• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বলীউদৰ কিংবদন্তি, চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান; অৱসান ঘটিল এটা যুগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2025 2:13 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দী চলচ্চিত্ৰৰ অন্যতম বলিষ্ঠ তথা জনপ্ৰিয় তাৰকা চিৰসেউজ অভিনেতা ধৰ্মেন্দ্ৰৰ বয়সজনিত ৰোগৰ জটিলতাৰ বাবে ৮৯ বছৰ বয়সত দেহাৱসান ঘটিছে। যোৱা কিছুদিন ধৰি ঘৰতে চিকিৎসাধীন অৱস্থাত থকা অভিনেতাগৰাকীয়ে মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে।

ধৰ্মেন্দ্ৰৰ মৃত্যুৰ লগে লগে এটা যুগৰ অৱসান ঘটিল। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চিনেমা দৰ্শকৰ বাবে তেওঁ আছিল এগৰাকী ছুপাৰষ্টাৰতকৈও অধিক। তেওঁ আছিল উষ্ণতা, শক্তি আৰু সৰলতাৰ প্ৰতীক, দৰ্শকক হাঁহি-কান্দোনৰ লগতে তেওঁৰ সৈতে একাত্মতা শিপাই তুলিব পৰা এগৰাকী অভিনেতা।

Apply Now

পঞ্জাৱত জন্মগ্ৰহণ কৰা ধৰম সিং দেওলে এনে এটা সপোন লৈ মুম্বাইলৈ গুচি আহিছিল যিটো সপোন বহুতে পোষণ কৰিছিল যদিও কম সংখ্যকেহে লাভ কৰিছিল। ইয়াৰ পিছত যি ঘটিল সেয়া আছিল ছয় দশকৰো অধিক সময়ৰ বিস্তীৰ্ণ কেৰিয়াৰ, যিটো ভাৰতীয় চিনেমাৰ কিছুমান স্মৰণীয় ভূমিকাৰে ভৰি আছিল।

সত্যকাম আৰু অনুপমাৰ ৰোমান্টিক ভূমিকাৰ পৰা আৰম্ভ কৰি শ্বোলে, হাথিয়াৰ, জুগ্নুৰ বীৰত্বৰ ভূমিকাকে ধৰি আন অসংখ্য ছবিৰে ধৰ্মেন্দ্ৰই চিৰসেউজ অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল।

একচন ছবিত শক্তিশালী উপস্থিতিৰ বাবে তেওঁ “বলীউডৰ হি-মেন” খিতাপ অৰ্জন কৰিছিল, তথাপিও চুপকে চুপকেৰ দৰে কমেডীত তেওঁৰ সাৱলীল অভিনয়ে অভিনেতা হিচাপে তেওঁৰ বহুমুখী প্ৰতিভাক উজ্বল কৰি তুলিছিল। কেৱল তেওঁৰ ছবিৰ বাবেই নহয়, প্ৰতিটো চৰিত্ৰৰ মাজত তেওঁ ফুটাই তোলা অনন্যতাৰ বাবেও দৰ্শকে তেওঁক ভাল পাইছিল।

শেষৰ বছৰবোৰত তেওঁ আপনে, লাইফ ইন এ… মেট্ৰ’, য়ামলা পাগলা দীৱানা আদি ছবিত অভিনয় কৰিছিল, আৰু শেহতীয়াকৈ কৰণ জোহৰৰ ৰকি অউৰ ৰাণী কি প্ৰেম কাহানি (২০২৩)ত অভিনয় কৰিছিল, য’ত তেওঁৰ অভিনয়ে নতুন প্ৰজন্মৰ অন্তৰ জয় কৰিছিল।

পৰ্দাৰ পৰা আঁতৰত ধৰ্মেন্দ্ৰ কোমল, মৰমিয়াল, গভীৰ আৱেগিক, পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ প্ৰতি তীব্ৰ আনুগত্যশীল বুলি জনা গৈছিল। স্মৃতি আৰু আন্তৰিক চিন্তাৰে ভৰা তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টবোৰ কেৱল সততাৰ বাবেই প্ৰায়ে ভাইৰেল হৈ পৰিছিল।

মৃত্যুৰ সময়ত তেওঁ প্ৰথম পত্নী প্ৰকাশ কৌৰ আৰু সন্তান ছানি দেউল, ববি দেউল, বিজেয়তা দেউল, অজিতা দেউলক এৰি থৈ যোৱাৰ লগতে এৰি থৈ যায় তেওঁৰ দ্বিতীয় পত্নী হেমা মালিনী আৰু তেওঁলোকৰ সন্তান এছা দেউল, আহনা দেওলক।

কেৱল এজন ছুপাৰষ্টাৰৰ স্মৃতি নহয়, বৰঞ্চ সৰলতাৰে ভালপোৱা আৰু জীয়াই থকা এজন প্ৰকৃত মানুহৰ স্মৃতিত সমগ্ৰ বিশ্বই শ্ৰদ্ধাঞ্জলি জনাইছে। দশক দশক ধৰি ভাৰতীয় চিনেমাক সংজ্ঞায়িত কৰা কাহিনী, গীত, দৃশ্যৰ মাজেৰে ধৰ্মেন্দ্ৰৰ উপস্থিতি সদায় প্ৰতিধ্বনিত হৈ থাকিব।

চলচ্চিত্ৰ উদ্যোগটোৱে হেৰুৱালে এগৰাকী কিংবদন্তি। দৰ্শকে হেৰুৱালে এগৰাকী জীৱন যাত্ৰাৰ সংগী। ভাৰতে হেৰুৱালে চিৰসেউজ ধৰ্মেন্দ্ৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd