আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ পাকিস্তানে সক্ৰিয়ভাৱে পাৰমাণৱিক পৰীক্ষণ চলাই আছে বুলি কৰা দাবীক লৈ বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ট্ৰাম্পে বিশ্বৰ আগশাৰীৰ পাৰমাণৱিক শক্তিসমূহে পৰীক্ষণ চলাই থকাৰ যুক্তি দি আমেৰিকাইও শীঘ্ৰেই পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ কৰিব বুলি উল্লেখ কৰে। দেওবাৰে এক সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে সক্ৰিয়ৰূপে পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ চলোৱা দেশসমূহৰ ভিতৰত পাকিস্তান অন্যতম।
শেহতীয়াকৈ ৰাছিয়াই পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণ কৰা সন্দৰ্ভত উত্থাপিত প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে “ৰাছিয়া আৰু চীনে পাৰমাণৱিক পৰীক্ষণ চলাই আছে। তেওঁলোকে এই বিষয়ে একো কোৱা নাই। কিন্তু আমি এখন মুকলি সমাজত আছো… কেৱল মাত্ৰ তেওঁলোকে পৰীক্ষণ চলাই থকা বাবে আমি এতিয়া পাৰমাণৱিক পৰীক্ষণ কৰিম। উত্তৰ কোৰিয়াই পৰীক্ষণ কৰি আছে, পাকিস্তানেও কৰি আছে।”
ট্ৰাম্পে দাবী কৰে যে বিশ্বৰ ভিতৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আমেৰিকাৰ হাতত আছে, যাৰ পৰিমাণ ইমানেই অধিক যে তেওঁলোকে বিশ্বক ১৫০ বাৰ ধ্বংস কৰিব পাৰিব। তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে পাৰমাণৱিক অস্ত্ৰ বিচ্ছিন্নকৰণৰ বিষয়ে আলোচনা কৰাৰ কথাও জনায়।
ৰাষ্ট্ৰপতি ট্ৰাম্পে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ কথা কোৱাৰ সমান্তৰালকৈ আমেৰিকাৰ শক্তি সচিব ক্ৰীছ ৰাইটে স্পষ্ট কৰিছে যে এই পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণত বৰ্তমান কোনো পাৰমাণৱিক বিস্ফোৰণ নহ’ব, বৰঞ্চ কেৱল ব্যৱস্থা পৰীক্ষণহে (system testing) হ’ব।
ইয়াৰ মাজতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকাৰ সৈতে হোৱা প্লুটনিয়াম ডিচপোজেল এগ্ৰিমেন্ট (Plutonium Disposal Agreement) আনুষ্ঠানিকভাৱে বন্ধ কৰাৰ বাবে চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি সামৰিক ব্যৱহাৰৰ বাবে পাৰমাণৱিক অস্ত্ৰ গ্ৰেডৰ সামগ্ৰীৰ উৎপাদন সীমিত কৰাৰ বাবে স্বাক্ষৰ কৰা হৈছিল।
উল্লেখ্য যে, পাকিস্তানৰ পাৰমাণৱিক পৰীক্ষণক লৈ ট্ৰাম্পে কৰা এই মন্তব্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান ভাৰত আৰু পাকিস্তানৰ ওচৰত পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা প্ৰায় সমান বুলি জনা যায়। ট্ৰাম্পৰ এই দাবীক লৈ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সন্দৰ্ভত নতুনকৈ চিন্তাৰ উদ্ভৱ হোৱাটো স্বাভাৱিক।





