ৰাজ্যৰ ৰাজনীতিত এক বিশেষ চৰ্চা লাভ কৰি ছাত্ৰ ৰাজনীতিৰ পৰা সক্ৰিয় ৰাজনীতিলৈ খোজ পেলালে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা (আমছু)ৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে। দেওবাৰে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত আয়োজন কৰা এক অনুষ্ঠানত তেওঁ আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে তেওঁক দললৈ উষ্ম আদৰণি জনায়।
ৰেজাউল কৰিম সৰকাৰৰ লগতে আমছুৰ কেইবাজনো প্ৰাক্তন শীৰ্ষ নেতাই কংগ্ৰেছৰ হাত ধৰে। ইয়াৰ ভিতৰত আছে প্ৰাক্তন উপদেষ্টা আজিজুৰ হক, প্ৰাক্তন উপ-সভাপতি দিলৱাৰ হুছেইন, প্ৰাক্তন নেতা খান হুছেইন জামান আৰু ছিৰাজুল সৰকাৰ।
কেৱল আমছুৱেই নহয়, বিজেপিৰ প্ৰাক্তন নেতা মনোজ কুমাৰ মহন্তইও সতীৰ্থসকলৰ সৈতে কংগ্ৰেছত যোগদান কৰে। ইয়াৰ উপৰি এম এম কেৰ প্ৰাক্তন সভাপতি ৰুক্ম কুমাৰ মেদক, ইউ পি পি এলৰ শীলা বসুমতাৰী, অৰুণ বসুমতাৰী, অধিবক্তা অলকেশ মেধি আৰু বাবুল চহৰীয়াইও আনুষ্ঠানিকভাৱে দলত যোগদান কৰে। উল্লেখ্য যে, যোগদান কৰা বাবুল চহৰীয়া বিজেপিৰ পাৰিষদ মাচুমা বেগমৰ স্বামী।
নতুন সদস্যসকলক আদৰণি জনাই গৌৰৱ গগৈয়ে ৰাজ্যৰ বৰ্তমানৰ পৰিৱেশক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয়, “আজি আমাৰ মাটি আৰু জাতি সংকটত আছে। চাৰিওফালে এক ভয়ৰ পৰিৱেশ সৃষ্টি কৰা হৈছে। আমি সংকল্প লৈছো যে অসমৰ পৰা এই ভয়ৰ ৰাজনীতি নাইকিয়া কৰিম।”
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি গগৈয়ে কয়, “মুখ্যমন্ত্ৰীয়ে গম পাইছে যে ৰাইজ ঐক্যবদ্ধ হ’লে তেওঁৰ বাবে বিপদ হ’ব। তেওঁ কোনো অহংকাৰী ৰজা নহয়, এজন সাধাৰণ ব্যক্তিহে। আগন্তুক নিৰ্বাচনত ৰাইজে তেওঁক দেখুৱাই দিব যে কোনেও কাকো ভয় নকৰে। অসমত ৰাইজেহে ৰজাৰ দৰে থাকিব, কোনো ব্যক্তি নহয়।” বিশেষভাৱে মন কৰিবলগীয়া যে, ভাষণৰ মাজতে আজান দিয়াৰ বাবে গগৈয়ে কিছু সময় ৰৈ সৌজন্যবোধ প্ৰদৰ্শন কৰে।
যোগদানৰ পাছতে ৰেজাউল কৰিম সৰকাৰে কয় যে তেওঁ গৌৰৱ গগৈৰ নেতৃত্বত এখন ‘সুন্দৰ অসম’ আৰু ‘বৰ অসম’ গঢ়াৰ সপোন লৈ দললৈ আহিছে। আগন্তুক নিৰ্বাচনত টিকটৰ প্ৰসংগত তেওঁ কয়, “দলে মোক যি দায়িত্ব দিব, মই তাকেই নিষ্ঠাৰে পালন কৰিম। সংখ্যালঘু ৰাইজৰ সমস্যাসমূহ মই দলৰ মজিয়াত দাঙি ধৰিম। মোৰ মূল লক্ষ্য হৈছে হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা অসমক ৰক্ষা কৰা।”
এই যোগদান কাৰ্যসূচীত কংগ্ৰেছৰ সম্পাদক মনোজ চৌহান, বিধায়িকা নন্দিতা দাস, শিৱামণি বৰা, বিধায়ক নুৰুল হুদা, আব্দুল ৰচিদ মণ্ডলকে ধৰি দলৰ বহুসংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকে।





