বান সাহায্য বিতৰণক কেন্দ্ৰ কৰি শিৱসাগৰত বিধায়ক অখিল গগৈ আৰু বিজেপিৰ মাজৰ ৰাজনৈতিক সংঘাত অধিক তীব্ৰ হৈ পৰিছে। অখিল গগৈৰ বিৰুদ্ধে বিজেপিৰ বিভিন্ন সংগঠনে পৃথকে পৃথকে ৮খন এজাহাৰ দাখিল কৰিছে। বিজেপিৰ অভিযোগ, বিধায়কগৰাকীয়ে দলটোৰ কৰ্মীসকলক ভাবুকি দিয়াৰ লগতে উচটনিমূলক মন্তব্য কৰিছে।
সোমবাৰে শিৱসাগৰ থানাত বিজেপিৰ যুৱ মৰ্চা, চাহ মৰ্চা, মহিলা মৰ্চা, সংখ্যালঘু কোষ, অনুসূচিত জাতি মৰ্চা, অনুসূচিত জনজাতি মৰ্চা আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চাৰ ফালৰ পৰা এই এজাহাৰসমূহ দাখিল কৰা হয়। বিজেপিৰ সংগঠনসমূহে অভিযোগ কৰে যে বান সাহায্য সামগ্ৰী বিতৰণত দলীয় কৰ্মীসকলৰ অংশগ্ৰহণক লৈ অখিল গগৈয়ে কৰা মন্তবই তেওঁলোকক ভাবুকিৰ ইংগিত দিছে।
এই ঘটনাৰ পূৰ্বেও বিজেপিৰ কৰ্মীসকলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পৰা তেওঁৰ মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ দাবী জনাইছিল। এতিয়া ৮খন এজাহাৰ দাখিল হোৱাৰ পাছত সমগ্ৰ বিষয়টোৱে নতুন ৰাজনৈতিক ৰূপ লাভ কৰিছে।
ইফালে, শিৱসাগৰ সমষ্টিত বানত ক্ষতিগ্ৰস্ত লোক আৰু বিদ্যালয়সমূহত সাহায্য বিতৰণৰ পদ্ধতিক লৈ অখিল গগৈয়ে ধাৰাবাহিকভাৱে চৰকাৰ আৰু প্ৰশাসনক সমালোচনা কৰি আহিছে। ক্ষতিগ্ৰস্ত লোকসকলে সময়মতে চৰকাৰী সাহায্য লাভ কৰা নাই বুলি তেওঁ অভিযোগ উত্থাপন কৰি আহিছে। বান পৰিস্থিতিৰ মাজতে সাহায্য বিতৰণত অনিয়ম আৰু গাফিলতিৰ অভিযোগক লৈ বিধায়কগৰাকীৰ সৰৱ ভূমিকাই বিষয়টো অধিক উত্তপ্ত কৰি তুলিছে।
আনহাতে, বিজেপি নেতাসকলে অভিযোগ কৰিছে যে অখিল গগৈয়ে বান পৰিস্থিতিক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি শাসকীয় দলৰ কৰ্মী আৰু নেতাসকলক লক্ষ্য কৰি লৈছে। শিৱসাগৰত অনুষ্ঠিত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যিক সম্পাদক লক্ষী কোঁৱৰে অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে।
লক্ষী কোঁৱৰে অভিযোগ কৰে যে অখিল গগৈয়ে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই, ডিমৌৰ বিধায়ক তথা মন্ত্ৰী সুশান্ত বৰগোহাঁই, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু অভিভাৱক মন্ত্ৰী বিমল বৰাৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে। তেওঁৰ মতে, এনে অভিযোগৰ দ্বাৰা বিজেপিৰ নেতাসকলৰ ভাবমূৰ্তি নষ্ট কৰাৰ চেষ্টা কৰা হৈছে।
ইয়াৰ উপৰি, বিহুবৰ-নাগিনীমৰা অঞ্চলত চলি থকা বুলি অভিযোগ উঠা অবৈধ কয়লা আৰু শিল খননৰ বিষয়টো উত্থাপন কৰি অখিল গগৈয়ে বিজেপিৰ নেতাসকলৰ বিৰুদ্ধে কৰা অভিযোগক লৈও বিজেপিয়ে তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। দলটোৰ দাবী, এই অভিযোগসমূহৰ উদ্দেশ্য হৈছে বিজেপিৰ নেতাসকলক বদনাম কৰা।
বান সাহায্যক লৈ শিৱসাগৰ জিলাৰ উপায়ুক্ত মৃদুল যাদৱৰ সৈতে অখিল গগৈৰ হোৱা বাক-বিতণ্ডাক লৈও বিজেপিয়ে বিধায়কগৰাকীক সমালোচনা কৰিছে। দলটোৰ নেতাসকলে অভিযোগ কৰে যে আলোচনা চলি থকাৰ সময়ত অখিল গগৈয়ে ৰাজহুৱাভাৱে উপায়ুক্তগৰাকীক ধমক দিছিল। এই ঘটনাৰ দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছত বিষয়টো অধিক চৰ্চিত হৈ পৰে।
বান সাহায্যক লৈ আৰম্ভ হোৱা বিতৰ্ক এতিয়া শিৱসাগৰত অখিল গগৈ আৰু বিজেপিৰ মাজৰ এক ডাঙৰ ৰাজনৈতিক সংঘাতত পৰিণত হৈছে। একে সময়তে ৮খন এজাহাৰ দাখিল হোৱাত এই সংঘাতে আৰু কিমান দূৰ গতি লয়, সেই লৈ এতিয়া শিৱসাগৰৰ ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।





