ৰে’লযাত্ৰাৰ সময়ত কিন্নৰৰ (Transgender community) ভেশ ধৰি ধন দাবী কৰা বা হাৰাশাস্তি কৰাৰ অভিযোগ বৃদ্ধি পোৱাৰ পিছতে ভাৰতীয় ৰে’লৱেই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰ পৰা এনে হাৰাশাস্তিৰ সন্মুখীন হোৱা যাত্ৰীসকলে পোনপটীয়াকৈ ৰে’লৱেক অভিযোগ দাখিল কৰিব পাৰিব।
ভাৰতীয় ৰে’লৱেই জনাইছে যে যিকোনো ব্যক্তিয়ে কিন্নৰৰ সাজ-পোছাক পৰিধান কৰি যাত্ৰীসকলক আমনি কৰে বা ধন দাবী কৰিবলৈ চেষ্টা কৰে, তেন্তে যাত্ৰীসকলে লগে লগে অভিযোগ দাখিল কৰিব পাৰিব।
যাত্ৰীসকলে ৰে’ল মদদ প’ৰ্টেলৰ জৰিয়তে ডিজিটেলভাৱে এজাহাৰ দাখিল কৰিব পাৰিব। ইয়াৰ উপৰিও ১৩৯ নম্বৰত ফোন কৰিও অভিযোগ দাখিল কৰিব পাৰিব।
সাধাৰণতে ট্ৰেইনত এই বিশেষ হাততালি শুনাৰ লগে লগে বিশেষকৈ পুৰুষ যাত্ৰীসকল সতৰ্ক হৈ পৰে, কিয়নো টকা দিব নুখুজিলে কেতিয়াবা কাজিয়া পৰ্যন্ত কৰে একাংশ লোকে। কিন্নৰৰ ভেশ ধৰি বহু লোকে ধন উপাৰ্জনৰ এই পন্থা লোৱাৰ অভিযোগো নথকা নহয়, যিয়ে বহু যাত্ৰীকে অস্বস্তিত পেলায়।
ৰে’লৱে সুৰক্ষা বাহিনীয়ে (RPF) এই সমস্যা সমাধান কৰিবলৈ শেহতীয়াকৈ অভিযান আৰম্ভ কৰিছে। ১ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈকে উত্তৰ-মধ্য ৰে’লৱেৰ আগ্ৰা সংমণ্ডলত চলোৱা এক অভিযানত কিন্নৰৰ বেশত যাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰা ৫৪ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁলোকৰ বিৰুদ্ধে অসৎ আচৰণ আৰু টিকট অবিহনে যাত্ৰা কৰাৰ অভিযোগত ব্যৱস্থা লোৱা হৈছে।
উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা অক্টোবৰ মাহলৈকে আগ্ৰা সংমণ্ডলৰ আৰ পিএফে এনে অভিযোগত ৩০৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ২৫৭ জন যাত্ৰীয়ে ৰে’ল মদদ প’ৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰিছিল।
ভাৰতীয় ৰে’লৱেই এতিয়া সকলো বিভাগীয় পদ আৰু আউটপোষ্টৰ দায়িত্বত থকা লোকক ৰে’ল আৰু প্লেটফৰ্মত নিয়মীয়াকৈ সতৰ্ক হৈ থাকিবলৈ আৰু এনে কোনো ঘটনা দেখিলে বা অভিযোগ পালে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।





