আমেৰিকাৰ মধ্যস্থতাত যুদ্ধবিৰতি বলবৎ হোৱাৰ পাছতো গাজা ষ্ট্ৰিপত ইজৰাইলী সামৰিক আক্ৰমণ অব্যাহত আছে। ৪ ফেব্ৰুৱাৰী, বুধবাৰে গাজাৰ বিভিন্ন অঞ্চলত চলোৱা ইজৰাইলী আক্ৰমণত অতি কমেও ২১ ৰ পৰা ২৩ জন পেলেষ্টাইনী লোক নিহত হয়। নিহতসকলৰ ভিতৰত কেইবাটিও শিশু, মহিলা আৰু এজন পেৰামেডিক অন্তৰ্ভুক্ত আছে। যোৱা চাৰি মাহৰ যুদ্ধবিৰতিৰ পাছত এয়া আটাইতকৈ ভয়ংকৰ দিনসমূহৰ ভিতৰত অন্যতম বুলি বিবেচিত হৈছে।
অল জাজীৰাৰ সূত্ৰ অনুসৰি, গাজা চিটিৰ তুফ্ফাহ আৰু জাইতুন অঞ্চলত চলোৱা গোলাবৰ্ষণত ১৪ জন লোকৰ মৃত্যু হৈছে। আনহাতে, দক্ষিণ গাজাৰ খান ইউনিছৰ ওচৰৰ কিজান আবু ৰশ্বৱান আৰু আল-মাৱাচী অঞ্চলত আশ্ৰয় শিবিৰসমূহক লক্ষ্য কৰি লোৱা আক্ৰমণত আৰু বহু লোকে প্ৰাণ হেৰুৱাইছে। মৃতসকলৰ ভিতৰত এগৰাকী ১১ বছৰীয়া ছোৱালী আৰু দুটা শিশুও আছে।
গাজাৰ চিফা হাস্পতালৰ সঞ্চালক ডাঃ মহম্মদ আবু চেলিমিয়াই কয়, “আমাৰ লোকসকলৰ বিৰুদ্ধে গণহত্যা অব্যাহত আছে। যদিহে যুদ্ধবিৰতি চলি আছে, তেন্তে এই আক্ৰমণবোৰ কিয় হৈছে?”
অল জাজীৰাৰ সংবাদ দাতা তাৰেক আবু আজুমৰ মতে, গাজা চিটিৰ কেইবাটাও আৱাসিক গৃহত কোনো আগতীয়া সতৰ্কবাণী নোহোৱাকৈয়ে আক্ৰমণ চলোৱা হৈছে। তেওঁ জনোৱা মতে, যোৱা কেইঘণ্টামানত ইজৰাইলী সামৰিক তৎপৰতা বৃদ্ধি পাইছে আৰু ড্ৰোণবোৰ অহৰহ আকাশত উৰি থকা দেখা গৈছে, যাৰ ফলত অধিক আক্ৰমণৰ আশংকা ঘনীভূত হৈছে।
ইজৰাইলৰ মতে, এজন ইজৰাইলী ৰিজাৰ্ভ সৈনিকৰ ওপৰত হোৱা গুলীবৰ্ষণৰ প্ৰত্যুত্তৰতহে এই আক্ৰমণ চলোৱা হৈছে। ইজৰাইলী সেনাৰ মতে, এই ঘটনা উত্তৰ গাজাৰ সেই ‘য়েলো লাইন’ৰ ওচৰত সংঘটিত হৈছিল, যিয়ে ইজৰাইলী সামৰিক নিয়ন্ত্ৰণাধীন অঞ্চলসমূহক দৰ্শায়। অৱশ্যে স্থানীয় সাংবাদিকৰ মতে, এই সীমা লাহে লাহে আগবঢ়াই নিয়া হৈছে, যাৰ ফলত পূব গাজাৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে, যুদ্ধবিৰতি বলবৎ হোৱাৰ পাছৰে পৰা ইজৰাইলৰ আক্ৰমণত এতিয়ালৈকে ৫২০ জনতকৈ অধিক পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই যুদ্ধত এতিয়ালৈকে ৭১,৮০০ তকৈ অধিক পেলেষ্টাইনী নিহত হৈছে। ৰাষ্ট্ৰসংঘৰ তদন্ত আৰু কেইবাটা মানৱাধিকাৰ সংগঠনে এই কাৰ্যক ‘গণহত্যা’ বুলি অভিহিত কৰিছে যদিও ইজৰাইলে এই অভিযোগ নাকচ কৰি আহিছে। এই বিষয়টো এতিয়া আন্তৰ্জাতিক ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।
ইফালে ৰাফা সীমান্তৰে চিকিৎসাজনিত স্থানান্তৰৰ প্ৰক্ৰিয়াও ব্যাহত হৈ পৰিছে। পেলেষ্টাইনী ৰেড ক্ৰেচেণ্ট ছচাইটিৰ মতে, অসুস্থ আৰু আহত লোকসকলক বাহিৰলৈ পঠিওৱাৰ পৰিকল্পনা প্ৰথমতে বাতিল কৰা হৈছিল যদিও পাছলৈ ইয়াক সীমিত পৰিসৰত পুনৰ আৰম্ভ কৰা হয়। গাজা স্বাস্থ্য কৰ্তৃপক্ষৰ মতে, ১৮,০০০ তকৈ অধিক ৰোগী এতিয়াও স্থানান্তৰৰ অপেক্ষাত আছে, যাৰ ভিতৰত শ শ লোকৰ অৱস্থা সংকটজনক।
গাজাৰ উপৰিও দখলীকৃত ৱেষ্ট বেংকতো হিংসাত্মক কাৰ্যকলাপ অব্যাহত আছে। জেৰিকোত ইজৰাইলী অভিযানৰ সময়ত ২৪ বছৰীয়া চৈয়দ নায়েল আল-শ্বেখ নামৰ এজন যুৱকক গুলীয়াই হত্যা কৰা হয়। যদিও যুদ্ধবিৰতিৰ অধীনত কিছু বন্দী বিনিময় আৰু মানৱীয় সাহায্য আংশিকভাৱে বৃদ্ধি পাইছে, কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা গৈছে যে গাজাৰ বাবে যুদ্ধ এতিয়াও সম্পূৰ্ণৰূপে শাম কটা নাই।





