• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০২৬-ত বিজেপিক উৎখাতৰ লক্ষ্য; কংগ্ৰেছক নিৰ্বাচনী মিত্ৰতাৰ উদ্যোগ ল’বলৈ আহ্বান চাৰি বাঁও দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2026 9:40 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিৰ কাৰ্যালয়ত ৰাজ্যৰ চাৰিটা বাঁও দলৰ ৰাজ্যিক নেতৃবৃন্দৰ এখন যৌথ সভা অনুষ্ঠিত হয়। চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু কেন্দ্ৰীয় কমিটিৰ সদস্য ইচফাকুৰ ৰহমান, চিপিআইৰ ৰাজ্য পৰিষদৰ সম্পাদক কনক গগৈ, ৰাজ্যিক নেতা কৃষ্ণ গগৈ আৰু ফণীধৰ দাস, চিপিআই(এম-এল)ৰ ৰাজ্যিক নেতা পংকজ কুমাৰ দাস আৰু ফৰৱাৰ্ড ব্লকৰ ৰাজ্যিক অধ্যক্ষ মিহিৰ নন্দীৰ অংশগ্ৰহণত আৰু ইচফাকুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধন (এছ আৰ) প্ৰক্ৰিয়াৰ নামত চলা গুৰুতৰ বিসংগতি, অনিয়ম আৰু অৰাজক পৰিস্থিতি সম্পৰ্কে বিতং আলোচনা কৰা হয়।

সভাৰ অন্তত বাঁও দলসমূহে যৌথভাৱে প্ৰকাশ কৰা এটা বিবৃতিত অভিযোগ কৰে যে অসমত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ নামত শাসকীয় বিজেপি দলে হাজাৰ হাজাৰ বৈধ ভাৰতীয় নাগৰিকৰ, বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ নাগৰিকসকলৰ ভোটাধিকাৰ হৰণৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰ, নিৰ্বাচন আয়োগৰ পক্ষপাতিত্ব, ব্যৰ্থতা আৰু নিষ্ক্ৰিয়তা তথা বিজেপিৰ নেতা-কৰ্মীৰ দুষ্কৰ্মৰ ফলত ৰাজ্যত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি বিবৃতিত উল্লেখ কৰা হয়।

Apply Now

বাঁও দলসমূহে জনাইছে যে এতিয়ালৈকে ৰাজ্যত ১০ লক্ষাধিক লোকৰ বিৰুদ্ধে আপত্তি দৰ্শোৱা হৈছে আৰু নিৰ্বাচন আয়োগেও কোনো বাছ-বিচাৰ নকৰি যধে-মধে শুনানিৰ বাবে জাননী জাৰি কৰিছে। শুনানিৰ নামতো অকল্পনীয় হাৰাশাস্তি চলোৱা বুলি তেওঁলোকে অভিযোগ কৰে। বিবৃতিত কোৱা হৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোটাৰ তালিকা সংশোধনৰ নামত ‘এজনো হিন্দু আৰু খিলঞ্জীয়া লোকৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰা হোৱা নাই’ বুলি কৰা ঘোষণা বাস্তৱসন্মত নহয়। কাৰণ বাস্তৱত খিলঞ্জীয়া মুছলমান লোকৰ বিৰুদ্ধেও বিভিন্ন সমষ্টিত শ শ নাগৰিকক ‘মৃত’ অথবা ‘অনুপস্থিত’ সজাই ভুৱা আপত্তি দাখিল আৰু জাননী জাৰি কৰা দেখা গৈছে। বহু ঠাইত অভিযোগকাৰীও ভুৱা বুলি প্ৰমাণিত হোৱা বুলি বাঁও দলসমূহে দাবী কৰে।

প্ৰশাসন আৰু নিৰ্বাচনী বিষয়াৰ ভূমিকাক সমালোচনা কৰি বাঁও দলসমূহে কয় যে তেওঁলোকেই নিৰ্বাচনী বিধি-নিয়ম আৰু আইন-কানুন ভংগ কৰি শাসক দলৰ কুকাণ্ডৰ অংশীদাৰ হৈ পৰিছে। তেওঁলোকে এই অৰাজক পৰিস্থিতিৰ শীঘ্ৰেই অৱসান ঘটাবলৈ আৰু সকলো বৈধ নাগৰিকৰ নাম সন্নিৱিষ্ট এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰিবলৈ দাবী জনায়। ইয়াৰ লগতে সকলো গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দল-সংগঠন তথা শুভবুদ্ধিসম্পন্ন নাগৰিক সমাজক ভাৰতীয় প্ৰজাতন্ত্ৰ ধ্বংস কৰিব বিচৰা অশুভ শক্তিৰ চক্ৰান্ত ব্যৰ্থ কৰিবলৈ আহ্বান জনায়।

সভাত অসম বিধানসভাৰ সমাগত নিৰ্বাচন সন্দৰ্ভতো আলোচনা কৰা হয়। সাম্প্ৰদায়িক বিজেপিৰ কু-শাসনৰ অৱসান ঘটাই শাসক দল আৰু তেওঁলোকৰ সহযোগী শক্তিক ক্ষমতাৰ পৰা উৎখাত কৰাৰ লক্ষ্যৰে সকলো বিজেপি-বিৰোধী ধৰ্মনিৰপেক্ষ দলক ঐক্যবদ্ধ হ’বলৈ বাঁও দলসমূহে আহ্বান জনায়। নিৰ্বাচনী মিত্ৰতা গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্যৰ প্ৰধান বিৰোধী দল হিচাপে কংগ্ৰেছক অবিম্বে মূল উদ্যোগ গ্ৰহণ কৰিবলৈ তেওঁলোকে যৌথভাৱে আহ্বান জনায়।

ইফালে, অহা ৩০ জানুৱাৰীৰ ‘শ্বহীদ দিৱস’ৰ দিনা বাঁও দলসমূহে যৌথভাৱে এক প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছে। সেইদিনা মহাত্মা গান্ধীক স্মৰণ কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰামাঞ্চলৰ শ্ৰমিকৰ কাম কৰাৰ আইনী অধিকাৰ কাঢ়ি নি এমজিএনৰেগা (MGNREGA) বাতিল কৰা আৰু চৰকাৰী আঁচনিৰ পৰা দৰিদ্ৰ লোকক বঞ্চিত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি বিবৃতিটোৰ জৰিয়তে জনোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd