গুৱাহাটীৰ বিপৰ্যস্ত প্ৰাকৃতিক ভাৰসাম্য এতিয়া ভয়াৱহ সংকটৰ গৰাহত। যান-জঁট আৰু নগৰ সম্প্ৰসাৰণৰ দোহাই দি প্ৰস্তাৱিত ‘ৰিং ৰোড’ প্ৰকল্পই চহৰখনৰ পূব আৰু দক্ষিণ প্ৰান্তৰ জলাশয় তথা বনাঞ্চলসমূহ নিঃশেষ কৰিবলৈ আগবাঢ়িছে। যিবোৰ প্ৰাকৃতিক কবচে গুৱাহাটীক বানপানী, অত্যাধিক উত্তাপ আৰু মানুহ-বন্যপ্ৰাণীৰ সংঘাতৰ পৰা সুৰক্ষা দি আহিছিল, সেইবোৰক ধ্বংস কৰি উন্নয়নৰ যি মানচিত্ৰ অঁকা হৈছে, সেয়া মহানগৰীৰ ভৱিষ্যতৰ বাবে এক অশনি সংকেট।
প্ৰায় ৫,৭২৯–৫,৭৩০ কোটি টকা ব্যয়সাপেক্ষ ১২১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘গুৱাহাটী ৰিং ৰোড’ প্ৰকল্পক কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই (NHAI) আহমেদাবাদস্থিত ‘দীনেশচন্দ্ৰ আৰ আগৰৱালা ইনফ্ৰাকন প্ৰাইভেট লিমিটেড’ক বিল্ড-অপাৰেট-টোল (BOT) আৰ্হিত এই দায়িত্ব অৰ্পণ কৰিছে। মহানগৰীৰ মূল কেন্দ্ৰত প্ৰৱেশ নকৰাকৈয়ে যান-বাহনসমূহক চহৰৰ এমুৰৰ পৰা আনমুৰলৈ যোৱাৰ এক বিকল্প পথ প্ৰদান কৰা আৰু দ্ৰুত যাতায়তৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ হ’বলগীয়া এই প্ৰকল্পৰ পৰিৱেশ মূল্যায়নে এক ভয়ংকৰ ছবি দাঙি ধৰিছে। ই কেৱল বনাঞ্চল বা বন্যপ্ৰাণীৰেই ক্ষতি নকৰে, বৰঞ্চ ইয়াৰ কুফল চহৰবাসীয়েও সমানেই ভোগ কৰিব লাগিব।
উল্লেখ্য যে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পটো মূলত তিনিটা পৰ্যায়ত নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ভিতৰত আছে ৫৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত উত্তৰ গুৱাহাটী বাইপাছ, খানাপাৰা আৰু সোণাপুৰৰ মাজত থকা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশবিশেষ ৭.৭৬–৮ কিলোমিটাৰলৈ বহলীকৰণ আৰু বৰ্তমানৰ ৫৮ কিলোমিটাৰ বাইপাছৰ আধুনিকীকৰণ। এই প্ৰকল্পৰ অন্যতম আকৰ্ষণ হ’ল ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া কুৰুৱা আৰু পূব গুৱাহাটীৰ সংযোগী ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন বৃহৎ ছয় লেনযুক্ত দলং। ইয়াৰ লগতে বাইহাটা চাৰিআলিৰ পৰা কুৰুৱালৈ এটা নতুন পথ নিৰ্মাণ কৰা হ’ব।
যদিও এই পথে বাইহাটা চাৰিআলি, কমলপুৰ, চন্দ্ৰপুৰ আৰু সোণাপুৰক সংযোগ কৰি মূল চহৰখনৰ যান-জঁট হ্ৰাস কৰিব বুলি চৰকাৰী পক্ষই যুক্তি দিছে, ইয়াৰ অন্তৰালত এক ভয়াৱহ পাৰিৱেশিক বিপদ লুকাই আছে। প্ৰকল্পটোৰ মানচিত্ৰই স্পষ্ট কৰিছে যে এই পথটোৱে আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সৈতে জড়িত অত্যন্ত সংবেদনশীল পৰিৱেশ তন্ত্ৰৰ মাজেৰে পোনপটীয়াকৈ পাৰ হৈ যাব।
এই প্ৰস্তাৱিত ৰিং ৰোড প্ৰকল্পই গুৱাহাটীৰ অন্যতম দুটা প্ৰাণকেন্দ্ৰ— খামৰেংগা বিল আৰু বৰবিলা বিলৰ অস্তিত্ব বিপন্ন কৰি তুলিছে। চন্দ্ৰপুৰৰ ঠাকুৰকুছি গাঁৱত অৱস্থিত খামৰেংগা বিল কেৱল এক মিঠা পানীৰ জলাশয় নহয়, ই আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ জৈৱ-পৰিমণ্ডলৰ এক অবিচ্ছেদ্য অংশ। ‘আৰণ্যক’ৰ দৰে সংৰক্ষণ সংস্থাৰ সমীক্ষা অনুসৰি, ইয়াত এদিনতে ৪৬টা পৰ্যন্ত চৰাইৰ প্ৰজাতি দেখা পোৱা যায়। ইয়াৰ উপৰি, এই জলাশয়টো বৰটোকোলা আৰু হাৰগিলা, বিৰল প্ৰজাতিৰ হাঁহ (বেয়াৰ’ছ পচাৰ্ড)ৰ লগতে সংকটাসন্ন বগা পিঠিয়া শগুন আৰু দীঘল ঠোঁটীয়া শগুনৰ দৰে প্ৰজাতিসমূহৰ এক নিৰাপদ আশ্ৰয়স্থল।
আনহাতে, প্ৰায় ৯২৯ হেক্টৰ ভূমিত বিস্তৃত বৰবিলা বিল হৈছে পৰিৱেশীয় দৃষ্টিকোণৰ পৰা আন এক গুৰুত্বপূৰ্ণ জলাশয়। ইয়াত নথিভুক্ত হোৱা ৩৪টা প্ৰজাতিৰ জলজ উদ্ভিদ বা মেক্ৰ’ফাইটসমূহে জলচৰ প্ৰাণী আৰু উভচৰ উদ্ভিদৰ বাবে এক শক্তিশালী বাসস্থান (micro-habitat) গঢ়ি তুলিছে। ই কেৱল জীৱ-জন্তুৰেই নহয়, বৰঞ্চ প্ৰাকৃতিক বান নিয়ন্ত্ৰক হিচাপেও চহৰখনক সুৰক্ষা দি আহিছে। সংৰক্ষণ কৰ্মী কৰুণা শৰ্মাৰ মতে, “এই জলাশয়বোৰ যদি প্ৰভাৱিত হয় তেন্তে পৰিৱেশ তন্ত্ৰৰ অপূৰণীয় ক্ষতি হ’ব। জলাশয় ধ্বংস কৰাটো গছ কটাতকৈ বহু বেছি গুৰুতৰ অপৰাধ।”
জলাশয়ৰ বাহিৰেও আটাইতকৈ গুৰুতৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ পৰিব আমচাং অভয়াৰণ্যৰ ভিতৰত। চৰকাৰী বন বিভাগৰ নথি-পত্ৰ অনুসৰি, ৰিং ৰোড প্ৰকল্পৰ বাবে আমচাঙৰ ভিতৰৰ মুঠ ৭.১২ হেক্টৰ বনভূমি চিনাক্ত কৰা হৈছে।
বন বিষয়াসকলে নিশ্চিত কৰিছে যে কেৱল আমচাং অভয়াৰণ্যৰ ভিতৰতে ২,২২৪ জোপা গছ কটা হ’ব, যিটো সমগ্ৰ প্ৰকল্পটোত কাটিবলগীয়া আনুমানিক ৪,৫০০ জোপা গছৰ এক অংশ। ইয়াৰে অন্ততঃ ২,০০০ জোপা গছ খানাপাৰা-সোণাপুৰ অংশত পৰিছে য’ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথক ছয় লেনলৈ সম্প্ৰসাৰণ কৰা হৈছে।
আমচাঙে গুৱাহাটীৰ বাবে এক গুৰুত্বপূৰ্ণ সেউজ বেষ্টনী হিচাপে কাম কৰে— যিয়ে বৰষুণৰ পানী শোষণ কৰে, পাহাৰৰ ঢাল সুস্থিৰ কৰে, চহৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে আৰু বন্যপ্ৰাণীৰ বাবে আৱাসস্থলৰ সংযোগ স্থাপন কৰে। পৰিৱেশবিদসকলে সতৰ্ক কৰি দিছে যে বনাঞ্চল অধিগ্ৰহণ, গছ কটা আৰু পাহাৰ কটাৰ সামূহিক প্ৰভাৱে এই সুৰক্ষা বেষ্টনীটোক চিৰদিনৰ বাবে দুৰ্বল কৰি পেলাব পাৰে।
ছয় লেনযুক্ত ঘাইপথ নিৰ্মাণৰ বাবে আমচাংৰ পাহাৰসমূহ বৃহৎ পৰিসৰত কেইবাটাও স্থানত কটা হ’ব। বিশেষজ্ঞসকলে সাৱধান কৰি দিছে যে ইয়াৰ ফলত পূবৰ পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ বৈ যোৱা স্বাভাৱিক জলনিৰ্গমন ব্যৱস্থা ব্যাহত হ’ব পাৰে। জলাশয় বেদখল আৰু নলা-নৰ্দমাৰ বিসংগতিৰ বাবে গুৱাহাটীয়ে ইতিমধ্যে তীব্ৰ কৃত্ৰিম বানপানীৰ সমস্যাত ভুগিছে। পাহাৰ-জলাশয় তন্ত্ৰত যিকোনো ধৰণৰ হস্তক্ষেপ কৰিলে নিম্নভূমি অঞ্চলসমূহত বানপানীৰ তীব্ৰতা বৃদ্ধি পাব পাৰে বুলি তেওঁলোকে যুক্তি দৰ্শাইছে।
প্ৰখ্যাত লেখক তথা জ্যেষ্ঠ অধিবক্তা কিশোৰ কলিতাই সতৰ্ক কৰি কয় যে গুৱাহাটীৰ পূব আৰু দক্ষিণ দিশত থকা আমচাং আৰু বাকী থকা নিৰ্মল অঞ্চলবোৰৰ অৱস্থাও দীপৰ বিলৰ দৰেই হ’ব, যিটো এটা ৰে’লপথ ইয়াৰ মাজেৰে যোৱাৰ পিছত তীব্ৰভাৱে অৱনতি ঘটিছিল। যিটো গুৱাহাটীৰ অৱশিষ্ট চহৰীয়া পৰিৱেশৰ ওপৰত এক পোনপটীয়া আক্ৰমণ। তদুপৰি পাহাৰ কটাৰ ফলত চহৰখনৰ বানপানীৰ সমস্যা আৰু ভয়াবহ হ’ব বুলি মত প্ৰকাশ কৰিছে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে।
আমচাং বন্যপ্ৰাণী অভয়াৰণ্য হাতীৰ বাবে এক গুৰুত্বপূৰ্ণ আৱাসস্থলৰ লগতে অহাযোৱা কৰা পথ । শেহতীয়া বছৰবোৰত হাতীৰ আৱাসস্থল খণ্ডিত হোৱাৰ ফলত হাতীৰ জাকবোৰ ইতিমধ্যে অভয়াৰণ্যৰ দাঁতিকাষৰী অঞ্চল আৰু চহৰীয়া এলেকা যেনে— সাতগাঁও, যোৰাবাট, নাৰেংগী আৰু ছয়মাইললৈ ওলাই আহিবলৈ বাধ্য হৈছে।
২০২৫ চনত ‘ইজৰাইল জাৰ্নেল অৱ ইক’লজী এণ্ড ইভলিউচন’ত প্ৰকাশিত (২০১৯-২০ ২০২১ চনৰ তথ্যৰ আধাৰত) এক অধ্যয়নত দেখা গৈছে যে আমচাঙৰ আশে-পাশে থকা পাঁচখন দাঁতিকাষৰী গাঁৱত লিপিবদ্ধ হোৱা মানুহ-বন্যপ্ৰাণী সংঘাতৰ ৭১ শতাংশতকৈও অধিক ঘটনা হাতীৰ দ্বাৰা সংঘটিত হয়। ইয়াৰ মূল কাৰণ হৈছে খাদ্য আৰু পানীৰ নাটনি। যদিও বেছিভাগ ক্ষেত্ৰতে মৃত্যুৰ পৰিৱৰ্তে সম্পত্তিৰ ক্ষতিহে বেছিকৈ হোৱা দেখা গৈছে যদিও এই পৰিসংখ্যাই সংকুচিত হৈ অহা বন্যপ্ৰাণীৰ বাসস্থানৰ ওপৰত পৰা ক্ৰমাগত মানসিক চাপৰ কথাকে আঙুলিয়াই দিয়ে।
