• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত হ'ল পৃথিৱীৰ নতুন মানচিত্ৰ 'ইকুৱেল আৰ্থ'। আমেৰিকাৰ বিৰোধিতাৰ পাছতো ১৬৪ খন দেশৰ সমৰ্থনত গৃহীত প্ৰস্তাৱটোৱে মানচিত্ৰত আফ্ৰিকা মহাদেশৰ প্ৰকৃত বিশালতা দাঙি ধৰিব।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 5, 2026 8:03 pm
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ৫০০ বছৰ ধৰি ব্যৱহৃত হৈ অহা ‘মাৰ্কেটৰ মানচিত্ৰ’ৰ বিকল্প হিচাপে অধিক নিখুঁত মানচিত্ৰ ব্যৱহাৰৰ সপক্ষে ৰাষ্ট্ৰসংঘত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গৃহীত হৈছে। শনিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত এই প্ৰস্তাৱ অনুসৰি এতিয়াৰে পৰা পৃথিৱীৰ তুলনামূলকভাৱে অধিক নিখুঁত ৰূপ দাঙি ধৰা ‘ইকুৱেল আৰ্থ’ নামৰ নতুন মানচিত্ৰ ব্যৱহাৰৰ সিদ্ধান্ত লোৱা হৈছে। আফ্ৰিকান ইউনিয়নৰ সমৰ্থনত টোগোৱে উত্থাপন কৰা “কাৰেক্ট দ্য মেপ” প্ৰস্তাৱটো ভাৰত, ফ্ৰান্স আৰু ব্ৰিটেইনকে ধৰি ১৬৪ খন দেশৰ সমৰ্থনত গৃহীত হয়। একমাত্ৰ আমেৰিকাই ইয়াৰ বিপক্ষে ভোট দিয়ে আৰু ৬ খন দেশ ভোটদানৰ পৰা বিৰত থাকে। ৰাষ্ট্ৰসংঘৰ এই ভোট বাধ্যতামূলক (non-binding) নহ’লেও, ই সমগ্ৰ বিশ্বৰ প্ৰতিষ্ঠানসমূহে ব্যৱহাৰ কৰা মানচিত্ৰত পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে।

 

Apply Now

দুয়োখন মানচিত্ৰৰ মাজত পাৰ্থক্য ক’ত?

 

প্ৰচলিত ‘মাৰ্কেটৰ মানচিত্ৰ’ত মহাদেশসমূহৰ তুলনামূলক আয়তনৰ ভাৰসাম্য ৰক্ষা হোৱা নাই বুলি দীৰ্ঘদিন ধৰি সমালোচনা হৈ আহিছিল আৰু ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিছিল আফ্ৰিকা মহাদেশৰ ওপৰত। উত্তৰ আৰু দক্ষিণ মেৰুৰ কাষৰীয়া ভূখণ্ডসমূহক বাস্তৱতকৈ ডাঙৰকৈ দেখুওৱাৰ ফলত, মাৰ্কেটৰ মানচিত্ৰত গ্ৰীণলেণ্ডক প্ৰায় আফ্ৰিকাৰ সমান ডাঙৰ যেন লগা হৈছিল। অথচ বাস্তৱত আফ্ৰিকা মহাদেশ গ্ৰীণলেণ্ডতকৈ প্ৰায় ১৪ গুণ ডাঙৰ। সমালোচকসকলৰ মতে, ইয়াৰ ফলত বিষুৱৰেখাৰ কাষৰীয়া দেশসমূহৰ উন্নয়নৰ প্ৰয়োজনীয়তা আৰু সম্ভাৱনাক গুৰুত্বহীন কৰা হয়। আনহাতে, ‘ইকুৱেল আৰ্থ’ মানচিত্ৰত মহাদেশসমূহৰ তুলনামূলক আয়তন অধিক নিখুঁত আৰু বাস্তৱসন্মতভাৱে উপস্থাপন কৰা হৈছে।

 

১৫৬৯ চনত ফ্লেমিছ মানচিত্ৰবিদ জেৰাৰ্ডাছ মাৰ্কেটৰে ইউৰোপীয় অভিযাত্ৰীসকলক বিশ্ব ভ্ৰমণত সহায় কৰাৰ উদ্দেশ্যে তেওঁৰ নাম অনুসৰি ‘মাৰ্কেটৰ মানচিত্ৰ’ প্ৰস্তুত কৰিছিল। এটা গোলকৰ পৃষ্ঠভাগক দ্বিমাত্ৰিক চাৰ্টত নিখুঁতভাৱে উপস্থাপন কৰাটো অসম্ভৱ হোৱাৰ বাবেই তেওঁৰ মানচিত্ৰত এই বিকৃতি ঘটিছিল। যিকোনো মানচিত্ৰ অংকন কৰোঁতে কিছু আপোচ কৰিবলগীয়া হয়। মাৰ্কেটৰ মানচিত্ৰই পৃথিৱীৰ বক্ৰতা মিলাবলৈ গৈ বিষুৱৰেখাৰ কাষৰীয়া দেশসমূহক সৰু আৰু মেৰুৰ কাষৰীয়া দেশসমূহক ডাঙৰকৈ দেখুৱাইছিল।

 

এই ত্ৰুটি দূৰ কৰাৰ প্ৰয়াসত, ২০১৮ চনত মানচিত্ৰবিদৰ এটা দলে ‘ইকুৱেল আৰ্থ’ প্ৰক্ষেপণ বুলি কোৱা সমান এলেকাৰ মানচিত্ৰ এখন তৈয়াৰ কৰে। ফেব্ৰুৱাৰী মাহত, আফ্ৰিকান ইউনিয়নৰ ৫৪ খন সদস্য ৰাষ্ট্ৰই ইয়াক গ্ৰহণ কৰে আৰু কয় যে ই “সকলো মহাদেশৰ, বিশেষকৈ আফ্ৰিকাৰ আকাৰ অধিক নিখুঁতভাৱে প্ৰতিনিধিত্ব কৰে।”

 

শুক্ৰবাৰৰ ভোটগ্ৰহণৰ পূৰ্বে টোগোৰ বৈদেশিক মন্ত্ৰী ৰবাৰ্ট ডুছেই ৰয়টাৰ্ছক কয়: “এখন নিৰপেক্ষ পৃথিৱীৰ আৰম্ভণি এখন নিৰপেক্ষ মানচিত্ৰৰে হয়।” তেওঁ লগতে কয় যে মানচিত্ৰ কেতিয়াও নিৰপেক্ষ নহয়, ই মানুহৰ ধাৰণা গঢ় দিয়ে আৰু বিশ্বত মহাদেশসমূহৰ স্থান কেনেদৰে বুজা যায় তাক প্ৰভাৱিত কৰে। ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰী জিন-নৱেল বাৰোটেও তেওঁৰ মন্ত্ৰালয়ে মাৰ্কেটৰ মানচিত্ৰৰ ব্যৱহাৰ বন্ধ কৰিব বুলি জানিবলৈ দিছে।

 

কিন্তু ৰাষ্ট্ৰসংঘত আমেৰিকাৰ প্ৰতিনিধি ইয়াৰিনা ফেৰেঞ্চেভিচে কয় যে এই প্ৰস্তাৱে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ কাম আৰু উদ্দেশ্যক উপহাস কৰিছে। তেওঁৰ মতে, আন্তঃৰাষ্ট্ৰীয় শান্তি, সমৃদ্ধি আৰু সুসম্পৰ্কৰ দৰে প্ৰকৃত সমস্যাৰ পৰিৱৰ্তে ১৬ শতিকাৰ মানচিত্ৰ প্ৰকল্প লৈ বিতৰ্ক কৰাটো অনুচিত।

 

এই প্ৰচাৰৰ আঁৰৰ অন্যতম গোট ‘আফ্ৰিকা ন’ ফিল্টাৰ’ৰ লেৰাটো মোগোৱাটলেৰ মতে, বিশ্বৰ মানচিত্ৰত আফ্ৰিকাৰ ভুল উপস্থাপন কেৱল এটা মানচিত্ৰৰ ত্ৰুটি নহয় ই এটা ধাৰণাৰো সমস্যা। কেনিয়াৰ ভূগোলবিদ কিয়োকো মুৱেণ্ডোৱেও সহমত প্ৰকাশ কৰি কয় যে মানচিত্ৰ কেৱল ভ্ৰমণকাৰীৰ নিৰ্দেশিকা নহয়, ই ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে অঞ্চলসমূহক কেনেদৰে উপলব্ধি কৰা হয় সেয়া নিৰ্ধাৰণ কৰে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm
গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd