• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘এইটো হোৱাটছ্‌এপ কমিছন’, কাম কেৱল নাম কৰ্তন কৰা— উচ্চতম ন্যায়ালয়ত মমতাৰ তীব্ৰ আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2026 4:12 pm
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে দুপৰীয়া দেশৰ উচ্চতম ন্যায়ালয়ত এক বিৰল দৃশ্য দেখা গ’ল য’ত কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নিজেই নিজৰ পক্ষ সমৰ্থন কৰি যুক্তি প্ৰদৰ্শন কৰে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়ে প্রধান বিচাৰপতি সূৰ্য কান্তৰ বিচাৰপীঠত থিয় হৈ নিৰ্বাচন আয়োগ আৰু এছআইআৰ প্ৰক্ৰিয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।

স্বাধীনোত্তৰ ভাৰতত প্ৰথমবাৰৰ বাবে এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেদৰে আদালতত থিয় হৈ নাগৰিকৰ অধিকাৰৰ হকে সৱাল কৰা কাৰ্যই সৰ্বত্ৰ চৰ্চা লাভ কৰিছে। শুনানিৰ আৰম্ভণিতে আৱেগিক হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ ইয়াত কোনো ৰাজনৈতিক দলৰ হৈ নহয়, বৰঞ্চ এজন সাধাৰণ নাগৰিক আৰু ৰাজ্যৰ দায়িত্বশীল ব্যক্তি হিচাপেহে ন্যায় বিচাৰি আহিছে। তেওঁ আদালতক ধন্যবাদ জনাই কয় যে ন্যায় বিচাৰি মানুহ হাবাথুৰি খাইছে আৰু যেতিয়া ন্যায়ালয়ৰ দুৱাৰমুখতো ন্যায় পোৱা নাযায়, তেতিয়াই আচল সমস্যাৰ সৃষ্টি হয়।

Apply Now

মমতা বন্দ্যোপাধ্যায়ে নিৰ্বাচনী ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ প্ৰসংগটো উত্থাপন কৰি ইয়াক হোৱাটছ্‌এপ কমিছন বুলি অভিহিত কৰে। তেওঁ অভিযোগ কৰে যে সমগ্ৰ প্ৰক্ৰিয়াটো কেৱল বৈধ নাগৰিকৰ নাম তালিকাৰ পৰা বাদ দিবলৈহে পৰিকল্পনা কৰা হৈছে। বিয়াৰ পিছত উপাধি সলনি কৰা মহিলা বা জীৱিকাৰ বাবে আন ঠাইলৈ যোৱা শ্ৰমিকসকলৰ নাম লজিকেল ডিছক্ৰিপেনচি বা যুক্তিহীন অমিলৰ দোহাই দি কাটি দিয়া হৈছে বুলি তেওঁ দাবী কৰে। আনকি জীৱিত মানুহকো মৃত ঘোষণা কৰি তালিকাৰ পৰা নাম আঁতৰোৱা হৈছে বুলি তেওঁ আদালতক অৱগত কৰে। তেওঁ প্রশ্ন উত্থাপন কৰে যে ২৪ বছৰৰ মূৰত হঠাৎ নিৰ্বাচনৰ আগে আগে কিয় ইমান খৰখেদাকৈ এই কাম কৰা হৈছে আৰু কেৱল পশ্চিমবংগক কিয় লক্ষ্য কৰি লোৱা হৈছে। তেওঁৰ মতে অসমৰ দৰে ৰাজ্যত কিয় এনে হোৱা নাই সেইটোও এক ডাঙৰ প্ৰশ্ন।

মুখ্যমন্ত্ৰীগৰাকীয়ে আদালতত অভিযোগ কৰে যে বিজেপি শাসিত ৰাজ্যৰ পৰা প্ৰায় ৮৩০০ মাইক্ৰ’ অবজাৰ্ভাৰ আনি অফিচত বহি বহি নাম কটাৰ কাম চলিছে। তেওঁ কয় যে ইয়াৰ ফলত ৰাজ্যত শতাধিক লোকৰ মৃত্যু হৈছে আৰু বহুতো বিএলঅ’ অসুস্থ হৈ পৰিছে। আনহাতে নিৰ্বাচন আয়োগৰ অধিবক্তাই যুক্তি দিয়ে যে ৰাজ্য চৰকাৰে পৰ্যাপ্ত বিষয়া নিদিয়াৰ বাবেই তেওঁলোকে বাহিৰৰ পৰা অবজাৰ্ভাৰ আনিবলগীয়া হৈছে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে এই দাবী অস্বীকাৰ কৰে। দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত উচ্চতম ন্যায়ালয়ে এক বাস্তৱসন্মত সমাধানৰ ইংগিত দিয়ে। প্রধান বিচাৰপতিয়ে স্পষ্ট কৰি দিয়ে যে এজনো প্ৰকৃত নাগৰিকৰ নাম যেন ভোটাৰ তালিকাৰ পৰা বাদ নপৰে। আদালতে ৰাজ্য চৰকাৰক অহা সোমবাৰৰ ভিতৰত তেওঁলোকে দিব পৰা গ্ৰুপ বি বিষয়াৰ তালিকা জমা দিবলৈ নিৰ্দেশ দিছে আৰু পৰ্যাপ্ত বিষয়া পালে মাইক্ৰ’ অবজাৰ্ভাৰৰ প্ৰয়োজন নহ’ব বুলি জানিবলৈ দিয়ে।

মমতা বন্দ্যোপাধ্যায়ে সঁপি দিয়া এই আইনী যুঁজখনে আগন্তুক নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ ৰাজনীতিত এক বিশেষ মাত্ৰা যোগ কৰিছে। আদালতত তেওঁৰ এই সাহসী অৱস্থান আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তোলা অভিযোগসমূহে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে। আদালতে আয়োগক অধিক সংবেদনশীল হ’বলৈ আৰু অযথা জাননী জাৰি কৰি নাগৰিকক হাৰাশাস্তি নকৰিবলৈও পৰামৰ্শ দিছে। সোমবাৰে হ’বলগীয়া পৰৱৰ্তী শুনানিত এই বিষয়ত আদালতে কি চূড়ান্ত সিদ্ধান্ত লয়, তাৰ ওপৰতে এতিয়া সকলোৰে চকু নিৱদ্ধ হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm
নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

August 12, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd