• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লী বিস্ফোৰণৰ ঘটনাত গ্ৰেপ্তাৰ i20 ৰ মালিক; উমৰৰ সৈতে কৰিছিল বিস্ফোৰণৰ পৰিকল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2025 9:11 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ গাড়ী বিস্ফোৰণে দেশৰ নিৰাপত্তা মহলত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ তদন্তত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এন আই এ)) এক বৃহৎ অগ্ৰগতি লাভ কৰিছে।

কাশ্মীৰৰ পাম্পোৰে অঞ্চলৰ ছাম্বোৰাৰ নিবাসী আমিৰ ৰছিদ আলীক গ্ৰেপ্তাৰ কৰা হৈছে। বিস্ফোৰণত ব্যৱহৃত বগা ৰঙৰ হুণ্ডাই i20 গাড়ীখন তেওঁৰ নামত পঞ্জীয়ন কৰা আছিল। দিল্লীত ব্যাপক তালাচীৰ অন্তত তদন্তকাৰীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

Apply Now

তদন্তত আমিৰ ৰছিদ আলী আত্মঘাতী বোমাৰু উমৰ উন নবিৰ ঘনিষ্ঠ সহযোগী বুলি জানিব পৰা গৈছে। দুয়োজনে একেলগে বিস্ফোৰণৰ পৰিকল্পনা কৰিছিল। গাড়ী কিনাৰ পৰা আৰম্ভ কৰি আক্ৰমণৰ পৰিকল্পনা কৰালৈকে সকলো কামতে জড়িত আছিল আমিৰ। পিছত সেই গাড়ীখনতে বিস্ফোৰক ভৰাই আক্ৰমণ সংঘটিত কৰা হয়।

উমৰ উন নবীক ফৰেনছিক পৰীক্ষাত আত্মঘাতী চালক হিচাপে চিনাক্ত কৰা হৈছে। পেছাত চিকিৎসক তথা ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক উমৰে ​​তেওঁৰ উগ্ৰপন্থী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ কথাই সকলোকে আচৰিত কৰি তুলিছে। তদন্তকাৰীয়ে তেওঁৰ আন এখন গাড়ীও জব্দ কৰিছে। বিস্ফোৰণত আহত সাক্ষীকে ধৰি কমেও ৭৩জন সাক্ষীকো সোধা-পোছা কৰিছে এন আই এয়ে।

এই বিস্ফোৰণত কমেও ১০ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। প্ৰথম অৱস্থাত মৃতকৰ সংখ্যাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল যদিও পিছলৈ দহজন লোকৰ মৃত্যু হোৱাৰ কথা পোহৰলৈ আহে। বহু লোক আহত হৈছিল আৰু এতিয়াও চিকিৎসাধীন হৈ আছে।

এই তদন্ত এতিয়া বহু ৰাজ্যলৈ বিয়পি পৰা বুলি NIA য়ে জানিবলৈ দিয়ে। দিল্লী, জম্মু-কাশ্মীৰ, হাৰিয়ানা, উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ আৰক্ষী আৰু প্ৰশাসনৰ সমন্বয়ত তদন্ত চলাই আছে। এই বিস্ফোৰণৰ আঁৰত এক বৃহৎ উগ্ৰপন্থী নেটৱৰ্ক থকাৰ কথাও তদন্তৰ পৰা জানিব পৰা গৈছে। শিক্ষিত পেছাদাৰী ব্যক্তিৰে গঠিত তথাকথিত ‘উচ্চ শিক্ষিত উগ্ৰপন্থী গোট’ জড়িত থকাৰ সন্দেহ কৰা হৈছে।

ইতিমধ্যে উমৰ উন নবিৰ পুলৱামাৰ ঘৰ ভাঙি পেলাইছে প্ৰশাসনে। বিস্ফোৰণৰ পিছৰে পৰা বিভিন্ন অঞ্চলত অভিযান, জেৰা আৰু প্ৰমাণ সংগ্ৰহ চলি আছে। তদন্তকাৰীয়ে দাবী কৰিছে যে তেওঁলোকে এই আক্ৰমণৰ আঁৰৰ সমগ্ৰ নেটৱৰ্ক উন্মোচন কৰিবলৈ দ্ৰুতগতিত আগবাঢ়িছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd