ্ষণৰ বাতৰি পোহৰলৈ আহিছে। যাৰ বাবেই এক শক্তিশালী ৰাজনৈতিক বিতৰ্কও আৰম্ভ হৈছে। ইয়াৰ মাজতে পুনৰ উত্থাপিত হৈছে দলবদ্ধ ধৰ্ষণৰ অভিযোগ।





