ডব্লিউ পি এলৰ চেম্পিয়ন আৰু এইবাৰ আই পি এলৰ বৰ্তমানৰ চেম্পিয়ন আৰ চি বি। এইবাৰ সেই ফ্ৰেঞ্চাইজি বিক্ৰীৰ পথত।
জানিব পৰা মতে, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বৰ্তমানৰ স্বত্বাধিকাৰী ইউনাইটেড স্পিৰিটছে দলটো বিক্ৰীৰ সমগ্ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত বিৰাট কোহলীৰ দলটোলৈ আহিব নতুন মালিক।
অৱশ্যে ইউনাইটেড স্পিৰিটছৰ মালিকানাৰ অধীনতে পৰৱৰ্তী ডব্লিউ পি এল আৰু আই পি এল নিলামত আৰ চি বিয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ পিছত দ্ৰুতগতিত বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ হ’ব।
১৮ বছৰ অপেক্ষাৰ অন্তত আৰ চি বিৰ ট্ৰফী জয়ৰ স্বপ্ন পূৰণ হৈছে। এইবাৰ আই পি এলৰ চেম্পিয়ন হৈছে বিৰাটৰ দলটো। তাৰ পিছৰে পৰাই বৰ্তমানৰ মালিকসকলে ইয়াক বিক্ৰী কৰাৰ কথা চিন্তা কৰা বুলি চৰ্চা চলিছে।
ইউনাইটেড স্প’ৰ্টছে জনোৱা মতে, কোম্পানীটোৰ লাভৰ ৮.৩ শতাংশ আৰচিবিৰ মহিলা আৰু পুৰুষ ক্ৰিকেট দলৰ পৰা আহে। সেই লাভ দেখুৱাইয়ে ইউনাইটেড স্পিৰিটছে বিক্ৰীৰ পথত আগবাঢ়িছে।
বিক্ৰীৰ বাবে আৰচিবিৰ মূল্য ৰখা হৈছে ২০ কোটি মাৰ্কিন ডলাৰ। যিটো ভাৰতীয় মুদ্ৰাত ১৭ হাজাৰ কোটি টকা! মানচেষ্টাৰ ইউনাইটেড ক্লাবৰ অন্যতম স্বত্বাধিকাৰী গ্লেজাৰ পৰিয়ালে ইতিমধ্যে বিৰাটৰ দলটো ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে।
অৱশ্যে ইউনাইটেড স্পিৰিটছে আন দুটা কোম্পানীৰ সৈতেও কথা পাতিছে। সেই দুটা হৈছে মহিন্দ্ৰা গ্ৰুপ আৰু কোটাক গ্ৰুপ। সূত্ৰ অনুসৰি আদৰ পুনাৱাল্লাইও আৰ চি বি ক্ৰয়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। আদানী গ্ৰুপৰ নামো আহিছে।
এতিয়া পৰৱৰ্তী বৰ্ষৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে বিৰাট কোহলীৰ দলটোৰ মালিক কোন হ’ব সেয়া হ’ব লক্ষ্যণীয়।





