এসময়ৰ আঞ্চলিকতাবাদৰ অভেদ্য দুৰ্গ হিচাপে পৰিচিত বঢ়মপুৰ বিধানসভা সমষ্টিক কেন্দ্ৰ কৰি দুই মিত্ৰদল বিজেপি আৰু অগপৰ মাজত সংঘাত এতিয়া তুংগত। বিগত ২০২১ চনৰ নিৰ্বাচনত বিজেপিৰ দখললৈ যোৱা এই আসনখন পুনৰ ওভতাই পাবলৈ অগপই ব্যাপক কুচকাৱাজ আৰম্ভ কৰাৰ পৰিপ্ৰেক্ষিতত মিত্ৰজোঁটৰ মাজত ফাঁট মেলাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
অগপৰ নগাঁও জিলা সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তই সমষ্টিটোত সাংগঠনিক তৎপৰতা বৃদ্ধি কৰি মিত্ৰদল বিজেপিৰ বৰ্তমানৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰিছে।
অগপ নেতা মণিমাধৱ মহন্তৰ মতে, বঢ়মপুৰ আজিও অগপৰে দুৰ্গ। তেওঁ উল্লেখ কৰে যে অগপৰ জন্মলগ্নৰ পৰা একেৰাহে ৩৫ বছৰ ধৰি এই সমষ্টিটো দলৰ দখলত আছিল আৰু ইয়াৰ পৰাই প্ৰফুল্ল কুমাৰ মহন্ত দুবাৰকৈ মুখ্যমন্ত্ৰী হৈছিল। যোৱাবাৰ কেৱল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অসুস্থতাৰ বাবেহে আসনখন বিজেপিক এৰি দিয়া হৈছিল। মহন্তই দাবী কৰে যে বৰ্তমানৰ বিজেপি বিধায়কগৰাকীৰ বিৰুদ্ধে তীব্ৰ ‘প্ৰতিষ্ঠান বিৰোধী ঢৌ’ চলিছে, যাৰ বাবে এইবাৰ আসনখন অগপই পুনৰ বিচাৰিছে।
মণিমাধৱ মহন্তৰ এই মন্তব্যৰ পাছতেই সমষ্টিটোৰ বিজেপি কৰ্মীসকলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে মহন্তৰ মন্তব্যক ‘হাস্যকৰ’ আখ্যা দি কয় যে যি উন্নয়ন বিগত ৭৫ বছৰত সম্ভৱ হোৱা নাছিল, সেয়া বিধায়ক জিতু গোস্বামীয়ে মাত্ৰ চাৰি বছৰতে কৰি দেখুৱাইছে। বিজেপি কৰ্মীসকলৰ মতে, প্ৰফুল্ল কুমাৰ মহন্তৰ দিনত সমষ্টিবাসীয়ে চৰম জীয়াতু ভুগিবলগীয়া হৈছিল। তেওঁলোকে দাবী কৰে যে আগন্তুক নিৰ্বাচনত জিতু গোস্বামী বিপুল ভোটত পুনৰ জয়ী হ’ব।
ৰাজ্যৰ শীৰ্ষ নেতৃত্বই মিত্ৰতা অটুট থকা বুলি দাবী কৰিলেও, বঢ়মপুৰৰ এই বাকযুদ্ধই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত থকা তীব্ৰ অসন্তুষ্টি উদঙাই দিছে। মিত্ৰদলৰ মাজৰ এই শীতল যুদ্ধই আগন্তুক নিৰ্বাচনত কি পাক লয়, সেয়া লক্ষণীয় হ’ব।





