• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ নিয়ন্ত্ৰণ: কেবিনেট সচিবে শপতনামা দাখিল নকৰাত অসন্তুষ্ট উচ্চতম ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2026 2:47 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ব্যক্তিগত আৰু ‘ডিমড‘ (Deemed-to-be) বিশ্ববিদ্যালয়সমূহ অৰ্থাৎ যিবোৰ স্বতন্ত্ৰ শিক্ষাপ্ৰতিষ্ঠানে বিশ্ববিদ্যালয়ৰ দৰে মৰ্যাদা আৰু ক্ষমতা ভোগ কৰে, সেইসমূহৰ সঠিক নিয়ন্ত্ৰণ আৰু তদাৰকীৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। পূৰ্বৰ এক স্পষ্ট নিৰ্দেশনা থকা সত্ত্বেও কেন্দ্ৰীয় কেবিনেট সচিবে নিৰ্ধাৰিত শপতনামা (Compliance Affidavit) দাখিল কৰাত ব্যৰ্থ হৈছে, যাৰ বাবে ৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

ন্যায়াধীশ আহসানউদ্দিন আমানুল্লাহ আৰু ন্যায়াধীশ এন.ভি. আনজাৰিয়াৰ বিচাৰপীঠে এই গোচৰটোৰ শুনানি গ্ৰহণ কৰি আছিল। ইয়াৰ পূৰ্বে ২০২৫ চনৰ নৱেম্বৰ মাহত আদালতে নিৰ্দেশ দিছিল যে দেশৰ ব্যক্তিগত বিশ্ববিদ্যালয়সমূহৰ গঠন, কাৰ্যপ্ৰণালী, শাসন ব্যৱস্থা, পুঁজি আৰু নিয়ন্ত্ৰণৰ ওপৰত এক বিতং শপতনাম ভাৰত চৰকাৰৰ কেবিনেট সচিবৰ দ্বাৰা ব্যক্তিগতভাৱে নিশ্চিত (Affirmed) কৰিব লাগিব। আদালতে স্পষ্ট কৰি দিছিল যে এই দায়িত্ব আন কাৰোবাৰ ওপৰত অৰ্পণ (Delegation) কৰিব নোৱাৰিব।

Apply Now

অৱশ্যে কেন্দ্ৰীয় চৰকাৰে কেবিনেট সচিবৰ পৰিৱৰ্তে শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ সচিবৰ জৰিয়তেহে এই শপতনামাহ দাখিল কৰে। কেন্দ্ৰীয় চৰকাৰ আৰু ইউজিচিৰ (UGC) হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতত উল্লেখ কৰে যে কেন্দ্ৰীয় স্তৰত প্ৰশাসনিক পদানুক্ৰমৰ বাবে কেবিনেট সচিবে প্ৰত্যক্ষভাৱে বিভাগসমূহ নিয়ন্ত্ৰণ নকৰে।

আদালতে কেন্দ্ৰীয় চৰকাৰৰ এই যুক্তি খাৰিজ কৰি ইয়াক এক স্পষ্ট ন্যায়িক নিৰ্দেশৰ অৱজ্ঞা বুলি অভিহিত কৰে। বিচাৰপীঠে মন্তব্য কৰে যে কেবিনেট সচিবৰ এনে ধাৰণাৰ বাবে তেওঁলোক “আশ্চৰ্যচকিত” হৈছে। বিচাৰপীঠে কয় যে যদি কোনো প্ৰশাসনিক অসুবিধা আছিল, তেন্তে কেবিনেট সচিবে নিজেই শপতনামা দি সেয়া ব্যাখ্যা কৰিব লাগিছিল অথবা ৰেহাই বিচাৰি সুকীয়া আবেদন কৰিব লাগিছিল; কিন্তু ইয়াৰ এটাও পালন কৰা হোৱা নাই। আদালতে লগতে স্পষ্ট কৰি দিয়ে যে উচ্চ শিক্ষা সচিবৰ কেবিনেট সচিবৰ হৈ ৰেহাই বিচৰাৰ কোনো অধিকাৰ নাই। অৱশেষত আদালতে কেন্দ্ৰীয় চৰকাৰক দুই সপ্তাহৰ ভিতৰত সংশ্লিষ্ট মন্ত্ৰালয়ৰ সচিবৰ দ্বাৰা সত্যায়িত কৰি পুনৰ এক নতুন অতিৰিক্ত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে বিচাৰপীঠে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ শপতনামা দাখিলৰ স্থিতিও পৰ্যালোচনা কৰে:

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্থিতি:

শপতনামা দাখিল কৰা ৰাজ্যসমূহ: অসম, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, কৰ্ণাটক, ঝাৰখণ্ড, মণিপুৰ, মেঘালয়, পঞ্জাৱ, নাগালেণ্ড, উত্তৰ প্ৰদেশ, ত্ৰিপুৰা আৰু ছিকিম।

আদালতত উপস্থিত থকা কিন্তু শপতনামা দাখিল নকৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল: অন্ধ্ৰ প্ৰদেশ, বিহাৰ, ছত্তীশগড়, হিমাচল প্ৰদেশ, কেৰালা, মধ্যপ্ৰদেশ, ওড়িশা, ৰাজস্থান, গোৱা, মিজোৰাম, তামিলনাডু, তেলেংগানা, পুডুচেৰী, জম্মু-কাশ্মীৰ আৰু পশ্চিমবংগ। তেওঁলোকৰ মুখ্য সচিবসকললৈ আদালতে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

উপস্থিত নথকা আৰু শপতনামা দাখিল নকৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল: গুজৰাট, মহাৰাষ্ট্ৰ, উত্তৰাখণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলি আৰু দমন আৰু ডিউ, দিল্লী, লাডাখ, লাক্ষাদ্বীপ আৰু চণ্ডীগড়। আদালতৰ নিৰ্দেশ অৱমাননাৰ বাবে তেওঁলোকৰ মুখ্য সচিবসকলৰ বিৰুদ্ধে কিয় আদালত অৱমাননাৰ কাৰ্যবিধি আৰম্ভ কৰিব নালাগে, তাৰ উত্তৰ বিচাৰি জাননী জাৰি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd