• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰ বিধানসভালৈ নিৰ্বাচিত মাত্ৰ চাৰি শতাংশ সংখ্যালঘু প্ৰতিনিধি; ১৯৯০ চনৰ পিছত সৰ্বনিম্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2025 8:37 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৪৩ টাৰ ভিতৰত মাত্ৰ ১০ টা। অংকৰ হিচাপত চাৰি শতাংশতকৈ অলপ বেছি! শুকুৰবাৰে প্ৰকাশ পোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত দেখা গৈছে যে শাসকীয় দল আৰু বিৰোধী দলকে ধৰি ২৪৩ জন বিধায়কৰ ভিতৰত মাত্ৰ ১০ জন সংখ্যালঘু মুছলমান বিধায়কহে নিৰ্বাচিত হৈছে।

বিহাৰৰ নিৰ্বাচনৰ ইতিহাসত দেখা গৈছে যে ১৯৯০ চনৰ পৰা আৰম্ভ কৰি ৮ টা বিধানসভা নিৰ্বাচনৰ ভিতৰত এইবাৰ সৰ্বনিম্ন সংখ্যক মুছলমান প্ৰতিনিধি বিধানসভালৈ নিৰ্বাচিত হৈছে।

Apply Now

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সম্পূৰ্ণ তথ্য এতিয়াও ভোট বিশ্লেষকসকলৰ হাতলৈ অহা নাই। ফলত শনিবাৰলৈকে কোনে সৰ্বাধিক সংখ্যালঘু ভোট লাভ কৰে সেয়া সম্পূৰ্ণ স্পষ্ট হোৱা নাছিল। অৱশ্যে এটা কথা স্পষ্ট যে এইবাৰ বিধানসভাত সংখ্যালঘু প্ৰতিনিধিত্ব বহু নামি আহিছে।

২০২২-২৩ বৰ্ষৰ বিহাৰৰ জাতিভিত্তিক সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি সেই ৰাজ্যৰ মুঠ ১৩.০৭ কোটি জনসংখ্যাৰ ১৭.৭ শতাংশই মুছলমান। কিন্তু এন ডি এ আৰু মহাজোঁটবন্ধন দুয়োটা দলে ২০২০ চনৰ তুলনাত এইবাৰ কম সংখ্যক মুছলমান প্ৰতিনিধিক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সুযোগ দিছে।

ফলাফল অনুসৰি এইবাৰ জয়ী হোৱা ১০ জন সংখ্যালঘু প্ৰাৰ্থীৰ ভিতৰত ৫ জন আছাদুদ্দিন ওৱাইছিৰ এ আই এম আই এমৰ। এইবাৰ তেওঁলোকে ২৫ জন প্ৰাৰ্থীক প্ৰক্ষেপ কৰিছিল।

নীতিশ কুমাৰৰ জেডিইউ দলে এইবাৰ চাৰিজন সংখ্যালঘু প্ৰাৰ্থী প্ৰক্ষেপ কৰে। ইয়াৰে বিদায়ী কেবিনেট সদস্য মহম্মদ জামা খানে কেৱল চাইনপুৰ সমষ্টিৰ পৰাই জয়লাভ কৰে। ২০২০ চনত বিএছপিৰ টিকটত জয়ী হৈছিল যদিও পিছত জেডিইউত যোগদান কৰে। অৱশ্যে এই সমষ্টি সংখ্যালঘু প্ৰধান নহয় বুলি সমীক্ষা বিশ্লেষকসকলে কয়।

এন ডি এৰ আন এক মিত্ৰজোঁটৰ অংশীদাৰ চিৰাগ পাছৱানৰ এল জে পি (আৰ ভি) দলে বাহাদুৰগঞ্জ সমষ্টিৰ পৰা একমাত্ৰ সংখ্যালঘু মুখ মহম্মদ কালিমুদ্দিনক প্ৰক্ষেপ কৰিছিল যদিও তেওঁ জয়ী হ’ব নোৱাৰিলে। এই আসনত জয়লাভ কৰে এ আই এম আই এমৰ প্ৰাৰ্থীয়ে।

মহাজোঁটবন্ধনৰ সদস্যসকলৰ ভিতৰত তেজস্বী যাদৱৰ আৰজেডিৰ দুই সংখ্যালঘু মুখ, বিছফী আসনৰ পৰা আছিফ আহমেদ আৰু ৰঘুনাথপুৰৰ বাহুবলী চাহাবুদ্দিনৰ পুত্ৰ ওছামা চাহেবে জয়লাভ কৰে। ২১ বছৰ পূৰ্বে শ্বাহাবুদ্দিনৰ পৰিয়ালৰ এজন সদস্যই নিৰ্বাচনত জয়লাভ কৰিছিল।

আনহাতে, কংগ্ৰেছ দলৰ কিছানগঞ্জৰ পৰা মহম্মদ কামৰুল হুদা আৰু আৰিয়াৰ পৰা আবিদুৰ ৰহমান জয়ী হৈছে। যোৱাবাৰো সীমাঞ্চল অঞ্চলৰ এই দুখন আসনৰ পৰা কংগ্ৰেছৰ সংখ্যালঘু প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল।

পৰিসংখ্যা অনুসৰি ২০১০ চনত ১৯ জন সংখ্যালঘু বিধায়ক জয়ী হৈছিল, যিটো মুঠ বিধায়কৰ ৭.৮১ শতাংশ। সেইবাৰ জেডিইউৰ ৭, আৰজেডিৰ ৬, কংগ্ৰেছৰ ৩, এলজেপিৰ ২ আৰু বিজেপিৰ এজন জয়ী হৈছিল।

২০১৫ চনত মুছলমান বিধায়কৰ সংখ্যা ২৪ অৰ্থাৎ ৯.৮৭ শতাংশলৈ বৃদ্ধি পাইছিল। ২০২০ চনত এই সংখ্যা পুনৰ ১৯ লৈ হ্ৰাস পাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm
বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

July 19, 2026 12:35 pm
একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

একেৰাহে ৩৭খন মেচত অপৰাজিত থকাৰ অভিলেখ; কিদৰে ১৬ বছৰৰ পাছত বিশ্বকাপৰ ফাইনেলত স্পেইন?

July 19, 2026 11:23 am
জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

জৰ্ডানত ইৰাণৰ আক্ৰমণত নিহত ২ মাৰ্কিন সেনা! প্ৰতিশোধত তেহৰাণত পুনৰ এয়াৰ ষ্ট্ৰাইক আমেৰিকাৰ

July 19, 2026 10:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

বিদ্ৰোহী তৃণমূল কংগ্ৰেছৰ সাংসদসকলক আমন্ত্ৰণ; সৰ্বদলীয় বৈঠকৰ পৰা ৱাকআউট বিৰোধীৰ

July 19, 2026 2:22 pm
বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

বাদ পৰিল গম্ভীৰ? নতুন প্ৰশিক্ষকৰ সৈতে টি-২০ ছিৰিজ খেলিবলৈ জিম্বাবুৱেলৈ ৰাওনা টিম ইণ্ডিয়া

July 19, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd