এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে শেহতীয়াকৈ আই-পেকৰ নেতা প্ৰতীক জৈনৰ বাসগৃহ আৰু কাৰ্যালয়ত চলোৱা তালাচী অভিযানক লৈ এতিয়া তীব্ৰ ৰাজনৈতিক তথা আইনী তৰ্কৰ সৃষ্টি হৈছে। ইডিয়ে পুৱা ৬:৩০ বজাৰ পৰাই কলকাতাৰ লৌডন ষ্ট্ৰীট আৰু ছল্ট লেকত থকা আই-পেকৰ কাৰ্যালয়ত অভিযান আৰম্ভ কৰিছিল যদিও এই বিষয়ে স্থানীয় আৰক্ষীক বহু পলমকৈ অৰ্থাৎ পুৱা ১১:৩০ বজাতহে ইমেইলৰ জৰিয়তে অৱগত কৰা বুলি অভিযোগ উঠিছে। উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি চলি থকাৰ সময়ত তৃণমূল কংগ্ৰেছৰ পক্ষৰ পৰা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভী আৰু কপিল ছিবালে ইডিৰ এনে কাৰ্যৰ উদ্দেশ্যক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে। সিংভীৰ মতে, ইডিয়ে নিজকে বচাবলৈহে পিছলৈ আৰক্ষীক ইমেইল কৰিছিল আৰু তালাচীৰ বহু সময়লৈকে নিজৰ পৰিচয় দিয়া নাছিল।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মনোজ মিশ্ৰ আৰু ন্যায়াধীশ বিপুল পাঞ্চোলিৰ বিচাৰপীঠত চলি থকা এই শুনানিত ইডিৰ হৈ এটৰ্নী জেনেৰেল তুষাৰ মেহতা আৰু অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে অভিযোগ কৰে যে অভিযানৰ সময়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বলপূৰ্বকভাৱে ঘৰত প্ৰৱেশ কৰি তদন্তত বাধা দিছিল। কেন্দ্ৰীয় সংস্থাটোৰ দাবী যে মমতা বেনাৰ্জীয়ে ইডিৰ বিষয়াসকলৰ পৰা গুৰুত্বপূৰ্ণ নথি-পত্ৰও কাঢ়ি লৈছিল। ইয়াৰ বিপৰীতে অভিষেক মনু সিংভীয়ে যুক্তি দিছে যে যদিহে ইডিয়ে শপতনামাত অভিযান শান্তিপূৰ্ণ বুলি উল্লেখ কৰিছে, তেন্তে মমতা বেনাৰ্জীয়ে বাধা দিয়াৰ অভিযোগ কেনেকৈ সত্য হ’ব পাৰে। তেওঁৰ মতে ৫ ঘণ্টা পলমকৈ আৰক্ষীক দিয়া ইমেইলটোৱে প্ৰমাণ কৰে যে ইডিয়ে কেৱল নথিপত্ৰৰ প্ৰমাণ সৃষ্টি কৰিবলৈহে এই কাম কৰিছিল।
জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে নিৰ্বাচনৰ পূৰ্বে ইডিৰ এনে সক্ৰিয়তাক লৈ প্ৰশ্ন তুলি কয় যে আই-পেক হৈছে তৃণমূলৰ এক নিৰ্বাচনী কৌশল নিৰ্ধাৰণকাৰী সংগঠন। গতিকে দলৰ নেত্ৰী হিচাপে মমতা বেনাৰ্জীৰ নিজৰ দলৰ তথ্য সুৰক্ষিত কৰিবলৈ তালৈ যোৱাৰ সম্পূৰ্ণ অধিকাৰ আছে। ছিবালে আদালতত বুজাই দিয়ে যে ইডিয়ে জানি-বুজি আই-পেকৰ পৰা তৃণমূলৰ নিৰ্বাচনী তথ্য আৰু নথিপত্ৰ সংগ্ৰহ কৰিবলৈ এই অভিযান চলাইছিল। ইডিয়ে কিয় এটা ৰাজনৈতিক দলৰ কামৰ সৈতে জড়িত কাৰ্যালয়ত প্ৰৱেশ কৰিলে তাক লৈ তেওঁ তীব্ৰ আপত্তি দৰ্শায়। আদালতৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ স্পষ্ট কৰে যে ২০২১ চনৰ পৰাই তৃণমূলৰ নিৰ্বাচনী কৌশল আই-পেকেই প্ৰস্তুত কৰি আহিছে।
ইফালে তৃণমূলৰ নেতা কুনাল ঘোষেও ইডিৰ এই কাৰ্যক তীব্ৰ সমালোচনা কৰি ইয়াক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰিছে। তেওঁ কয় যে ২০২০-২১ চনৰ পুৰণি এটা গোচৰক লৈ নিৰ্বাচনৰ ঠিক আগে আগে এইদৰে আই-পেকৰ কাৰ্যালয়ত তালাচী চলোৱাটোৱে বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰকহে সূচাইছে। ঘোষৰ অভিযোগ অনুসৰি, যেতিয়া প্ৰশান্ত কিশোৰ এই সংগঠনৰ মুৰব্বী আছিল তেতিয়া একো কৰা হোৱা নাছিল, কিন্তু এতিয়া প্ৰতীক জৈনৰ নেতৃত্বত থকা সময়তহে বিজেপিয়ে ইডিক ব্যৱহাৰ কৰি তৃণমূলৰ তথ্য ভঁৰাল হস্তগত কৰিব বিচাৰিছে। তৃণমূলৰ দাবী যে ইডিয়ে আদালতত মিছা তথ্য দি আচল ঘটনাক বিকৃত কৰিবলৈ চেষ্টা কৰিছে।





