মাওবাদৰ বিভীষিকাময় অতীতক একাষৰীয়া কৰি ২৫ বছৰৰ পাছত বিহাৰৰ চোৰমাৰা গাঁৱে গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰিছে। জামুই জিলাত অৱস্থিত এই গাঁৱৰ বাসিন্দাসকলে মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদান কৰিব। মাওবাদী মুক্ত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ এই গাঁওখন সমগ্ৰ দেশৰ বাবে এক আদৰ্শ হৈ পৰিছে।
কেবাটাও দশকৰ পূৰ্বে বিহাৰৰ এই অঞ্চলটো মাওবাদীৰ নিয়ন্ত্ৰণত আছিল। বিগত ২৫ বছৰ ধৰি ইয়াৰ জনসাধাৰণে হিংসা আৰু মৃত্যুৰ সাক্ষী হৈ আহিছে। বিশ্বৰ পৰা কাৰ্যতঃ বিচ্ছিন্ন এই গাঁওখনৰ মানুহে ভয়ত ঘৰৰ পৰা ওলাবলৈও সাহস কৰা নাছিল।
কিন্তু নিৰাপত্তা বাহিনীৰ ধাৰাবাহিক অভিযানৰ অন্তত এই গাঁওখনো মাওবাদীমুক্ত হৈ পৰিছে। আশ্চৰ্যজনকভাৱে, এসময়ত মাওবাদীয়ে বোমাৰে উৰুৱাই দিয়া গাঁৱৰ বিদ্যালয়খন পুনৰ নিৰ্মাণ কৰা হৈছে আৰু সেই বিদ্যালয়তে ভোটদান কেন্দ্ৰ স্থাপন কৰা হৈছে। সোমবাৰে ২২০ নম্বৰ ভোটকেন্দ্ৰ হিচাপে স্থাপন কৰা হৈছে চোৰমাৰা প্ৰাথমিক বিদ্যালয়।
একালৰ মাওবাদী কামাণ্ডাৰ বালেশ্বৰ কোডাৰ পুত্ৰ সঞ্জয় কোডাই এই সন্দৰ্ভত কয়, “এই গাঁওখন এসময়ত মাওবাদীৰ নিয়ন্ত্ৰণত আছিল। মোৰ পিতৃ আছিল মাওবাদী কামাণ্ডাৰ। তেওঁক সকলোৱে ভয় কৰিছিল, আনকি ময়ো। কিন্তু আজি মই সুখী যে এই গাঁৱৰ জনসাধাৰণে ইমান বছৰৰ পিছত ভোটদান কৰিব। মই নিজেও ভোট কেন্দ্ৰ প্ৰস্তুত কৰাত জড়িত হৈছো।”
সঞ্জয় কোডাৰ পত্নী বৰ্তমান চোৰমাৰা স্কুলৰে শিক্ষয়িত্ৰী। তেওঁ কয়, “সেই ভয়ংকৰ আশংকা এতিয়া শেষ হ’ল। মোৰ শহুৰদেউ মাওবাদী আছিল, কিন্তু পিছত তেওঁ আত্মসমৰ্পণ কৰিলে। অৱশেষত আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছো। ইয়াতকৈ ভাল একো হ’ব নোৱাৰে।”
মাওবাদৰ প্ৰত্যক্ষ সাক্ষী গাঁৱৰ এগৰাকী বৃদ্ধাই কয় যে সেই ভয়ংকৰ দিনবোৰে তেওঁক আজিও দুঃস্বপ্নৰ দৰে খেদি ফুৰে। তেওঁৰ চকুৰ আগতে মাওবাদীয়ে ১০ জনকৈ লোকক হত্যা কৰিছিল আৰু ৰাতি গাঁৱৰ পৰা মানুহক ধৰি নিছিল, ল’ৰা-ছোৱালীয়েও তেওঁলোকৰ লগত যোগ দিবলৈ বাধ্য হৈছিল।





