বুধবাৰে দুপৰীয়া দেশৰ উচ্চতম ন্যায়ালয়ত এক বিৰল দৃশ্য দেখা গ’ল য’ত কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজেই নিজৰ পক্ষ সমৰ্থন কৰি যুক্তি প্ৰদৰ্শন কৰে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়ে প্রধান বিচাৰপতি সূৰ্য কান্তৰ বিচাৰপীঠত থিয় হৈ নিৰ্বাচন আয়োগ আৰু এছআইআৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।
স্বাধীনোত্তৰ ভাৰতত প্ৰথমবাৰৰ বাবে এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেদৰে আদালতত থিয় হৈ নাগৰিকৰ অধিকাৰৰ হকে সৱাল কৰা কাৰ্যই সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। শুনানিৰ আৰম্ভণিতে আৱেগিক হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ইয়াত কোনো ৰাজনৈতিক দলৰ হৈ নহয়, বৰঞ্চ এজন সাধাৰণ নাগৰিক আৰু ৰাজ্যৰ দায়িত্বশীল ব্যক্তি হিচাপেহে ন্যায় বিচাৰি আহিছে। তেওঁ আদালতক ধন্যবাদ জনাই কয় যে ন্যায় বিচাৰি মানুহ হাবাথুৰি খাইছে আৰু যেতিয়া ন্যায়ালয়ৰ দুৱাৰমুখতো ন্যায় পোৱা নাযায়, তেতিয়াই আচল সমস্যাৰ সৃষ্টি হয়।
মমতা বন্দ্যোপাধ্যায়ে নিৰ্বাচনী ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ প্ৰসংগটো উত্থাপন কৰি ইয়াক হোৱাটছ্এপ কমিছন বুলি অভিহিত কৰে। তেওঁ অভিযোগ কৰে যে সমগ্ৰ প্ৰক্ৰিয়াটো কেৱল বৈধ নাগৰিকৰ নাম তালিকাৰ পৰা বাদ দিবলৈহে পৰিকল্পনা কৰা হৈছে। বিয়াৰ পিছত উপাধি সলনি কৰা মহিলা বা জীৱিকাৰ বাবে আন ঠাইলৈ যোৱা শ্ৰমিকসকলৰ নাম লজিকেল ডিছক্ৰিপেনচি বা যুক্তিহীন অমিলৰ দোহাই দি কাটি দিয়া হৈছে বুলি তেওঁ দাবী কৰে। আনকি জীৱিত মানুহকো মৃত ঘোষণা কৰি তালিকাৰ পৰা নাম আঁতৰোৱা হৈছে বুলি তেওঁ আদালতক অৱগত কৰে। তেওঁ প্রশ্ন উত্থাপন কৰে যে ২৪ বছৰৰ মূৰত হঠাৎ নিৰ্বাচনৰ আগে আগে কিয় ইমান খৰখেদাকৈ এই কাম কৰা হৈছে আৰু কেৱল পশ্চিমবংগক কিয় লক্ষ্য কৰি লোৱা হৈছে। তেওঁৰ মতে অসমৰ দৰে ৰাজ্যত কিয় এনে হোৱা নাই সেইটোও এক ডাঙৰ প্ৰশ্ন।
মুখ্যমন্ত্ৰীগৰাকীয়ে আদালতত অভিযোগ কৰে যে বিজেপি শাসিত ৰাজ্যৰ পৰা প্ৰায় ৮৩০০ মাইক্ৰ’ অবজাৰ্ভাৰ আনি অফিচত বহি বহি নাম কটাৰ কাম চলিছে। তেওঁ কয় যে ইয়াৰ ফলত ৰাজ্যত শতাধিক লোকৰ মৃত্যু হৈছে আৰু বহুতো বিএলঅ’ অসুস্থ হৈ পৰিছে। আনহাতে নিৰ্বাচন আয়োগৰ অধিবক্তাই যুক্তি দিয়ে যে ৰাজ্য চৰকাৰে পৰ্যাপ্ত বিষয়া নিদিয়াৰ বাবেই তেওঁলোকে বাহিৰৰ পৰা অবজাৰ্ভাৰ আনিবলগীয়া হৈছে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই দাবী অস্বীকাৰ কৰে। দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত উচ্চতম ন্যায়ালয়ে এক বাস্তৱসন্মত সমাধানৰ ইংগিত দিয়ে। প্রধান বিচাৰপতিয়ে স্পষ্ট কৰি দিয়ে যে এজনো প্ৰকৃত নাগৰিকৰ নাম যেন ভোটাৰ তালিকাৰ পৰা বাদ নপৰে। আদালতে ৰাজ্য চৰকাৰক অহা সোমবাৰৰ ভিতৰত তেওঁলোকে দিব পৰা গ্ৰুপ বি বিষয়াৰ তালিকা জমা দিবলৈ নিৰ্দেশ দিছে আৰু পৰ্যাপ্ত বিষয়া পালে মাইক্ৰ’ অবজাৰ্ভাৰৰ প্ৰয়োজন নহ’ব বুলি জানিবলৈ দিয়ে।
মমতা বন্দ্যোপাধ্যায়ে সঁপি দিয়া এই আইনী যুঁজখনে আগন্তুক নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ ৰাজনীতিত এক বিশেষ মাত্ৰা যোগ কৰিছে। আদালতত তেওঁৰ এই সাহসী অৱস্থান আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তোলা অভিযোগসমূহে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে। আদালতে আয়োগক অধিক সংবেদনশীল হ’বলৈ আৰু অযথা জাননী জাৰি কৰি নাগৰিকক হাৰাশাস্তি নকৰিবলৈও পৰামৰ্শ দিছে। সোমবাৰে হ’বলগীয়া পৰৱৰ্তী শুনানিত এই বিষয়ত আদালতে কি চূড়ান্ত সিদ্ধান্ত লয়, তাৰ ওপৰতে এতিয়া সকলোৰে চকু নিৱদ্ধ হৈ আছে।





