• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ দৰ্শকক ভৰপূৰ মনোৰঞ্জন দিলে সূৰ্য্য-অভিষেকে, ১০ অ’ভাৰতে ‘খেল-খতম’; ছিৰিজ জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2026 8:01 am
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা বছৰৰ চেম্পিয়ন মেন ইন ব্লুৱে টি-২০ বিশ্বকাপৰ প্ৰস্তুতি ভালদৰে আগবঢ়াই নিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃংখলাত জয়লাভ কৰিলে সূৰ্যকুমাৰ যাদৱৰ দলটোৱে। ভাৰতীয় দলটোৱে প্ৰতিখন মেচতে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে। এপষেকৰ পাছত ঘৰৰ মাটিত আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে তাত ভাৰতে খিতাপ দখল কৰাৰ আশা কৰিছে।

দেওবাৰে গুৱাহাটীত টছত জয়ী হোৱাৰ সৌভাগ্য হৈছিল ভাৰতৰ। সূৰ্য্যই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। এই মেচত দললৈ ঘূৰি আহিছিল যশপ্ৰীত বুমৰাহ আৰু ৰবি বিষ্ণোই। টীম মনেজমেন্টৰ এই পদক্ষেপতে পৰাস্ত হয় নিউজিলেণ্ড।

Apply Now

মুঠ ৫টা উইকেট দখল কৰে বলাৰ দুগৰাকীয়ে। ৮ অভাৰত মাত্ৰ ৩৫ ৰানহে খৰচ কৰে। নিউজিলেণ্ডে টাইট বলিং চম্ভালি কেনেবাকৈ ১৫০ ৰান অতিক্ৰম কৰিবলৈ সক্ষম হয়। এই সৰু টাৰ্গেট অভিষেক শৰ্মা বাহিনীৰ বাবে চিন্তাৰ নাছিল। ভাৰতৰ বেটিং লাইন আপে বিস্ফোৰক গতিৰে ৰান সংগ্ৰহ কৰি ছিৰিজ জয় নিশ্চিত কৰে।

প্ৰথমে বেটিং কৰিবলৈ নমাৰ সময়ত খৰখেদাকৈ ৩টা উইকেট হেৰুৱাই নিউজিলেণ্ড বাহিনী যথেষ্ট বিপদত পৰিছিল। তাৰ পৰাই গ্লেন ফিলিপছ আৰু মাৰ্ক চেপমেনে নিউজিলেণ্ডক পুনৰ মেচখনলৈ ঘুৰাই আনিবলৈ চেষ্টা কৰে। তেওঁলোকে ৫১ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। অৱশ্যে প্ৰতিটো ৰানৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছিল দলটো। ২০ অভাৰৰ শেষত নিউজিলেণ্ডৰ স্ক’ৰ ১৫৩ ৰান হয়। বুমৰাহে ৩, বিষ্ণোই ২, হাৰ্দিক ২, হৰ্ষিতে ১ টা উইকেট দখল কৰে।

১৫৪ ৰানৰ লক্ষ্য অতিক্ৰমৰ বাবে নামি সঞ্জু চেমছনে প্ৰথমটো বলতে আউট হৈছিল। তথাপি ভাৰতৰ ওপৰত ইমান চাপ নাছিল। অভিষেকে সচৰাচৰ কৰাৰ দৰে সংহাৰমূৰ্তি ধাৰণ কৰে। তেওঁৰ সংগী আছিল ঈশান কিষাণ, যিয়ে শেষৰখন খেলত অৰ্ধশতক অৰ্জন কৰিছিল। ঈশানে নিজৰ বেটৰ পৰা একেৰাহে দুটা ছয় মাৰে। অৱশ্যে তেওঁ ২৮ ৰানত আউট হয়।

তাৰ পৰাই অধিনায়কৰ সৈতে অভিষেক মেচখন খৰধৰকৈ শেষ কৰিবলৈ লাগি পৰিল। তেওঁ মাত্ৰ ২০টা বলতে ৩৪০ ষ্ট্ৰাইক ৰেটেৰে ৬৮ ৰান সংগ্ৰহ কৰে। যোৱা মেচৰ পিছত এই মেচতো অধিনায়কৰ অৰ্ধশতক আহিছে। বিশ্বকাপৰ পূৰ্বে তেওঁৰ ফৰ্মলৈ ঘূৰি অহাটোৱে ভাৰতীয় ক্ৰিকেট অনুৰাগীক সকাহ দিব।

সংক্ষিপ্ত স্কোৰঃ

নিউজিলেণ্ড: ১৫৩/৯ (ফিলিপছ ৪৮, বুমৰাহ ৩/১৭)

ভাৰতঃ ১৫৫/২ (অভিষেক ৬৮*, সূৰ্য্যকুমাৰ ৫৭*)

ভাৰতে ৮ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

অত্যাধিক ঘনিষ্ঠতাৰ বাবেই ভাঙিছে নেকি সম্পৰ্ক! প্ৰেম জীয়াই ৰাখিবলৈ কিছু দূৰত্ব প্ৰয়োজন বুলি কৈছে মনোবিজ্ঞানীয়ে

June 5, 2026 6:45 am
জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

কেবিনেটত এলাগী মৰান-মটকৰ প্ৰতিনিধি; ডিব্ৰুগড়-তিনিচুকীয়াত ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান

June 5, 2026 8:46 am
তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

তলাবন্ধ ফ্লেটৰ পৰা উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাৰ মৃতদেহ; হত্যাৰ সন্দেহ আৰক্ষীৰ

June 5, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd