• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিচাৰত পলম হ’লে জামিন দিয়াই নিয়ম: উমৰ খালিদৰ প্ৰসংগত কি ক’লে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2026 9:32 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী হিংসাত্মক ঘটনাৰ গোচৰত ২০২০ চনৰ পৰা কাৰাগাৰত বন্দী হৈ আছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (JNU) প্ৰাক্তন ছাত্ৰ নেতা উমৰ খালিদ। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিনৰ আবেদন খাৰিজ কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ে এই সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিছে।

চন্দ্ৰচূড়ৰ মতে, বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত পলম হ’লে জামিন দি দিয়াই নিয়ম হোৱা উচিত। উমৰ খালিদ আৰু তেওঁৰ সহযোগীসকলৰ কাৰাবাসৰ প্ৰসংগত তেওঁ কয় যে দোষী সাব্যস্ত হোৱাৰ আগতে জামিন পোৱাটো প্ৰতিগৰাকী নাগৰিকৰে অধিকাৰ। কাৰণ ভাৰতীয় আইন অনুসৰি, যেতিয়ালৈকে দোষ প্ৰমাণ নহয়, তেতিয়ালৈকে এজন অভিযুক্ত নিৰ্দোষী। অৱশ্যে জামিনৰ ক্ষেত্ৰত তেওঁ তিনিটা ব্যতিক্ৰমৰ কথাও উল্লেখ কৰিছে।

Apply Now

উল্লেখ্য যে দিল্লীৰ হিংসাত্মক ঘটনাৰ গোচৰত ২০২০ চনৰ পৰা কাৰাগাৰত আছে উমৰ খালিদ আৰু শাৰজিল ইমাম। অলপতে এই গোচৰৰ আন পাঁচজন অভিযুক্তক উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছে, কিন্তু উমৰ আৰু শাৰজিলৰ জামিনৰ আবেদন খাৰিজ কৰা হৈছে। আনকি কোৱা হৈছে যে আগন্তুক এটা বছৰ তেওঁলোকে জামিনৰ বাবে আবেদন কৰিব নোৱাৰিব। জয়পুৰৰ এক অনুষ্ঠানত এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “মই এতিয়া এজন নাগৰিক হিচাপে কৈছোঁ, ন্যায়াধীশ হিচাপে নহয়। দোষী সাব্যস্ত হোৱাৰ আগতে জামিন সকলোৰে অধিকাৰ। কাৰণ আমাৰ আইন ‘নিৰ্দোষী অনুমান‘ৰ (Presumption of innocence) ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। বিচাৰত দোষ প্ৰমাণ নোহোৱালৈকে প্ৰতিজন অভিযুক্তই নিৰ্দোষী। যদি কোনোবাই পাঁচ-সাত বছৰ বিচাৰাধীন বন্দী হিচাপে কাৰাগাৰত থাকে আৰু তাৰ পিছত নিৰ্দোষী হিচাপে প্ৰমাণিত হয়, তেন্তে সেই হেৰুৱা সময়ৰ ক্ষতিপূৰণ কোনেও কৰিব নোৱাৰিব।”

বিষয়টোৰ ব্যাখ্যা দি চন্দ্ৰচূড়ে জামিন সন্দৰ্ভত তিনিটা ব্যতিক্ৰম উল্লেখ কৰিছে। প্ৰথমতে, যদিহে কোনো ব্যক্তিয়ে ধাৰাবাহিকভাৱে একেই অপৰাধ কৰি থকাৰ অৱস্থাত গ্ৰেপ্তাৰ হয়, তেন্তে তেওঁক জামিন নিদিয়াৰ যুক্তি আছে। কাৰণ জামিন পালে তেওঁ পুনৰ অপৰাধ কৰিব পাৰে; এই ক্ষেত্ৰত তেওঁ হত্যা বা ধৰ্ষণৰ দৰে অপৰাধৰ উদাহৰণ দিছে। দ্বিতীয়তে, জামিন পোৱাৰ পিছত অভিযুক্তই আদালতত হাজিৰ হ’বলৈ অস্বীকাৰ কৰিব পাৰে বা পলাই যাব পাৰে। এনে সম্ভাৱনা থাকিলে জামিন নাকচ কৰিব পাৰি। তৃতীয়তে, অভিযুক্তই যদি কাৰাগাৰৰ পৰা ওলাই আহি গোচৰৰ তথ্য-প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰে, তেন্তে জামিন খাৰিজ কৰিব পাৰি। চন্দ্ৰচূড়ৰ ভাষাত, “যদি কোনো গোচৰত ইয়াৰ এটাও প্ৰযোজ্য নহয়, তেন্তে জামিন দিয়াই নিয়ম। কিন্তু সমস্যাটো হ’ল, বৰ্তমান ৰাষ্ট্ৰীয় নিৰাপত্তা আইনে নিৰ্দোষীৰ কথা নকয়, বৰঞ্চ অপৰাধকহে অগ্ৰাধিকাৰ দিয়ে।”

উমৰহঁতৰ গোচৰৰ সন্দৰ্ভত চন্দ্ৰচূড়ে আৰু কয় যে, “গোচৰটোৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা সঁচাকৈয়ে কিমান জড়িত হৈ আছে, সেয়া আদালতে পৰীক্ষা কৰি চোৱা উচিত। কাৰাগাৰত আৱদ্ধ কৰি ৰখাৰ প্ৰয়োজনীয়তা সঁচাকৈয়ে আছে নে নাই, সেয়া চাব লাগে। অন্যথা বছৰৰ পিছত বছৰ ধৰি মানুহ কাৰাগাৰত পচি মৰিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd