আইপেকৰ মুৰব্বী প্ৰতীক জৈনৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলোৱাৰ সময়ত বাধা প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰাজ্যিক আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ বিৰুদ্ধে। ইডিয়ে তেওঁলোকৰ নতুন আবেদনত কেৱল ৰাজীৱ কুমাৰেই নহয়, বৰঞ্চ সেই সময়ত উপস্থিত থকা কলকাতাৰ আৰক্ষী আয়ুক্ত মনোজ ভাৰ্মাসহ আন কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়াক নিলম্বন কৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ উপৰি এই সমগ্ৰ বিষয়টোত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ হস্তক্ষেপৰো দাবী তুলিছে সংস্থাটোৱে।
ঘটনাৰ সূত্ৰপাত হৈছিল যোৱা ৮ জানুৱাৰীত, যেতিয়া ইডিয়ে তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী পৰামৰ্শদাতা সংস্থা আইপেকৰ কাৰ্যালয় আৰু ইয়াৰ মুৰব্বী প্ৰতীক জৈনৰ ঘৰত অভিযান চলাইছিল। অভিযোগ অনুসৰি, তালাচী চলি থকাৰ মাজতে মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে নিজেই সেই স্থানত উপস্থিত হৈছিল আৰু তাৰ পৰা কিছুমান ফাইল নিজৰ লগত লৈ আহিছিল। পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীগৰাকীয়ে দাবী কৰিছিল যে সেই ফাইলসমূহ তেওঁৰ দলৰ নথি-পত্ৰ আছিল আৰু নিৰ্বাচনী কৌশল সম্পৰ্কীয় সেই গুৰুত্বপূৰ্ণ তথ্যসমূহ ইডিয়ে চুৰি কৰাৰ ষড়যন্ত্ৰ কৰিছিল।
এই ঘটনাক কেন্দ্ৰ কৰি ইডি আৰু ৰাজ্য চৰকাৰৰ মাজত আইনী যুঁজ তীব্ৰতৰ হৈ পৰে। কলিকতা উচ্চ ন্যায়ালয়ত পৰস্পৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। ইডিয়ে আদালতত জনোৱা মতে, অভিযানৰ সময়ত তেওঁলোকে কোনো নথি জব্দ কৰা নাছিল, বৰঞ্চ মুখ্যমন্ত্রীয়েহে তদন্তত বাধা দি প্ৰমাণ লৈ গৈছিল। কেন্দ্ৰীয় সংস্থাটোৰ মতে, কয়লা সৰবৰাহৰ এটা পুৰণি গোচৰৰ তদন্তৰ খাতিৰতে এই তালাচী চলোৱা হৈছিল।
উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনত ইডিয়ে অভিযোগ কৰিছে যে ডিজিপি ৰাজীৱ কুমাৰসহ কেইবাজনো আৰক্ষী বিষয়া মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ অত্যন্ত ঘনিষ্ঠ। তেওঁলোকে নিজৰ পদৰ মৰ্যাদা উলংঘা কৰি মুখ্যমন্ত্রীক তথ্য-প্ৰমাণ লুকুৱাবলৈ সহায় কৰিছিল। ইডিয়ে লগতে পুৰণি প্ৰসংগ টানি কয় যে এসময়ত ৰাজীৱ কুমাৰে কলকাতাৰ আৰক্ষী আয়ুক্ত হৈ থকাৰ সময়তো মমতা বেনাৰ্জীৰ সৈতে ধৰ্ণা কাৰ্যসূচীত অংশ লৈছিল। সেয়েহে তদন্তৰ স্বাৰ্থত এই বিষয়াসকলক চাকৰিৰ পৰা বৰখাস্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিবলৈ ইডিয়ে আদালতক কাতৰ আহ্বান জনাইছে। আজিৰ শুনানিত উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কি ৰায় দিয়ে, তাৰ ওপৰতে এতিয়া সকলোৰে চকু নিবদ্ধ হৈছে।





