• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সম্পত্তিৰ তুলনাত দুগুণ ধাৰ মধ্যবিত্তৰ, ৬ বছৰত ঋণ বৃদ্ধি পাইছে ১০২ শতাংশ; ৰিপোৰ্ট আৰবিআইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2025 9:51 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচ টকা উপাৰ্জন কৰিলে তিনি টকা খৰচ কৰি দুটকা সঞ্চয়। এইটোৱেই হৈছে মধ্যবিত্ত শ্ৰেণীৰ চিৰন্তন পৰম্পৰা। তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰে, পৰিয়াল চলায়, চখ হ্ৰাস কৰে, অলপ অলপকৈ সঞ্চয় কৰি সম্পত্তিত গঢ়াত মন মেলে। সেয়া স্থাৱৰ বা অস্থাৱৰো হ’ব পাৰে।

নৰেন্দ্ৰ মোডীৰ নতুন ভাৰতত বেংকৰ ঋণ লোৱাটো বহুত সহজ হ’লেও ডাউন পেমেণ্ট কৰিবই লাগে। আৰু তাতেই এইবাৰ মধ্যবিত্ত শ্ৰেণীটোৱে চাপত ভুগিছে। এই কাৰণেই সম্পত্তি সৃষ্টিৰ অনুপাতৰ তুলনাত এটা পৰিয়ালৰ গড় বাৰ্ষিক ঋণৰ পৰিমাণ দুগুণতকৈও অধিক বৃদ্ধি পাইছে।

Apply Now

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এইটো কোনো বিৰোধীৰ দাবী নহয়, পৰিসংখ্যা খোদ ৰিজাৰ্ভ বেংকৰ। আৰ বি আইয়ে দিয়া তথ্য বিশ্লেষণ কৰিলে দেখা যায় যে কোভিডৰ পূৰ্বৰ সময়ছোৱাৰ ক্ষেত্ৰত দেশবাসীৰ আৰ্থিক দায়বদ্ধতা বা ধাৰ-ঋণৰ হাৰ ১০২ শতাংশ বৃদ্ধি পাইছে! তাত সম্পত্তি সৃষ্টিৰ হাৰ কিমান বৃদ্ধি পাইছে? ৪৮ শতাংশ। অৰ্থাৎ ঋণৰ দুগুণ।

এই পৰিসংখ্যা যোৱা ছবছৰৰ—২০১৯ৰ পৰা ২০২৫ চনলৈকে। লক্ষনীয় যে দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ হিচাপত সম্পদ বৃদ্ধিৰ হাৰ হ্ৰাস পাইছে। আৰু ভয়ংকৰভাৱে বৃদ্ধি পাইছে আৰ্থিক দায়বদ্ধতা।

বিশেষজ্ঞসকলে সদায় ঋণ অৰ্থনীতিৰ (ক্ৰেডিট ইক’নমি) পোষকতা কৰে। অৰ্থাৎ উপভোক্তা সামগ্ৰীৰ বাবে মানুহে যিমানেই বেছি খৰচ কৰিব সিমানেই সামগ্ৰীৰ চাহিদা বাঢ়িব। আৰু সেই ক্ষেত্ৰত উৎপাদন বৃদ্ধি পাব। তেতিয়াহে বজাৰ অৰ্থনীতিত ধনৰ প্ৰচলন হ’ব।

প্ৰায় ১৫০ কোটি জনসংখ্যা থকা ভাৰতত এই অংকৰ উত্তৰ মিলোৱাটো টান। ইয়াৰ মূল কাৰণ দুটা। প্ৰথমতে, দেশৰ মুঠ সম্পত্তিৰ ৯৫ শতাংশ সমাজৰ মাত্ৰ ৫ শতাংশ লোকৰ হাতত আছে। দ্বিতীয়তে, সামাজিক সুৰক্ষাৰ অভাৱ। এজন মধ্যবিত্ত ব্যক্তিয়ে কম দৰমহাৰ চাকৰি সম্পূৰ্ণ কৰি ঘৰলৈ বেছি টকা লৈ যাব নোৱাৰে। গতিকে গোটেই জীৱন লাহে লাহে সঞ্চয় কৰে। যাতে অৱসৰৰ পিছত অসুবিধাৰ সন্মুখীন হ’ব নালাগে। কিন্তু এতিয়া মুদ্ৰাস্ফীতিৰ উত্তাপ য’ত উপনীত হৈছে, তাত সঞ্চয়ৰ সুযোগ ক্ষীণ হৈ পৰিছে। অৰ্থাৎ সঞ্চয় হোৱা নাই, সম্পত্তিৰ সৃষ্টি হোৱা নাই, আনহাতে ঋণ বাঢ়িছে।

আৰ বি আইৰ বিত্তীয় স্থিতিশীলতা প্ৰতিবেদন অনুসৰি ২০২৪ চনত ভাৰতৰ ঘৰুৱা ঋণৰ মজুত জিডিপিৰ ৪২ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৫ চনত সেইটো জিডিপিৰ মাত্ৰ ২৬ শতাংশহে আছিল। অৰ্থাৎ ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিৰ তুলনাত গড় ঋণ দুগুণ বৃদ্ধি পাইছে। জনমূৰি ঋণ ২০২৩ চনত ৩.৯ লাখ টকাৰ পৰা ২০২৫ চনৰ মাৰ্চ মাহত ৪.৮ লাখ টকালৈ বৃদ্ধি পাইছে। আৰু এই ঋণৰ বোজাৰ ৫৫ শতাংশ ক্ৰেডিট কাৰ্ড, ব্যক্তিগত ঋণ, গাড়ী আৰু গোল্ড লোন। আৰু গৃহ ঋণ? মুঠ ঘৰুৱা ঋণৰ ২৯ শতাংশ। অৰ্থাৎ ঋণ বাঢ়ি গ’লেও সম্পদৰ সৃষ্টিত নহয়, ঘৰখন চলোৱাতহে ব্যয় কৰা হৈছে।

ইয়াৰ উপৰিও আৰ বি আইৰ মতে, ২০১৯-২০ চনত ঘৰুৱা আৰ্থিক সম্পত্তিত ২৪.১ লাখ কোটি টকা সংযোজন হৈছিল। ২০২৪-২৫ চনত ৩৫.৬ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। অৰ্থাৎ সম্পত্তিৰ বৃদ্ধিৰ হাৰ ৪৮ শতাংশ। আনহাতে, ২০২৪-২৫ চনত বিত্তীয় দায়বদ্ধতা ১৫.৭ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। ২০১৯-২০ চনত সেয়া আছিল ৭.৫ লাখ কোটি টকা। এই ক্ষেত্ৰত বৃদ্ধিৰ হাৰ ১০২ শতাংশ।

অতিমাৰীৰ পিছৰ সময়ছোৱাত সাধাৰণ জনতাৰ ঋণৰ বোজা প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে। কিন্তু সেই তুলনাত সম্পদৰ সৃষ্টি হোৱা নাই। বেংকৰ নামমাত্ৰ নিশ্চিত সুতৰ পৰিৱৰ্তে মানুহে হতাশ হৈ শ্বেয়াৰ বজাৰৰ পিনে ঢপলিয়াইছে। কিন্তু তাৰপিছতো উৎপাদন খণ্ডত কিন্তু কোনো উন্নতি দেখা যোৱা নাই। ইয়াৰ অৰ্থ এইটো নহয় যে উপভোক্তা সামগ্ৰীৰ চাহিদা বিৰাট বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd