কাৰ্বি আংলঙত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাক বিজেপি চৰকাৰৰ ‘স্বৈৰাতান্ত্ৰিক আচৰণৰ ফল’ বুলি অভিহিত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। কাজিৰঙাৰ অৰ্কিড উদ্যানত আয়োজিত এক সংবাদমেলত গগৈয়ে আইন-শৃংখলা ৰক্ষাত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গৃহমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ দাবী জনায়।
গগৈয়ে কয় যে, কাৰ্বি আংলঙত দীৰ্ঘদিন ধৰি চলি অহা শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন আৰক্ষীয়ে নিশাৰ ভিতৰতে বলপূৰ্বকভাৱে দমন কৰিবলৈ চেষ্টা কৰাৰ বাবেই পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। তেওঁৰ মতে, পিজিআৰ (PGR) আৰু ভিজিআৰ (VGR) ভূমিৰ পৰা বেদখলকাৰী উচ্ছেদৰ দাবীত মাত্ৰ ১১–১২ জন যুৱকে শান্তিপূৰ্ণভাৱে অনশন কৰিছিল। কিন্তু চৰকাৰে কোনো আলোচনা নকৰাকৈ আৰক্ষীৰ জৰিয়তে তেওঁলোকক উঠাই নিয়াৰ ফলতেই ৰাইজ উত্তেজিত হৈ পৰে।
বিধায়ক গগৈয়ে অভিযোগ কৰে যে অসম আৰক্ষী আৰু গৃহ বিভাগ এই ঘটনাটোৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। শান্তিপূৰ্ণ আন্দোলনকাৰীৰ ওপৰত কঠোৰ হোৱা আৰক্ষীয়ে দুষ্কৃতিকাৰীক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা বুলিও তেওঁ মন্তব্য কৰে। খেৰণিৰ বজাৰ অঞ্চলত অগ্নিসংযোগ সংঘটিত হোৱাৰ বহু দেৰিকৈহে আৰক্ষীয়ে তৎপৰতা দেখুওৱা বুলিও তেওঁ অভিযোগ তোলে।
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আন্দোলনকাৰীৰ সৈতে আলোচনা নকৰাৰ বাবে পৰিস্থিতি অধিক জটিল হৈ পৰিল বুলি উল্লেখ কৰি গগৈয়ে কয় যে জনসাধাৰণৰ অভিযোগ শুনাটো শাসকৰ নৈতিক দায়িত্ব। তেওঁ চৰকাৰক তাৎক্ষণিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ, আন্দোলনকাৰীৰ সৈতে আলোচনাত বহিবলৈ আৰু ক্ষতিগ্ৰস্ত লোকসকলক উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনায়। একে সময়তে তেওঁ সকলো শ্ৰেণীৰ ৰাইজকে শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায়।





