ই-কমাৰ্চ খণ্ডৰ অগ্ৰণী প্ৰতিষ্ঠান আমাজনে বুধবাৰে ঘোষণা কৰিছে যে কোম্পানীটোৱে বিশ্বজুৰি তেওঁলোকৰ ১৬,০০০ গৰাকী কৰ্মচাৰীক অব্যাহতি দিব। বিগত অক্টোবৰ মাহত ঘোষণা কৰা পুনৰ্গঠন প্ৰক্ৰিয়াৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সদৰী কৰিছে প্ৰতিষ্ঠানটোৱে। উল্লেখ্য যে, অক্টোবৰত কোম্পানীটোৱে ইতিমধ্যে ১৪,০০০ পদ কৰ্তনৰ পৰিকল্পনাৰ কথা সদৰী কৰিছিল ।
আমাজনৰ জ্যেষ্ঠ উপ-সভাপতি বেথ গালেট্টিয়ে এক বিবৃতিত জনাইছে যে কোম্পানীৰ কাম-কাজৰ স্তৰ হ্ৰাস কৰা, মালিকীস্বত্ব বা দায়িত্ববোধ বৃদ্ধি কৰা আৰু আমোলাতান্ত্ৰিক জটিলতা আঁতৰোৱাৰ লক্ষ্যৰে এই কৰ্মচাৰী ছাটাইৰ সিদ্ধান্ত লোৱা হৈছে।
প্ৰতিবেদন অনুসৰি, আমাজনে মুঠ ৩০,০০০ পদ কৰ্তনৰ যি পৰিকল্পনা কৰিছে, তাৰ প্ৰভাৱ কোম্পানীটোৰ প্ৰায় ১০ শতাংশ কাৰ্যালয়ৰ কৰ্মচাৰীৰ (Office jobs) ওপৰত পৰিব। অৱশ্যে, সামগ্ৰী বিতৰণ আৰু গুদামঘৰত (Distribution and warehouse) কাম কৰা প্ৰায় ১৫ লাখ কৰ্মচাৰীৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নপৰে।
আমাজনে বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰিছে আৰু ইয়াৰ মাজতে এই বৃহৎ পৰিমাণে কৰ্মচাৰীক অব্যাহতি দিয়াৰ খবৰ আহি পৰিছে। অৱশ্যে এই সন্দৰ্ভত কোম্পানীটোৱে কোনো বিতং তথ্য প্ৰদান কৰাৰ পৰা বিৰত আছে। তেওঁলোকে জনোৱা মতে, গ্ৰাহকৰ বাবে নতুন উদ্ভাৱন আৰু কামৰ গতি বৃদ্ধিৰ স্বাৰ্থত প্ৰতিটো দলেই সময় সাপেক্ষে এনে সালসলনি অব্যাহত ৰাখিব।
উল্লেখ্য যে প্ৰতিষ্ঠানটোৱে অহা ৬ ফেব্ৰুৱাৰীত তেওঁলোকৰ ২০২৫ চনৰ বিত্তীয় ফলাফল ঘোষণা কৰিব। সেই দিনাই এক সন্মিলনৰ জৰিয়তে কোম্পানীটোৱে তেওঁলোকৰ পৰৱৰ্তী স্থিতি তথা কৰ্মচাৰীৰ অব্যাহতিৰ প্ৰক্ৰিয়াৰ বিষয়ে অধিক স্পষ্ট কৰাৰ সম্ভাৱনা আছে।