বিগত কিছু বছৰত গুৱাহাটীত সঘনে বন্য হাতীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। ২০১৯ চনৰ এপ্ৰিল মাহত এটা দঁতাল হাতীয়ে আমচাঙৰ পৰা জি. এছ. ৰোডলৈ প্ৰায় ২৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল। ইয়াৰ ফলত চহৰখনৰ যাতায়ত ব্যৱস্থা ঘণ্টাৰ পিছত ঘণ্টা ধৰি স্থবিৰ হৈ পৰিছিল আৰু শেষত ১৮ ঘণ্টীয়া এক দীঘলীয়া অভিযানৰ অন্তত হাতীটোক ট্ৰেংকুলাইজ (Tranquilize) কৰি পুনৰ বনাঞ্চললৈ পঠোৱা হৈছিল।
২০১৫ চনৰ মাৰ্চ মাহত নাৰেংগী সেনা ছাউনীত বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শত আহি এজনী মাইকী হাতীৰ মৃত্যু হৈছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত আমচাঙৰ পৰা নাৰেংগী ছাউনীলৈ সোমাই অহা এটা বনৰীয়া হাতীৰ আক্ৰমণত এজন ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাইছিল। শেহতীয়াকৈ ২০২৫ চনৰ আগষ্ট মাহত এটা আঘাতপ্ৰাপ্ত মতা হাতীয়ে আমচাং–যোৰাবাট–সাতগাঁও অঞ্চলত কেইবাদিনো ধৰি ঘূৰি ফুৰি বাহনসমূহত আক্ৰমণ কৰিছিল। এনেধৰণৰ ঘটনাই তাৰ বাসিন্দা আৰু বন্যপ্ৰাণী উভয়ৰে বাবে উদ্বেগৰ সৃষ্টি কৰিছে।
বন্যপ্ৰাণী বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে এই কৰিডৰৰ মাজেৰে নিৰ্মাণ হ’বলগীয়া প্ৰস্তাৱিত তীব্ৰবেগী আৰু প্ৰৱেশ নিয়ন্ত্ৰিত ঘাইপথটোৱে হাতীৰ যাতায়ত তথা গতিবিধি আৰু অধিক বিঘ্নিত কৰিব পাৰে। ইয়াৰ ফলত দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পোৱাৰ লগতে মানুহ আৰু হাতীৰ মাজত সংঘাত তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে।
অভিনেতা তথা সংৰক্ষণ কৰ্মী অৰ্ঘদীপ বৰুৱাই আন আন্তঃগাঁথনিমূলক বিফলতাৰ সৈতে ইয়াৰ তুলনা কৰিছে। হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ মাজেৰে যোৱা ৰে’লপথত শেহতীয়াকৈ এটা বিলুপ্তপ্ৰায় মতা গিবনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এনে ঘটনাই বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা বৃহৎ ত্ৰুটিবোৰ উদঙাই দিয়ে। “ৰিং ৰোড প্ৰকল্পৰ অনুমোদনে এই বিষয়টো অধিক জটিল কৰি তুলিছে। প্ৰস্তাৱিত পথটোৱে দুটা গুৰুত্বপূৰ্ণ জলাশয়ক এফালৰ পৰা কাটি পেলাইছে—যিবোৰ জৈৱ-বৈচিত্ৰ্যৰে ভৰি থকা সত্ত্বেও সদায় অৱহেলিত হৈ ৰয়। উপযুক্ত জৈৱ-বৈচিত্ৰ্য মূল্যায়ন অবিহনে নিৰ্মাণৰ অনুমতি দিলে আমাৰ পৰিৱেশৰ অমূল্য সম্পদসমূহ চিৰদিনৰ বাবে হেৰাই যোৱাৰ সম্ভাৱনা থাকে।” বৰুৱাই লগতে এই প্ৰক্ৰিয়াত ৰাজহুৱা পৰামৰ্শৰ অভাৱৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে।
সাংবাদিক তথা বন্যপ্ৰাণী কৰ্মী মুবিনা আখতাৰে এই প্ৰকল্পক ‘পৰিৱেশ বিৰোধী অপৰাধ’ বুলি অভিহিত কৰিছে। “ইমানবোৰ পৰিৱেশ আইন থকাৰ পাছতো চৰকাৰে আমচাং অভয়াৰণ্যৰ মাজেৰে কেনেকৈ পথ নিৰ্মাণ কৰিব পাৰে? যেতিয়া ব্যৱহাৰযোগ্য বিকল্প আছে, তেতিয়া কিয় এখন বন্যপ্ৰাণী অভয়াৰণ্য বাছনি কৰা হৈছে?” বুলি আখতাৰে মত প্ৰকাশ কৰে। “পথটো সম্প্ৰসাৰণ কৰি জাগীৰোড বা নাজিৰাখাতত সংযোগ কৰিব পৰা গ’লহেঁতেন, যাৰ ফলত গছ আৰু বন্যপ্ৰাণী ৰক্ষা পৰিলহেঁতেন। ইয়াৰ পৰিৱৰ্তে চৰকাৰে দুখন বৃহৎ সংৰক্ষিত অঞ্চল ধ্বংস কৰিছে, যাৰ চৰাই, স্তন্যপায়ী প্ৰাণী, উভচৰ প্ৰাণী আৰু বন্য পৰিৱেশ তন্ত্ৰৰ ওপৰত বিধ্বংসী প্ৰভাৱ পৰিব,” বুলিও তেওঁ উল্লেখ কৰে।
কলিতাই প্ৰকল্পটোৰ সামাজিক মূল্যৰ ওপৰতো গুৰুত্ব দি সতৰ্ক কৰি দিছে যে নিৰন্তৰ আন্তঃগাঁথনি সম্প্ৰসাৰণে অৱশেষত বাকী থকা নিৰ্মল অঞ্চলবোৰত বাস কৰা থলুৱা আৰু জনজাতীয় লোকসকলক উচ্ছেদ কৰিব। “নগৰীকৰণ আৰু ঔদ্যোগীকৰণৰ ফলত জনজাতীয় লোকসকল প্ৰথমে উচ্ছেদিত হৈছিল। ৰিং ৰোডৰ পাছত, এই অঞ্চলবোৰত এতিয়াও বাস কৰি থকা লোকসকল অৱশেষত নোহোৱা হৈ যাব কাৰণ তাৰ পাছতে ডাঙৰ নিৰ্মাণ আৰু ৰিয়েল এষ্টেট কোম্পানীসমূহ আহিব,” বুলিও তেওঁ উল্লেখ কৰে।
লক্ষ্যনীয়ভাৱে বৰ্ধিত উদ্বেগৰ মাজতো আমচাঙৰ ভিতৰত গছ কটাৰ নিবিদা ইতিমধ্যে আমন্ত্ৰণ কৰা হৈছে। ইয়াৰপৰা এটা কথা স্পষ্ট হৈ পৰিছে যে অতি সোনকালে বৃহৎ পৰিসৰত বন ধ্বংস আৰম্ভ হ’ব। ৭.১২ হেক্টৰ সংৰক্ষিত বনাঞ্চল নিৰ্মান কাৰ্যত ব্যৱহাৰৰ কৰাৰ সিদ্ধান্ত আৰু অভয়াৰণ্যৰ ভিতৰৰ ২,২০০ তকৈও অধিক গছ বনধ্বংসৰ ফলত হ’বলগীয়া ক্ষতিৰ গুৱাহাটীৰ প্ৰাকৃতিক ভাৰসাম্য চিৰদিনৰ বাবে বিঘ্নিত কৰাৰ সম্ভাৱনা আছে।





