গাজাত ইজৰাইলৰ একপক্ষীয় আক্ৰমণৰ প্ৰেক্ষাপটত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ব্ৰিটেইনে। প্ৰায় চাৰে তিনি মাহ পূৰ্বে দিয়া স্বীকৃতিৰ ভিত্তিত ব্ৰিটেইনৰ ৰাজধানী লণ্ডনত ‘স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ’ পেলেষ্টাইনৰ দূতাবাসে আনুষ্ঠানিকভাৱে কাম-কাজ আৰম্ভ কৰিছে। পশ্চিম লণ্ডনৰ ‘পেলেষ্টাইন মিছন ইন ব্ৰিটেইন’ৰ ভৱনত মুকলি হোৱা এই নতুন দূতাবাসৰ ৰাষ্ট্ৰদূত হিচাপে দায়িত্ব গ্ৰহণ কৰিছে হুছাম জোমলটে।
দূতাবাসৰ আনুষ্ঠানিক উদ্বোধনৰ পাছত ৰাষ্ট্ৰদূত হুছাম জোমলটে কয়, “আজি আমি এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈছোঁ। সম্পূৰ্ণ কূটনৈতিক মৰ্যাদা আৰু সা-সুবিধাৰে ব্ৰিটেইনত পেলেষ্টাইন ৰাষ্ট্ৰৰ দূতাবাসৰ উদ্বোধন হ’ল।” উল্লেখযোগ্য যে, ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ব্ৰিটেইনে পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে আনুষ্ঠানিক স্বীকৃতি দিছিল। ইয়াৰ পৰিণতিতে পূৰ্বৰ কূটনৈতিক মিছনটোক এতিয়া সম্পূৰ্ণ দূতাবাসলৈ উন্নীত কৰা হ’ল।
গাজাত অব্যাহত থকা ইজৰাইলী আক্ৰমণৰ মাজতে অষ্ট্ৰেলিয়া, স্পেইন আৰু কানাডাকে ধৰি পৃথিৱীৰ কেইবাখনো দেশে পেলেস্তাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছিল। পেলেষ্টাইনৰ স্বাধীনতা আন্দোলনৰ কিংবদন্তি নেতা প্ৰয়াত য়াচিৰ আৰাফটে গঠন কৰা সংগঠন ‘ফাটাহ’ৰ নেতৃত্বাধীন মিত্ৰজোঁট ‘পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেচন’ (PLO)-ৰ নিয়ন্ত্ৰণত আছে পশ্চিম পাৰ (West Bank) ভূখণ্ড।
আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত স্বায়ত্তশাসিত পেলেষ্টাইন কৰ্তৃপক্ষই ইয়াৰ প্ৰশাসন পৰিচালনা কৰে। আদৰ্শগতভাৱে পিএলঅ’ গণতান্ত্ৰিক চেতনাত বিশ্বাসী আৰু তেওঁলোক কট্টৰপন্থী সশস্ত্ৰ গোষ্ঠী হামাছৰ বিৰোধী। এসময়ত গাজাৰ নিয়ন্ত্ৰণো আৰাফটৰ অনুগামীসকলৰ হাতত আছিল, কিন্তু ২০০৭ চনৰ গৃহযুদ্ধত পিএলঅ’ক পৰাস্ত কৰি হামাছে গাজা দখল কৰে। ব্ৰিটেইনৰ এই নতুন দূতাবাস পৰিচালনাৰ দায়িত্বতো পিএলঅ’ নেতৃত্বাধীন পেলেষ্টাইন চৰকাৰেই আছে।





