• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেক্সিকোৰ চুপাৰ মাৰ্কেটত ভয়ংকৰ বিস্ফোৰণত ২৩ জন লোকৰ মৃত্যু, আহত ১১ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2025 11:00 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেক্সিকোৰ এখন চুপাৰ মাৰ্কেটত বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ২৩ জন লোক নিহত হোৱাৰ লগতে আৰু কমেও ১১ জন আহত হয়।  শনিবাৰে মেক্সিকোৰ উত্তৰ-পশ্চিম চহৰ হাৰ্মোচিলোৰ শ্বপিং মলত এই বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

অৱশ্যে বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ছ’নোৰা প্ৰদেশৰ গৱৰ্ণৰ আলফনছ ডুৰাজোৱে ২৩ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে। এই ঘটনাক লৈ দেশৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামে শোক প্ৰকাশ কৰে।

Apply Now

ছ’নোৰা প্ৰদেশৰ হাৰ্মোচিলোৰ মাজমজিয়াত থকা ৱাল্ডো ষ্ট’ৰত বিস্ফোৰণৰ শব্দ শুনা যায়। ইয়াৰ পিছত তাতেই জুই বিয়পি পৰে। এই খবৰ পাই ৰেড ক্ৰছ আৰু প্ৰদেশখনৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয়। মৃত আৰু আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

কিহৰ বাবে অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। সেয়ে স্থানীয় প্ৰশাসনে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত এক প্ৰতিবেদনৰ আহ্বান জনাইছে। অৱশ্যে ‘আক্ৰমণ’ৰ বাবে বিস্ফোৰণৰ সম্ভাৱনা নুই কৰিছে স্থানীয় প্ৰশাসনে।

স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি নিহতসকলৰ ভিতৰত ১২গৰাকী মহিলা, ৫ জন পুৰুষ, ৪ জন ল’ৰা আৰু ২ গৰাকী ছোৱালীও আছে। ইতিমধ্যে দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মৃতকৰ পৰিয়ালক সকলো ধৰণৰ সাহায্য প্ৰদানৰ বাবে বিশেষ দল গঠনৰ নিৰ্দেশ দিছে।

স্থানীয় প্ৰশাসনেও আহতসকলৰ চিকিৎসাৰ ওপৰত নজৰ ৰাখিছে। ফৰেনছিক চিকিৎসা সেৱাৰ উদ্ধৃতি দি প্ৰদেশখনৰ এটৰ্নী জেনেৰেল গুস্তাভো চালাছে কয় যে অধিকাংশ লোকৰ মৃত্যু হৈছে বিষাক্ত গেছৰ বাবে।

এই কাণ্ড সন্দৰ্ভত মেক্সিকোৰ ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বেইনবামে কয়, ‘হাৰ্মচিলো ষ্ট’ৰৰ অগ্নিকাণ্ডত মৃত্যু হোৱা লোকসকলৰ আপোনজনক মই সমবেদনা জ্ঞাপন কৰিছো। ছ’নোৰাৰ গৱৰ্ণৰ আলফনছ ডুৰাজোৰ সৈতে মোৰ যোগাযোগ হৈছে। ভুক্তভোগীক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব।’

Es una verdadera tragedia lo que ocurrió esta tarde en Sonora. Un incendio en un “Waldo's”, ubicado en pleno Centro de Hermosillo, dejó al menos 22 personas muertas. Entre la víctimas habría 7 niños. pic.twitter.com/r8Kqyvid7T

— Erika Velasco (@Erika_Velasco_) November 2, 2025

এই ঘটনা সন্দৰ্ভত ছ’চিয়েল মিডিয়াত ছ’ন’ৰাৰ গৱৰ্ণৰ আলফনছ’ ডুৰাজোৱে লিখিছে, ‘ছ’নোৰাৰ বাবে এইটো এটা অতি দুখজনক দিন। বিশেষকৈ আপোনজনক হেৰুওৱা সকলৰ বাবে। ৰাজ্য চৰকাৰে ভুক্তভোগী পৰিয়ালক সম্ভৱপৰ সকলো সাহায্য আগবঢ়াব।‘

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

June 20, 2026 4:04 pm
দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

 ৬ জুলাইৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন! ১০ জুলাইত দাখিল হ’ব ৰাজ্যৰ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট

June 20, 2026 4:04 pm
দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd