অভিনেত্ৰী কৃতি শেননক লৈ নিৰ্মাণ কৰা ৰক্ষা বন্ধনৰ বিজ্ঞাপনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ বিতৰ্কৰ মাজতে গহনা সংস্থা GIVA-ই বিজ্ঞাপনটো সকলো মাধ্যমৰ পৰা আঁতৰাই লৈছে। ২০ আগষ্টত প্ৰকাশ পোৱা বিজ্ঞাপনটোক লৈ সামাজিক মাধ্যমত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল প্ৰতিষ্ঠানটো।
বিজ্ঞাপনটোত কৃতি শেননে পৰিধান কৰা কাপোৰক লৈ একাংশ লোক সৰৱ হৈ পৰিছিল। তেওঁলোকৰ অভিযোগ আছিল, ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ সৈতে জড়িত ৰক্ষা বন্ধনৰ দৰে উৎসৱৰ বাবে অভিনেত্ৰীগৰাকীৰ পোছাক উপযুক্ত নহয়। আন একাংশই এই বিজ্ঞাপনে হিন্দু পৰম্পৰা আৰু ধৰ্মীয় অনুভূতিক অৱমাননা কৰা বুলিও অভিযোগ উত্থাপন কৰিছিল।
এই বিতৰ্কৰ পাছত বুধবাৰে ইনষ্টাগ্ৰামত এক বিবৃতি প্ৰকাশ কৰি GIVA-ই ভাৰতীয় সংস্কৃতি, পৰম্পৰা আৰু উৎসৱৰ প্ৰতি নিজৰ গভীৰ সন্মান থকাৰ কথা স্পষ্ট কৰে। প্ৰতিষ্ঠানটোৱে জনায় যে পৰিয়ালৰ সৈতে ৰক্ষা বন্ধনৰ উৎসৱ উদযাপনৰ লগতে পোহনীয়া জন্তুকো এই আনন্দৰ অংশ কৰাৰ উদ্দেশ্যেৰে বিজ্ঞাপনটো প্ৰস্তুত কৰা হৈছিল।
GIVA-ই লগতে কয় যে বিজ্ঞাপনটোৰ জৰিয়তে সমাজৰ কাৰোৰে আবেগ অনুভূতিত আঘাত দিয়াটো তেওঁলোকৰ উদ্দেশ্য নাছিল। কিন্তু বিজ্ঞাপনটোক লৈ যদি কোনো লোকৰ অনুভূতিত আঘাত লাগিছে তেন্তে তাৰ প্ৰতি সন্মান জনাই বিজ্ঞাপনটো সকলো মাধ্যমৰ পৰা আঁতৰাই লোৱা হৈছে বুলি প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে।
ইফালে এই বিতৰ্কক লৈ বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱটেও ইনষ্টাগ্ৰামত এক পোষ্ট প্ৰকাশ কৰে। যদিও পোষ্টটোত কৃতি শেননৰ নাম পোনপটীয়াকৈ উল্লেখ কৰা নাছিল, তথাপি তেওঁৰ বক্তব্যক চলিত বিতৰ্কৰ সৈতে জড়িত বুলি ধৰা হৈছে।
আনহাতে, কৃতি শেননে নিজেই বিজ্ঞাপনটোৰ সমৰ্থনত মাত মাতিছে। অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত হোৱা ট্ৰলিঙৰ সমালোচনা কৰি কয় যে উৎসৱসমূহক কেৱল কোনো ব্যক্তিয়ে কি পোছাক পিন্ধিছে সেই বিতৰ্কৰ মাজতে সীমাবদ্ধ কৰি ৰখা উচিত নহয়।
ৰক্ষা বন্ধনৰ দৰে পৰম্পৰাগত উৎসৱক লৈ সৃষ্টি হোৱা এই বিতৰ্কই পুনৰ এবাৰ বিজ্ঞাপন, পোছাক, সংস্কৃতি আৰু ব্যক্তিগত পছন্দক লৈ সমাজত চলি থকা মতভেদকেই পোহৰলৈ আনিছে।





