দিল্লী হিংসাত্মক ঘটনাৰ গোচৰত ২০২০ চনৰ পৰা কাৰাগাৰত বন্দী হৈ আছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (JNU) প্ৰাক্তন ছাত্ৰ নেতা উমৰ খালিদ। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিনৰ আবেদন খাৰিজ কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচূড়ে এই সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই দিছে।
চন্দ্ৰচূড়ৰ মতে, বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাত পলম হ’লে জামিন দি দিয়াই নিয়ম হোৱা উচিত। উমৰ খালিদ আৰু তেওঁৰ সহযোগীসকলৰ কাৰাবাসৰ প্ৰসংগত তেওঁ কয় যে দোষী সাব্যস্ত হোৱাৰ আগতে জামিন পোৱাটো প্ৰতিগৰাকী নাগৰিকৰে অধিকাৰ। কাৰণ ভাৰতীয় আইন অনুসৰি, যেতিয়ালৈকে দোষ প্ৰমাণ নহয়, তেতিয়ালৈকে এজন অভিযুক্ত নিৰ্দোষী। অৱশ্যে জামিনৰ ক্ষেত্ৰত তেওঁ তিনিটা ব্যতিক্ৰমৰ কথাও উল্লেখ কৰিছে।
উল্লেখ্য যে দিল্লীৰ হিংসাত্মক ঘটনাৰ গোচৰত ২০২০ চনৰ পৰা কাৰাগাৰত আছে উমৰ খালিদ আৰু শাৰজিল ইমাম। অলপতে এই গোচৰৰ আন পাঁচজন অভিযুক্তক উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰিছে, কিন্তু উমৰ আৰু শাৰজিলৰ জামিনৰ আবেদন খাৰিজ কৰা হৈছে। আনকি কোৱা হৈছে যে আগন্তুক এটা বছৰ তেওঁলোকে জামিনৰ বাবে আবেদন কৰিব নোৱাৰিব। জয়পুৰৰ এক অনুষ্ঠানত এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “মই এতিয়া এজন নাগৰিক হিচাপে কৈছোঁ, ন্যায়াধীশ হিচাপে নহয়। দোষী সাব্যস্ত হোৱাৰ আগতে জামিন সকলোৰে অধিকাৰ। কাৰণ আমাৰ আইন ‘নিৰ্দোষী অনুমান‘ৰ (Presumption of innocence) ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে। বিচাৰত দোষ প্ৰমাণ নোহোৱালৈকে প্ৰতিজন অভিযুক্তই নিৰ্দোষী। যদি কোনোবাই পাঁচ-সাত বছৰ বিচাৰাধীন বন্দী হিচাপে কাৰাগাৰত থাকে আৰু তাৰ পিছত নিৰ্দোষী হিচাপে প্ৰমাণিত হয়, তেন্তে সেই হেৰুৱা সময়ৰ ক্ষতিপূৰণ কোনেও কৰিব নোৱাৰিব।”
বিষয়টোৰ ব্যাখ্যা দি চন্দ্ৰচূড়ে জামিন সন্দৰ্ভত তিনিটা ব্যতিক্ৰম উল্লেখ কৰিছে। প্ৰথমতে, যদিহে কোনো ব্যক্তিয়ে ধাৰাবাহিকভাৱে একেই অপৰাধ কৰি থকাৰ অৱস্থাত গ্ৰেপ্তাৰ হয়, তেন্তে তেওঁক জামিন নিদিয়াৰ যুক্তি আছে। কাৰণ জামিন পালে তেওঁ পুনৰ অপৰাধ কৰিব পাৰে; এই ক্ষেত্ৰত তেওঁ হত্যা বা ধৰ্ষণৰ দৰে অপৰাধৰ উদাহৰণ দিছে। দ্বিতীয়তে, জামিন পোৱাৰ পিছত অভিযুক্তই আদালতত হাজিৰ হ’বলৈ অস্বীকাৰ কৰিব পাৰে বা পলাই যাব পাৰে। এনে সম্ভাৱনা থাকিলে জামিন নাকচ কৰিব পাৰি। তৃতীয়তে, অভিযুক্তই যদি কাৰাগাৰৰ পৰা ওলাই আহি গোচৰৰ তথ্য-প্ৰমাণ নষ্ট কৰাৰ চেষ্টা কৰে, তেন্তে জামিন খাৰিজ কৰিব পাৰি। চন্দ্ৰচূড়ৰ ভাষাত, “যদি কোনো গোচৰত ইয়াৰ এটাও প্ৰযোজ্য নহয়, তেন্তে জামিন দিয়াই নিয়ম। কিন্তু সমস্যাটো হ’ল, বৰ্তমান ৰাষ্ট্ৰীয় নিৰাপত্তা আইনে নিৰ্দোষীৰ কথা নকয়, বৰঞ্চ অপৰাধকহে অগ্ৰাধিকাৰ দিয়ে।”
উমৰহঁতৰ গোচৰৰ সন্দৰ্ভত চন্দ্ৰচূড়ে আৰু কয় যে, “গোচৰটোৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা সঁচাকৈয়ে কিমান জড়িত হৈ আছে, সেয়া আদালতে পৰীক্ষা কৰি চোৱা উচিত। কাৰাগাৰত আৱদ্ধ কৰি ৰখাৰ প্ৰয়োজনীয়তা সঁচাকৈয়ে আছে নে নাই, সেয়া চাব লাগে। অন্যথা বছৰৰ পিছত বছৰ ধৰি মানুহ কাৰাগাৰত পচি মৰিব।”





